Chapter 9 

অনুশীলনী-৯


১।        কিছুমান ত্ৰিভুজৰ বাহুৰ দীঘ দিয়া আছে। প্ৰতিটোৰে

 পৰিসীমা নির্ণয় কৰা—

ক) বাহু তিনিটাৰ দীঘ ক্ৰমে ৪ ছেমি, ৭ ছেমি, ৫ ছেমি

খ) কখগ ত্ৰিভুজৰ কখ বাহু = ৫ ছেমি, খগ বাহু = ৪ ছেমি,

কগ বাহু = ৬ ছেমি

২।        এটা ত্ৰিভুজৰ পৰিসীমা ২৫ ছেমি। ত্ৰিভুজটোৰ দুটা

 বাহুৰ দীঘ ক্ৰমে ৭ ছেমি আৰু ৯ ছেমি। তৃতীয় বাহুটোৰ দীঘ কিমান?


৩।       এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ দীঘ ৭ ছেমি।

 ত্ৰিভুজটোৰ পৰিসীমা কিমান?


৪।        কখগ সমদ্বিবাহু ত্ৰিভুজটোৰ ‘কখ’ৰ দীঘ = ‘কগ’ৰ দীঘ।

 যদি 'কখ'ৰ দীঘ= ৬ ছেমি আৰু ‘খগ’ৰ দীঘ = ৫ ছেমি তেন্তে

 ত্রিভুজটোৰ পৰিসীমা কিমান?

৫।       কেইটামান আয়তৰ দীঘ আৰু প্ৰস্থ দিয়া আছে।

 প্ৰতিটোৰে পৰিসীমা আৰু কালি নিৰ্ণয় কৰা।

ক) দীর্ঘ = ৬ ছেমি,                 প্রস্থ = ৪ ছেমি

খ) দীঘ = ১০ ছেমি,                প্রস্থ = ৭ ছেমি

গ) দীর্ঘ = ১১ ছেমি,                 প্রস্থ = ৯ ছেমি

ঘ) দীর্ঘ = ১২ ছেমি,                প্রস্থ = ১০ ছেমি


৬।       বৰ্গৰ দীঘ দিয়া আছে। প্ৰতিটোৰে পৰিসীমা আৰু কালি উলিওৱা

ক) বাহুৰ দীঘ = ৪ ছেমি

খ) বাহুৰ দীঘ = ৭ ছেমি

গ) বাহুৰ দীঘ = ৬ ছেমি

ঘ) বাহুৰ দীঘ = ৯ ছেমি


৭।        এটা আয়তৰ প্ৰস্থ ৭ ছেমি আৰু পৰিসীমা ৩৬ ছেমি। আয়তটোৰ দীঘ কিমান?


৮।       এটা আয়তৰ দীঘ ১২ ছেমি আৰু পৰিসীমা ৪০ ছেমি। আয়তটোৰ প্ৰস্থ কিমান?


Type Bikash Bora