সপ্তম অধ্যায় 

খ্ৰীঃ ষষ্ঠদশ আৰু সপ্তদশ শতিকাৰ আৰম্ভণিৰ অসম

অতি চমু প্ৰশ্ন 

১। চুহুংমুং ৰজা কিহৰ বাবে বিখ্যাত ।

উত্তৰঃ চুহুংমুং ৰজাৰ ৰাজত্বকাল আহোম ৰাজ্য সম্প্ৰসাৰণৰ বাবে বিখ্যাত ।


২। হিন্দুধৰ্মমতে চুহুংমুংৰ উপাধি কি আছিল ।

উত্তৰঃ হিন্দুধৰ্মমতে চুহুংমুংৰ উপাধি হল স্বৰ্গনাৰায়ণ ।


৩। প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰা ৰজাজনৰ নাম হল চুহুংমুং বা দিহিঙ্গিয়া ৰজা ।


৪। চুহুমুং ৰজাৰ দিনত ৰচিত হোৱা অসমীয়া ভাষাৰ বুৰঞ্জীখনৰ নাম কি ।

উত্তৰঃ চুহুমুং ৰজাৰ দিনত ৰচিত হোৱা অসমীয়া ভাষাৰ বুৰঞ্জীখনৰ নাম হল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকতা ।


৫। চুহুমুংক কিয় দিহিঙ্গিয়া ৰজা নামেৰে জনা যায় ।

উত্তৰঃ দিহিঙৰ পাৰৰ বকতালৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল । সেইকাৰণে তেওঁক দিহিঙ্গিয়া ৰজা নামেৰে জনা যায় ।  


৬। চুহুংমুংৰ ৰাজত্বকালৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য লিখা ।

উত্তৰঃ চুহুংমুংৰ ৰাজত্বকালৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হল 

ক) হিন্দু ধৰ্মমতে চুহুংমুংঙে স্বৰ্গনাৰায়ণ উপাধি লৈছিল ।

খ)  পূৰ্বপুৰুষসকলৰ দৰে শিঙৰী ঘৰত উঠি ৰাজ-অভিষেক পালন কৰিছিল ।

গ) নিজৰ নামত মোহৰ মৰাইছিল ।

ঘ) প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল । এইজনা ৰজাৰ দিনৰ পৰাই আহোমসকলে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰে ।

ঙ) আহোম ৰাজবংশত হিন্দুধৰ্মৰ প্ৰভাৱ বৃদ্ধি পাইছিল । তেওঁৰ দিনতেই আৰ্যদেৱতা ইন্দ্ৰৰ আহোমসকলৰ আতিগুৰি সম্পৰ্কীয় কাহিনীৰ লগত সংযোজিত কৰা হৈছিল ।

চ) আহোম বছৰ গণনাৰ পদ্ধতিৰ সলনি শকাব্দৰ সহায়ত বছৰ গণনা আৰম্ভ হৈছিল ।

ছ) শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা নামৰ প্ৰথমখন অসমীয়া ভাষাৰ বুৰঞ্জী ৰচিত হৈছিল ।

জ) দিহিঙৰ পাৰৰ বকতালৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল । সেইবাবে এইজন ৰজাক দিহিঙিয়া ৰজা বুলি কোৱা হয় ।


৭। কিমান খ্ৰীঃত নগাসকলে বিদ্ৰোহ কৰিছিল ।

উত্তৰঃ ১৫০৪ খ্ৰীঃত নগাসকলে বিদ্ৰোহ কৰিছিল ।


৮। আহোম আৰু নগাসকলৰ মাজত হোৱা সন্ধিৰ প্ৰধান চৰ্তসমূহ কি আছিল ।

উত্তৰঃ আহোম আৰু নগাসকলৰ মাজত মাজত হোৱা সন্ধিৰ প্ৰধান চৰ্তসমূহ হল 

ক) নগা মুখিয়ালৰ জীয়েকক আহোম ৰজালৈ দিব ।

খ) চাৰিটা হাতী আহোম ৰজাক দিব ।

গ) বছৰি কিছুমান যুদ্ধৰ আহিলা আহোম ৰজাক দিব ।


৯। চুহুংমুংৰ সমসাময়িক চুতীয়া ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ চুহুংমুংৰ সমসাময়িক চুতীয়া ৰজাজনৰ নাম হল ধৰ্মনাৰায়ণ 

