Chapter 12

অনুশীলনী-১২ (ক)

১। তলৰ কোনকেইটা বছৰ লিপইয়েৰ নিৰ্ণয় কৰা—

ক) ২০০২

খ) ২০০৪

গ) ২০১০

ঘ) ২০১৮

ঙ) ২০২৪

২। তাৰিখবোৰ সংখ্যাত লিখা

ক) ৩০ জুলাই ২০২০                                     উত্তৰঃ৩০-০৭-২০২০

(খ) ১২ আগষ্ট ২০২১

গ) ২০২১ চনৰ ৫ নৱেম্বৰ

ঘ) ২০২০ চনৰ নৱেম্বৰ মাহৰ ১৪ তাৰিখ

ঙ) ২০২১ চনৰ ১৪ মার্চ

৩।       ৪ এপ্ৰিলৰ পৰা ১৮ জুনলৈ (একে বছৰ) কিমান দিন?

৪।        ৭ জুলাইৰ পৰা ৭ ডিচেম্বৰলৈ (একে বছৰ) কিমান দিন?

৫।       ২০২০ চনৰ ১৮ জানুৱাৰীৰ পৰা সেই বছৰৰ ১০ জুনলৈ কিমান দিন গণনা কৰা।

৬।       ১৫-০৪-২০২১ তাৰিখৰ পৰা ১৮০ দিন পিছত কি মাহ হ’ব নিৰ্ণয় কৰা।

৭।        ২০ নৱেম্বৰৰ পৰা ১৫০ দিন পিছত কি মাহ হ’ব নিৰ্ণয় কৰা।

৮।       ১০ অক্টোবৰৰ পৰা ১৩০ দিন পিছত কি মাহৰ কি তাৰিখ হ’ব নিৰ্ণয় কৰা। ৯। কিমান দিন হ’ব নিৰ্ণয় কৰাঃ (১ বছৰত ৩৬৫ দিন, ১ মাহত ৩০ দিন ধৰিবা)

ক) ২ সপ্তাহ

খ) ৫ সপ্তাহ

গ) ৪ সপ্তাহ ৩ দিন

ঘ) ৬ সপ্তাহ ৬ দিন

ঙ) ৩ মাহ

চ) ৩ মাহ ২ সপ্তাহ

ছ) ২ মাহ ২ সপ্তাহ ২ দিন

জ)২ মাহ ৩ সপ্তাহ ৪ দিন

ঝ) ১ বছৰ ৩ মাহ ৫ দিন

ঞ) ১ বছৰ ২ মাহ ২ সপ্তাহ ৩ দিন

১০।      ১২৫ দিনত কিমান মাহ কিমান দিন হ’ব ? (১ মাহত ৩০ দিন ধৰিবা)

১১।      ১৩৭ দিনত কিমান মাহ কিমান সপ্তাহ কিমান দিন হ’ব নিৰ্ণয় কৰা। (১ মাহত ৩০ দিন ধৰিবা)

১২।      এটা ঔষধৰ বটলত প্ৰস্তুত কৰা তাৰিখ ০৪/২০২০ আৰু ম্যাদ উকলা তাৰিখ ১০/২০২১ বুলি উল্লেখ কৰা আছে। বটলটোৰ ঔষধখিনি ২০২১ চনৰ জানুৱাৰী মাহত নিৰাপদে ব্যৱহাৰ কৰিব পৰা যাবনে? প্রায় কিমান মাহ ঔষধটো নিৰাপদে ব্যৱহাৰ কৰিব পাৰি?



Type Bikash Bora