পাঠ ১১
পৰিমিতি
অনুশীলনী 11(A)
1. আয়তৰ কালি নিৰ্ণয় কৰা যাৰ 一
(a) দীঘ = 8 মিটাৰ 50 চেমি প্ৰস্থ = 6 মিটাৰ
উত্তৰঃ আয়তটোৰ কালি = দীঘ × পৰ্স্থ = 8.50 মিটাৰ × 6 মিটাৰ = 51 বৰ্গ মিটাৰ
(b) দীঘ = 7.23 মিটাৰ প্ৰস্থ = 5.71 মিটাৰ
উত্তৰঃ আয়তটোৰ কালি = দীঘ × প্ৰস্থ = 7.23 মিটাৰ × 5.71 মিটাৰ = 41.29 বৰ্গ মিটাৰ
2. বৰ্গৰ কালি নিৰ্ণয় কৰা যাৰ
(a) দীঘ = 3 মিটাৰ 40 চেমি
উত্তৰঃ বৰ্গটোৰ কালি = 3.40 মিটাৰ × 3.40 মিটাৰ = 11.56 বৰ্গ মিটাৰ
(b) দীঘ = 5.20 মিটাৰ
উত্তৰঃ বৰ্গটটোৰ কালি = 5.20 মিটাৰ × 5.20 মিটাৰ = 27.04 বৰ্গ মিটাৰ
3. এটা কোঠালিৰ দীঘ 6 মিটাৰ 25 চেমি আৰু প্ৰস্থ 5 মিটাৰ 75 চেমি। নিৰ্ণয় কৰা 一
(a) কোঠালিটোৰ মজিয়াৰ কালি।
উত্তৰঃ দীঘ × প্ৰস্থ = 6.25 মিটাৰ × 5.75 মিটাৰ = 35.94 বৰ্গ মিটাৰ
(b) প্ৰতি বৰ্গমিটাৰত 30 টকাকৈ মজিয়াৰ টাইলচ লগোৱাৰ খৰচ।
উত্তৰঃ
∵মজিয়াখনৰ কালি = 35.94 বৰ্গ মিটাৰ
∴ মজিয়াখনৰ টাইলচ লগোৱাৰ খৰচ হ'ব = 35.94 × 30 = 1078.2 টকা
4. এখন বৰ্গাকাৰ পথাৰ আৰু এখন আয়তাকাৰ পথাৰৰ কালি সমান। যদি বৰ্গাকাৰ পথাৰখনৰ দীঘ 60 মিটাৰ আৰু আয়তাকাৰ পথাৰখনৰ দীঘ 90 মিটাৰ হয় তেন্তে আয়তাকাৰ পথাৰখনৰ প্ৰস্থ নিৰ্ণয় কৰা।
উত্তৰঃ বৰ্গাকাৰ পথাৰ খনৰ কালি
= দীঘ × দীঘ
= 60 মিটাৰ × 60 মিটাৰ
= 3600 বৰ্গ মিটাৰ
আকৌ আয়তাকাৰ পথাৰখনৰ দীঘ = 90 মিটাৰ আৰু কালি = 3600 বৰ্গ মিটাৰ
∴ আয়তাকাৰ পথাৰখনৰ প্ৰস্থ = 40 মিটাৰ
5. এখন আয়তাকাৰ বাগিছাৰ দীঘ 60 মিটাৰ 60 মিটাৰ আৰু প্ৰস্থ 50 মিটাৰ। 2 মিটাৰ বহলৰ ৰাস্তা দুটাই সোঁমাজেৰে বাগিছাখনক সমানে চাৰিটা ভাগত ভগাইছে। প্ৰতিটো ভাগৰ কালি নিৰ্ণয় কৰা।