গোটঃ ২ (খ) 

দ্ৰৌপদীৰ বিলাপ

১। দ্ৰৌপদীৰ বিলাপ কবিতাটিৰ ৰচক কোন ?

উত্তৰঃ ৰাম সৰস্বতী।

২। দ্ৰৌপদীৰ বিলাপ কবিতাটো ক'ৰ অন্তৰ্গত ?

উত্তৰঃ মহাভাৰতৰ অন্তৰ্গত।

৩। 'দ্ৰৌপদীৰ বিলাপ' ৰাম সৰস্বতীৰ কোনটো ভাগৰ অন্তৰ্গত মহাভাৰতৰ অনুবাদ ?

উত্তৰঃ প্ৰথমতো ভাগৰ।

৪। অন্য়ায় পাশাত জয়ী হৈ দুৰ্যোধনে দাসী কৰি ৰাজসভাত যি অপমান দিয়ালে সেয়া কাৰ ওচৰত সংঘটিত হ'ল ?

উত্তৰঃ স্বয়ং পিতমহ ভীষ্মৰ সন্মুখত।

৫। কপটীয়া কৌৰৱৰ লোকসকলে আলোচনা কৰি পঞ্চপাণ্ডৱক দৌপদীৰ সহিতে ক'ত বাস কৰাৰ ব্য়ৱস্থা কৰিলে?

উত্তৰঃ বনবাসত।

৬। সকলো ক্ষেত্ৰতে অদ্ধিতীয় হৈও আজি দ্ৰৌপদীক ৰক্ষা কৰিবলৈ পাণ্ডৱগণ সমৰ্থ নে ?

উত্তৰঃ অসমৰ্থ।

৭। ড॰ সত্য়েন্দ্ৰনাথ শৰ্মাৰ গ্ৰন্থ এখনৰ নাম লিখা।

উত্তৰঃ অসমীয়া সাহিত্য়ৰ সমীক্ষাত্মক ইতিবৃত্ত।

৮। মহাবলী অজস্ৰ পুৰুষৰ উপস্থিতিতো কেৱল কাৰ কৃপাতহে দ্ৰৌপদী বিবস্ত্ৰা হোৱাৰ পৰা ৰক্ষা পৰিল ?

উত্তৰঃ সৰ্বজ্ঞান কৃষ্ণৰ কৃপাত।


Type Janmoni Hazarika