১০। কিমান খ্ৰীঃত চুতীয়া ৰজা ধৰ্মনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে ।

উত্তৰঃ ১৫১৩ খ্ৰীঃত চুতীয়া ৰজা ধৰ্মনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে ।


১১। চুতীয়াসকলক পৰাস্ত কৰাৰ পিছত আহোমলসকলে পতা উৎসৱটোৰ নাম কি আছিল ।

উত্তৰঃ চুতীয়াসকলক পৰাস্ত কৰাৰ পিছত আহোমসকলে পতা উৎসৱটোৰ নাম হল ৰিকখবান উৎসৱ 

১২। কছাৰীসকলৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ কছাৰীসকলৰ ৰাজধানীৰ নাম হল ডিমাপুৰ ।


১৩। কছাৰীসকলৰ কৰতলীয়া ৰজাজনৰ নাম কি আছিল।

উত্তৰঃ কছাৰীসকলৰ কৰতলীয়া ৰজাজনৰ নাম হল ডেটছুং ।


১৪। কছাৰী ৰাজ্য শাসন কৰিবৰ বাবে চুহুংমুংঙে কি পদবী সৃষ্টি কৰিছিল ।

উত্তৰঃ কছাৰী ৰাজ্য শাসন কৰিবৰ বাবে চুহুংমপঙে সৃষ্টি কৰা পদবীটোৰ নাম হল মৰঙীখোঁৱা গোহাই ।


১৫। চুহুংমুংৰ সমসাময়িক কোচ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ চুহুংমুংৰ সমসাময়িক কোচ ৰজাজনৰ নাম হল বিশ্বসিংহ ।


