গোটঃ ৩ (গ)
মনোৰমা
১। মনোৰমা কবিতাটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ দেৱকান্ত বৰুৱায়ে।
২। দেৱকান্ত বৰুৱাৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰঃ ১৯১৪ চনত হৈছিল।
৩। দেৱকান্ত বৰুৱা অসমৰ সমাজ জীৱনত কিহেৰে খ্য়াতিমান?
উত্তৰঃ কবি আৰু ৰাজনীতিবিদ হিচাপে অসমৰ সমাজ জীৱনত খ্য়াতিমান।
৪। দেৱকান্ত বৰুৱা স্কুলীয়া জীৱন ক'ৰ পৰা আৰম্ভ কৰে ?
উত্তৰঃ বৰপেটা প্ৰাইমেৰী বিদ্য়ালয়ত তেওঁ স্কুলীয়া জীৱন আৰম্ভ কৰে।
৫। কিমান চনত দেৱকান্ত বৰুৱা ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হৈ ?
উত্তৰঃ ১৯৭৪ চনত।
৬। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য় সংকলনখনৰ নাম কি ?
উত্তৰঃ 'সাগৰ দেখিছা'।
৭। তেওঁ কি কি যুগৰ সেতু আছিল ?
উত্তৰঃ ৰোমাণ্টিক আৰু আধুনিক যুগৰ ।
৮। তেওঁক কিহৰ কাৰণে দোমাজাৰ কবি বোলা হৈছিল ?
উত্তৰঃ দুটা সমৃদ্ধ যুগৰ মধ্য়ৱস্থাত কৰা অৱস্থানৰ বাবে তেওঁক দোমোজাৰ কবি বোলা হৈছিল।
৯। অসমীয়া কাব্য়সাহিত্য়ৰ প্ৰথমটো ৰোমাণ্টিক কবিতাৰ কোনে ৰচনা কৰিছিল ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালায়ে।
১০। কিমান চনত দেৱকান্ত বৰুৱাই অসম প্ৰদেশ কংগ্ৰেছ দলত যোগদান কৰে ?
উত্তৰঃ ১৯৩৮ চনত।
Type Janmoni Hazarika