গোটঃ ২ (ক)

শৰৎ বৰ্ণনা 

১। শৰৎ বৰ্ণনা কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

২। শৰৎ বৰ্ণনা কবিতাটো কিহৰ অন্তৰ্গত ?

উত্তৰঃ দশমস্কন্ধ ভাগৱতৰ।

৩। মধ্য়যুগীয়া অসমীয়া সাহিত্য়ৰ কথা ক'লে আমি মধ্য়মণি হিচাপে কাৰ নাম ল'ব পাৰো।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ নাম ল'ব পাৰো।

৪। শংকৰদেৱ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৪৪৯ চনত।

৫। শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি ?

উত্তৰঃ শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃ সত্য়সন্ধা।

৬।  শংকৰদেৱৰ মাতৃৰ মৃত্য়ুৰ পিছত কোনে তেওঁক লালন-পালন কৰিছিল ?

উত্তৰঃ বুঢ়ীমাক খেৰসূতীয়ে।

৭। শংকৰদেৱে কি কি ৰচনা কৰিছিল ?

উত্তৰঃ কাব্য়, নাট, ভক্তিমূলক ৰচনা, গীত, অনুবাদ ৰচনা নাম প্ৰসংগৰ শাস্ত্ৰ আদি বহুতো ৰচনা কৰিছিল।

৮।  শৰৎ কাল অহাৰ লগে লগে আকাশখন কি হয় পৰে  ?

উত্তৰঃ আকাশখন নিৰ্মল হৈ পৰে।

৯। সূৰ্যৰ উদয়ৰ লগে পদুম ফুলবোৰ আৰু ভেট ফুলবোৰ কি হয় ?

উত্তৰঃ পদুম ফুলবোৰ ফুলি উঠে আৰু ভেট ফুলবোৰ জঁই পৰি যায়।

১০। প্ৰকৃতিৰ লগত সাহিত্য়ৰ কি সম্পৰ্ক আছে ?

উত্তৰঃ এক অতি নিবিড় এৰাব নোৱাৰা সম্পৰ্ক আছে।

১১। শৰৎ বৰ্ণনাত কিহৰ মনোমহা ৰূপ বৰ্ণনা দিয়া হৈছে ?

উত্তৰঃ শৰৎ কালৰ প্ৰকৃতিৰ মনোমহা ৰূপ বৰ্ণনা দিয়া হৈছে।

১২। 'শৰৎ বৰ্ণনা' পঢ়োতে পাঠকে চকুৰ সমুখত কি দেখা যায় ?

উত্তৰঃ চিত্ৰকল্পৰ দৰে এখন ছবি দেখা যায়।

১৩। 'শৰৎ বৰ্ণনা' অংশটো কি কি প্ৰয়োগেৰে অধিক মোহনীয় কৰি তুলিছে।

উত্তৰঃ শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ যথোচিত প্ৰয়োগে।

১৪। শৰৎ কালত শান্ত হৈ থকা সাগৰখনত কিহৰ শব্দ শুনিবলৈ পোৱা নাযায়।

উত্তৰঃ উৰ্ম্মিমলাৰাৰ তৰংগায়িত শব্দ শুনিবলৈ পোৱা নাযায়।