১৬। চুহুংমুংৰ সমসাময়িক উৰিষ্যাৰ ৰজা কোন আছিল ।

উত্তৰঃ চুহুংমুংৰ সমসাময়িক উৰিষ্যাৰ ৰজাজনৰ নাম হল প্ৰতাপ সিংহ ।


১৭। স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম কি আছিল ।

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম আছিল চুচেংফা ।


১৮। প্ৰতাপ সিংহক আৰু কি নামেৰে জনা যায় ।

উত্তৰঃ বুঢাকালত ৰজা হোৱাৰ কাৰণে এওঁক বুঢ়া ৰজা বুলিও কোৱা হয় ।


১৯। স্বৰ্গদেউ প্ৰতাপ সিংহৰ প্ৰধান কাৰ্যাৱলীসমূহ কি আছিল ।

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ প্ৰধান কাৰ্যাৱলীসমূহ হল কক

ক) কছাৰী ৰজাৰ লগত যুদ্ধ ।

খ) কোচৰ লগত সম্পৰ্ক ।

গ) আহোম-মোগল সংঘৰ্ষ ।

ঘ) গঠনমূলক কাৰ্যাৱলী ।


২০। প্ৰতাপ সিংহৰ গঠনমূলক কাৰ্যাৱলীৰ বিষয়ে লিখা ।

উত্তৰঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ আঠত্ৰিশ বছৰীয়া শাসনকাল সুশৃংখল প্ৰশাসন ব্যৱস্থা, বিদ্ৰোহ দমন আৰু গঠনমূলক কাৰ্যাৱলীৰ বাবে বিখ্যাত । প্ৰতাপ সিংহৰ এক উল্লেখযোগ্য কাৰ্য আছিল পিয়ল ব্যৱস্থা । তেওঁ প্ৰজাৰ মুঠ সংখ্যা আৰু তেওঁলোকৰ অৱস্থাৰ বুজ লবলৈ পিয়লৰ ব্যৱস্থা কৰিছিল । তেওঁ ঘন বসতিপূৰ্ণ এলেকা, অভয়াপুৰ, দিহিং আৰু নামদাঙৰ পৰা চাৰিশঘৰ মানুহ স্থানান্তৰিত কৰি কছাৰী ৰাজ্যৰ সীমা মৰঙীত বহুৱাইছিল । সেইদৰে নামনি অসমৰ ঘনবসতিপূৰ্ণ অঞ্চলৰ পৰা মানুহ আনি উজনিৰ পাতল বসতিপূৰ্ণ  অঞ্চলত বহুৱাইছিল । এই কাৰ্যৰ দ্বাৰা প্ৰজাৰ মাজত মিলা-প্ৰীতি বৃদ্ধি পাইছিল । প্ৰতাপ সিংহৰ অন্য এক গঠনমূলক কাৰ্য আছিল নতুন পদবীৰ সৃষ্টি । কলিয়াবৰ অঞ্চল শাসন কৰিবৰ বাবে তেওঁ বৰফুকন নামৰ এক নতুন পদৰ সৃষ্টি কৰিছিল । তদুপৰি ৰজাৰ ইচ্ছা আৰু আদেশ কাৰ্যকৰী কৰিবৰ কাৰণে বৰবৰুৱা, জাগিয়াল গোহাই, কাজলীমূলীয়া গোহাই, ৰহিয়াল বৰুৱা আদি পদৰ সৃষ্টি কৰিছিল । খেল প্ৰথাৰ প্ৰচলন প্ৰতাপ সিংহৰ সামাজিক তথা অৰ্থনৈতিক জীৱনলৈ এক উল্লেখযোগ্য অৱদান । তেওঁ প্ৰজাসকলক খেল অনুসৰি ভাগ কৰি একোজন মুৰব্বী ঠিক কৰি দিছিল । এই খেল বা পাইক প্ৰথা অনুসৰি ৰাজ্যৰ পোন্ধৰ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সৰ প্ৰতিজন মুনিহ প্ৰজাক পাইক বোলা হৈছিল । চাৰিজন পাইক লগ-লগাই একোটা গোট গঠন কৰা হৈছিল । প্ৰতিটো গোটৰ প্ৰত্যোকজন পাইকে বছৰৰ তিনি বা চাৰি মাহ ৰজাঘৰত বিনামূলীয়াকৈ খাটি দিব লাগিছিল । তাৰ বিনিময়ত তেওঁলোকক খেতি কৰিবৰ বাবে মাটি দিয়া হৈছিল । কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰিবৰ বাবে কেবাটাও গোটক একত্ৰিত কৰি একোটা খেলৰ সৃষ্টি কৰা হৈছিল । প্ৰতি বিশজন পাইকৰ ওপৰত এজন বৰা, এশজনৰ ওপৰত এজন শইকীয়া, এহেজাৰজনৰ ওপৰত এজন হাজৰিকা, তিনি হেজাৰজনৰ ওপৰত এজন ৰাজখোৱা, আৰু ছহেজাৰজনৰ ওপৰত এজন ফুকনৰ পদমৰ্যাদা দিয়া হৈছিল ।

আহোম ৰাজ্যৰ দাতি-কাষৰীয়া পৰ্বতীয়া জনজাতিসকলে মাজে-সময়ে আহোম ৰাজ্যত আহি উপদ্ৰৱ চলাইছিল । এই উপদ্ৰৱ কমাবলৈ প্ৰতাপ সিংহই কটকী নিয়োগ কৰিছিল । আহোম ৰজাই এই কটকীসকলৰ জৰিয়তে নগা, মিৰি, আৰু ডফলাসকলৰ লগত সম্পৰ্ক কৰিছিল । নতুন নগৰ প্ৰতিষ্ঠাৰ দ্বাৰা প্ৰতাপ সিংহই আহোম ৰাজ্যৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল । তেওঁ অভয়পুৰ, আৰু মথুৰাপুৰ নামৰ দুখন নতুন নগৰ প্ৰতিষ্ঠা কৰিছিল । আহোম ৰাজ্যৰ সুৰক্ষাৰ বাবে গড় মৰোৱা, কাৰ্য প্ৰতাপ সিংহৰ অন্য এক অৱদান । তেওঁ ৰাজধানী গড়গাওঁ আৰু জমিৰগুৰি নগৰৰ চাৰিওফালে গড় মৰাইছিল । আহোম ৰাজ্যক বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ মহঙৰ গড়, চিনাতলী গড়, ৰাজগড়, লাহদৈ গড়, কোটোহা গড়, লখৌ গড় আদি গড় মৰোৱাইছিল । 


