গোটঃ ৩ (খ)

অন্তিম জ্য়োতি

১। অন্তিম জ্য়োতি কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ ৰধুনাথ চৌধাৰী।

২। ৰঘুনাথ চৌধাৰীৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ ১৮০১ চনৰ মাঘত জন্ম হৈছিল।

৩। ৰঘুনাথ চৌধাৰীৰ পিতৃ-মাতৃৰ নাম কি ?

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম ভোলানাথ চৌধাৰীৰ আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।

৪। ৰঘুনাথ চৌধাৰীৰ স্কুলীয়া শিক্ষা প্ৰথমে কোন স্কুলত লৈছিল? 

উত্তৰঃ গুৱাহাটী ছাত্ৰবৃত্তি স্কুলত লৈছিল।

৫। ৰঘুনাথ চৌধাৰী ব্য়ক্তিগতভাৱে কি কি ভাষা অধ্য়য়ন কৰিছিল ?

উত্তৰঃ বঙালী সাহিত্য় আৰু অসমীয়া সাহিত্য়ৰ।

৬। ৰঘুনাথ চৌধাৰীয়ে নিজৰ কৰ্মজীৱন কিহেৰে পাতনি মেলিছিল ?

উত্তৰঃ শিক্ষক বৃত্তিৰ জৰিয়তে পাতনি মেলিছিল।

৭। ৰঘুনাথ চৌধাৰীয়ে কিমান চনত অসম সাহিত্য় সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯৩৬ চনত।

৮। ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী কি আছিল ?

উত্তৰঃ প্ৰথিতযশা কবি আছিল।

৯। অসমীয়া সাহিত্য়ত বিহগী কবি কাক কোৱা হৈছিল ?

উত্তৰঃ বিহগী কবি বুলি ৰঘুনাথ চৌধাৰীক কোৱা হৈছিল।

১০। অন্তিম জ্য়োতি কবিতাটি কি কবিতাপুথিৰ অন্তৰ্গত ?

উত্তৰঃ দহিকতৰা কবিতাপুথিৰ অন্তৰ্গত।

১১। 'অন্তিম জ্য়োতি' কবিতাটো কেতিয়া সৃষ্টি হয় ?

উত্তৰঃ কবিৰ সমগ্ৰ জীৱন আগুৰি থকা বেদনাৰ আৰু যন্ত্ৰণাৰ পটভূমিত 'অন্তিম জ্য়োতি' কবিতাটো সৃষ্টি হৈছিল।

১২। ৰঘুনাথ চৌধাৰীক কিহৰ কাৰণে ৰোমাণ্টিক কবি বুলিব পাৰি ?

উত্তৰঃ ৰোমাণ্টিক কবিতাৰ লক্ষণসমূহ ৰঘুনাথ চৌধাৰীৰ কবিতাত প্ৰতিফলিত হোৱাৰ বাবেই তেওঁক ৰোমাণ্টিক কবি বুলিব পাৰি।

১৩। তৎসম শব্দ কাক বোলে ?

উত্তৰঃ সংস্কৃত শব্দৰ অবিকৃত শব্দসমূহকে তৎসম শব্দ বোলে।

১৪। 'অলম' শব্দই কি বুজায় ?

উত্তৰঃ 'অলম' শব্দই পৰ্যাপ্তি অৰ্থ বুজায়।

১৫। কবি চৌধাৰীৰ কাব্য় প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা তেওঁৰ কবিতাপুথি দুখনৰ নাম লিখা।

উত্তৰঃ সাদৰী আৰু কেতেকী।