পাঠ ১৫
গোটা আকৃতিৰ দৃশ্য়মান
অনুশীলনী 15.1


1. তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণী বিভাগ কৰা 一
গোলক, বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক, চতুৰ্ভুজ, জুইশলা বাকচ
উত্তৰঃ 
দ্বিমাত্ৰিক বস্তুবোৰ হৈছেঃ বৃত্ত, আয়ত আৰু চতুৰ্ভূজ।
ত্ৰিমাত্ৰিক বস্তুবোৰ হৈছেঃ গোলক, পিৰামিড, পেঞ্চিল বাকচ, মাৰ্বল, ঘনক আৰু জুইশলা বাকচ।


2. কাষ আৰু শীৰ্ষবিন্দু নথকা তিনিটা গোটা বস্তুৰ নাম লিখা।
উত্তৰঃ কাষ আৰু শীৰ্ষবিন্দু নথকা তিনিটা গোটা বস্তু হৈছে 一 গোলক, মাৰ্বল আৰু ফুটবল।


3. এটা শংকুত কেইটা শীৰ্ষবিন্দু থাকে?
উত্তৰঃ এটা শংকুত এটা শীৰ্ষবিন্দু থাকে।