২১। কিমান খ্ৰীঃৰ পৰা আহোম-আৰু মোগলৰ সংঘৰ্ষ হৈছিল ।

উত্তৰঃ ১৬১৬ খ্ৰীঃৰ পৰা ১২৩৯ খ্ৰীঃলৈ আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ হৈছিল । 


২২। আহোম আৰু মোগলৰ সংঘৰ্ৰ প্ৰধান কাৰণসমূহ কি আছিল ।

উত্তৰঃ আহোম আৰু মোগলৰ সংঘৰ্ষৰ প্ৰধান কাৰণসমূহ হল

ক) কোচ ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি ।

গ) বাণিজ্যিক কাৰণ ।

ঘ) বলীনাৰায়ণক আহোম ৰাজ্যত আশ্ৰয়দান ।

ঙ) সীমা বিবাদ ইত্যাদি ।


২৩। আহোম-মোগলৰ যুদ্ধৰ বিষয়ে লিখা ।

উত্তৰঃ চুচেংফা বা স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছিল । প্ৰথম পৰ্যায়ত এই আহোম-মোগল সংঘৰ্ষ খ্ৰীঃ ১৬১৬ ৰ পৰা ১৬৩৯ লৈ চলিছিল । এই সংঘৰ্ষৰ প্ৰধান কাৰণ আছিল 

ক) কোচ ৰাজ্যৰ আভ্যন্তৰীণ পৰিস্থিতি ।

খ) মোগলৰ সম্প্ৰসাৰণ নীতি ।

গ) বাণিজ্যিক কাৰণ ।

ঘ) বলীনাৰায়ণক আহোম ৰাজ্যত আশ্ৰয়দান ।

ঙ) সীমা-বিবাদ ইত্যাদি ।

কোচ ৰাজ্যত উদ্ভৱ হোৱা ৰাজনৈতিক পৰিস্থিতিয়ে আহোম আৰু মোগলৰ মাডত মুখামুখি সংঘৰ্ষৰ সৃষ্টি কৰিছিল । কাৰণ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত কোচ ৰাজ্যৰ অৱস্থিতি আছিল । খ্ৰীঃ ষষ্ঠদশ শতিকালৈকৈ বংগদেশলৈকে অঞ্চলবোৰত মোগলৰ আধিপত্য বিস্তাৰ হৈছিল । আনহাতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকল শক্তিশালী আছিল । সেই সময়ত এই দুই শক্তিৰ মাজত থকা কোচসকলো শক্তিশালী হৈ থকাত আহোম আৰু মোগলৰ মাজত প্ৰত্যক্ষ সংযোগ নাছিল । পাছলৈ কোচ ৰাজ্যখন দুৰ্বল হৈ অহাৰ উপৰি খ্ৰীঃ ১৫৮১ ত  কোচ ৰাজ্যখন দ্বি-খণ্ডিত হৈ পৰে ।    ইয়াৰে পশ্চিমফালে থকা অঞ্চলটো কোচবিহাৰ আৰু পূবফালৰ অংশটো কোচ হাজো বা কামৰূপ নামেৰে পৰিচিত হয় । কোচবিহাৰৰ নৰনাৰয়ণৰ বংশৰ ৰজা লক্ষ্মীনাৰায়ণে মোগলৰ লগত সু-সম্পৰ্ক বজাই ৰাখিছিল । আনহাতে কোচ হাজোৰ শাসক চিলাৰায়ৰ বংশধৰ পৰীক্ষিত নাৰায়ণে আহোমৰ লগ হৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল । খ্ৰীঃ  ১৬০৯ত  কোচবিহাৰ ৰাজ্যখন মোগলৰ কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয় । ইয়াৰ কিছুদিন পাছতেই বংগৰ মোগল শাসক ইছলাম খানৰ নিৰ্দেশত মুক্ৰামখানে কোচবিহাৰৰ মাজেদি আহি ৰাজ্য দখল কৰে । ইয়াৰ ফলত সমগ্ৰ কোচ ৰাজ্য মোগলৰ অধীনলৈ যায় আৰু মোগল ৰাজ্যৰ সীমাই আহোম ৰাজ্যৰ সীমা স্পৰ্শ কৰে । খ্ৰীঃ ১৫২৬ত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা মোগলে ভাৰতত ৰাজ্য সম্প্ৰসাৰণৰ নীতি গ্ৰহণ কৰিছিল । খ্ৰীঃ ষষ্ঠদশ শতিকালৈকৈ বংগলৈকৈ মোগলৰ শাসন গজগজীয়া হৈছিল । ইয়াৰ পাছত উত্তৰ-পূৰ্বাঞ্চললৈ মোগল প্ৰশাসনৰ চকু পৰাতো স্বাভাৱিক । তদুপৰি মোগলৰ সম্প্ৰসাৰণ নীতিত প্ৰতিৰক্ষাৰ লগতে আক্ৰমণাত্মক নীতিত গুৰুত্ব প্ৰদান কৰা হৈছিল । কিন্তু আহোমসকলৰ সম্প্ৰসাৰণ নীতিত প্ৰতিৰক্ষাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছিল । মোগলে কোচ ৰাজ্য দখল কৰাৰ পাছত আহোম ৰাজ্যলৈ মোগল সাম্ৰাজ্য সম্প্ৰসাৰিত কৰাৰ বাবে সুযোগৰ সন্ধানত আছিল । মোগলৰ বাণিজ্যিক স্বাৰ্থ আহোম-মোগল সংঘৰ্ষৰ এক অন্যতম কাৰণ । আহোম ৰাজ্যৰ প্ৰাকৃতিক সম্পদ যেনে ঃ বিভিন্ন ধৰমৰ বনজ সম্পদ, সুগন্ধি দ্ৰব্য, ঔষধ, খাদ্যশস্যৰ লগতে খনিজজাত সামগ্ৰীসমূহৰ ওপৰতো পূৰ্বৰে পৰাই মোগলৰ চকু পৰিছিল । এই সম্পদসমূহৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনতো মোগলে দখল দিব বিচাৰি আছিল । তদুপৰি মোগলসকলে অসমৰ মাজেদি চীন-তিব্বতলৈ প্ৰত্যক্ষভাৱে এক বামিজ্যিক পথ স্থাপন কৰি দক্ষিণ-পূব এছিয়াৰ লগত বাণিজ্যিক আদান-প্ৰদানৰ পৰিকল্পনা কৰিছিল । এই কাৰ্যৰ বাবে আহোম ৰাজ্য দখল কৰাতো জৰুৰী হৈ পৰিছিল ।  


২৪। সত্ৰাজিত কোন আছিল ।

উত্তৰঃ সত্ৰাজিত হল আহোমৰ সেনাপতি ।


২৫। কিমান খ্ৰীঃত হাজোৰ যুদ্ধ হৈছিল ।

উত্তৰঃ ১৬১৭ খ্ৰীঃত হাজোৰ যুদ্ধ হৈছিল । 

২৬। আহোম-মোগলৰ সংঘৰ্ষ ( ১৬৫৩ -৩৮ খ্ৰীঃ)

উত্তৰঃ খ্ৰীঃ ১৬১৭ৰ যুদ্ধৰ পাছত কিছুবছৰলৈ শান্তি বিৰাজ কৰা দেখা গৈছিল । কিন্তু খ্ৰীঃ ১৬৩৫ ৰ পৰা  আহোম আৰু মোগলৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি হয় । ইয়াৰ প্ৰধান কাৰণ আছিল 

ক)  আহোম আৰু মোগলৰ মাজত পূৰ্বৰে পৰা চলি অহা সীমা বিবাদ .

খ) ৰাজনৈতিক আশ্ৰয় প্ৰদান  এই  সংঘৰ্ষৰ অন্যতম কাৰণ । উদাহৰণস্বৰূপে বেলতলাৰ শাসক মনু গোবিন্দ মোগল শাসকৰ ছত্ৰছায়াত আছিল । ইয়াৰ বিপৰীতে মোগল ৰজা হৰিকোশ আৰু মোগল বিষয়া গাভৰু ৰয়ক আহোম ৰজাই আশ্ৰয় প্ৰদান কৰিছিল । এনে ৰাজনৈতিক আশ্ৰয় প্ৰদানে দুয়োপক্ষক সন্দিহান কৰি তুলিছিল 

 গ) মোগলৰ সম্প্ৰসাৰণ নীতি অব্যাহত আছিল ।

ঘ) কোচ-হাজো অঞ্চলত ধৰ্মনাৰায়ণৰ প্ৰতিপত্তি বুদ্ধিয়ে মোগলক সচকিত কৰি তুলিছিল । 

ঙ) খ্ৰীঃ ১৬৩৫ ত বংগৰ নৱাবে আহোম ৰাজ্যৰ বিৰুদ্ধে এক সৈন্যবাহিনী প্ৰেৰণ কৰে । ইয়াৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে আহোমৰ নেতৃত্বত সকলো জনগোষ্ঠীয় সেনা লগ হৈ মোগলক শুৱালকুছিলৈকে খেদি পঠিযায় । 


২৭। ১৬৩৬ৰ আহোম-মোগল যুদ্ধ ।

উত্তৰঃ খ্ৰীঃ ১৬৩৬ত আহোমৰ সন্মিলিত বাহিনীয়ে শুৱালকুছিত থকা মোগলৰ শিবিৰ আক্ৰমণ কৰে । এই যুদ্ধত মোগল সেনা পৰাস্ত হোৱাত মোগল সেনাপতি সত্ৰাজিতে বহুতো সৈন্য লগত লৈ কুলচীৰ ফালে পলাই যায় । এই আক্ৰমণত আহোমে মোগলৰ পৰা তিনিশখন নাও, তিনিশটা বন্দুক, আৰু কেবাটাও বৰতোপ হস্তক্ষেপ কৰে । এইবাৰ আহোম আৰু মোগল সেনাৰ মাজত হাজোত যুদ্ধ আৰম্ভ হয় । আহোম সেনাই হাজো অঞ্চলটো সকলোফালৰ পৰা আৱৰি ৰখাৰ লগতে মোগল শিবিৰলৈ খাদ্যৰ যোগান বন্ধ কৰি দিয়ে । তদুপৰি সকলোফালৰ পৰা মোগল শিবিৰৰ লগত বৰ্হিজগতৰ যোগাযোগ বন্ধ কৰে । খাদ্যৰ অভাৱত মোগল শিবিৰত বহুতো সৈনিকৰ মৃত্যু হয় । সেয়েহে উপায়বিহীন হৈ মোগল সেনাপতি আব্বাছ ছালামে আত্মসমৰ্পণ কৰে । মোগল বিষয়াসকলক বন্দী কৰি শিলপানীত সংস্থাপন কৰা হয় আৰু অন্য সৈনিকসকলক আহোম ডা-ডাঙৰীয়াৰ দাস হিচাপে নিয়োজিত কৰে । খ্ৰীঃ ১৬৩৭ত নতুন বৰফুকন সৰু চকুৱা গোহাইৰ নেতৃত্বচ আহোমসকলে মোগলৰ কামৰূপৰ পৰা সম্পূৰ্ণৰূপে খেদি পঠিয়াবৰ কাৰণে যো-জা চলায় । তেওঁলোকে মোগলৰ ভাতকুছি শিবিৰ আক্ৰমণ কৰি ধৰাশায়ী কৰি তোলে । এই বাতৰি পাই হাজোৰ মোগল শাসনকৰ্তা ইছলাম খানে মোগল বাহিনীক সহায় কৰিবৰ বাবে মিৰজাইনুদ্দিনৰ নেতৃত্বত এক শক্তিশালী বাহিনী প্ৰেৰণ কৰে । এইবাৰ মোগলে আহোম সেনাৰ পৰাস্ত কৰি কাজলিলৈকে খেদি আনে । কাজলীমুখ আৰু বৰপেটাৰ যুদ্ধত আহোম সেনা পৰাস্ত হৈ কলিয়াবৰলৈকৈ  পিছুৱাই আহে । উত্তৰপাৰে আহোম সেনা ভৰলীলৈকে পিছুৱাই আহিবলৈ বাধ্য হয় । এইছোৱা সময়ত মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বত আহোমৰ উত্তৰ-পাৰৰ চামধৰা আৰু কলিয়াবৰৰ কলিয়াদুৰ্গ সুৰক্ষিত হৈ আছিল । মোগলে আক্ৰমণাত্মক নীতি গ্ৰহণ কৰি ভৰলীৰ পাৰত শিবিৰ পাতি ৰয়হি । খ্ৰীঃ১৬০৮ৰ অক্টোবৰ মাহত আহোম সেনা আৰু মোগল সেনাৰ মাজত ভৰলীত মুখামুখি যুদ্ধ আৰম্ভ হয় । কেইবাদিনো চলা এই যুদ্ধত আহোমৰ হাতত মোগলৰ ধৰাশায়ী হৈ গুৱাহাটীলৈ পিছুৱাই যাবলৈ বাধ্য হয় । ভৰলীৰ যুদ্ধত মোগলৰ  বহু সৈনিকৰ মৃত্যু হোৱাৰ লগতে বহুতো সম্পত্তি নষ্ট হৈছিল । গুৱাহাটী পোৱাৰ পাছত মোগল সেনাপতি মিৰজাইনুদ্দিনে গুৱাহাটীত মোগলৰ কাৰ্যালয় স্থাপন কৰি আলাহ য়াৰ খানক কামৰ পৰা  দায়িত্ব দি ঢাকালৈ যায়গৈ । এই যুদ্ধৰ পাছত আহোমে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে কলিয়াবৰৰ পৰা কাজলীলৈকৈ অঞ্চলটোত নিজৰ প্ৰভূত্ব বিস্তাৰ কৰে ।


২৮। ১৬৩৯ ৰ সন্ধি 

উত্তৰঃ আহোম আৰু মোগল দুয়োপক্ষই যুদ্ধ কৰি ভাগৰুৱা হৈ পৰিছিল । সেয়ে দুয়োপক্ষৰ পাৰস্পৰিক বুজাবুজি অনুসৰি এক সন্ধি কৰি সাময়িকভাৱে যুদ্ধ স্থগিত ৰখা হয় । খ্ৰীঃ ১৬৩৯ত স্ভক্ষৰ হোৱা এই চুক্তিৰ প্ৰধান চৰ্ত আছিল .

ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আহোম আৰু মোগলৰ মাজৰ সীমা নিৰ্ধাৰণ হয় । 

খ) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অসুৰৰ আলি আহোম আৰু মোগলৰ মাজৰ সীমা নিৰ্ধাৰণ হয় ।

এনেদৰে আহোম-মোগল সংঘৰ্ষৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছিল । এই সংঘৰ্ষৰ ফলত গুৱাাটীলৈকে  মোগলসকলৰ স্থিতি গজগজীয়া হৈছিল । গুৱাহাটীক কেন্দ্ৰ হিচাপে লৈ কামৰূপত মোগলে নিজৰ প্ৰশাসনিক স্থিতি সুদৃঢ় কৰিছিল । এই যুদ্ধই আহোমসকলৰো প্ৰতিৰক্ষামূলক পাৰদৰ্শিতা বৃদ্ধিত সহায় কৰিছিল । আহোম-মোগলৰ সংঘৰ্ষৰ প্ৰথম পৰ্যায়ৰ অভিজ্ঞাই আহোমক শক্তিশালী ৰূপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰাৰ লগতে পৰৱৰ্তী সময়ত আহোম এক অপ্ৰতিৰোধ্য আৰু অপ্ৰতিদ্বন্দ্বী হিচাপে  পৰিগণিত  হৈ পৰিছিল ।

   


Author- Ali Rani Kakati 







Post ID : DABP005434