গোটঃ ৪ (ক)

পলস 


১। পলস কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ নৱকান্ত বৰুৱায়ে।

২। নৱকান্ত বৰুৱাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ ১৯২৬ চনৰ ২৯ ডিচেম্বৰ তাৰিখে গুৱাহাটীত জন্ম হৈছিল।

৩। এখুদ ককাইদেও ছদ্মনামেৰে কোন জনপ্ৰিয় আছিল ?

উত্তৰঃ নৱকান্ত বৰুৱাদেৱ।

৪। তেওঁৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ পিতৃৰ নাম আছিল নীলকান্ত বৰুৱা আৰু মাতৃ নাম আছিল স্বৰ্ণলতা বৰুৱানী।

৫। নৱকান্ত বৰুৱাৰ কবিতাপুথি দুখনৰ নাম লিখা।

উত্তৰঃ মনত পৰেনে অৰুন্ধতি আৰু পলস।

৬। নৱকান্ত বৰুৱাৰ উপন্য়াস এখনৰ নাম লিখা।

উত্তৰঃ কপিলীপৰীয়া সাধু।

৭। নৱকান্ত বৰুৱাক কিমান চনত পদ্মভূষণ উপাধিৰে সন্মানিত কৰিছিল ?

উত্তৰঃ ১৯৭৬ চনত।

৮। বৰুৱাদেৱে কিহৰ কাৰণে পৰিষদ বটাঁ লাভ কৰিছিল ?

উত্তৰঃ 'মোৰ আৰু পৃথিৱী' কবিতাটোৰ সংকলনৰ বাবে।

৯। 'পলস' কবিতাটোৰ জৰিয়তে বৰুৱাদেৱে কিহক সুস্পষ্ট কৰি তুলিছে ?

উত্তৰঃ অতীত, বৰ্তমান আৰু ভৱিষ্য়তৰ অনাজৰিডালক সুস্পষ্ট কৰি তুলিছে।

১০। 'পলস' কবিতাটোত কেইটা স্তৱক আছে ?

উত্তৰঃ তিনিটা।

১১। 'পলস' কবিতাৰ প্ৰথম স্তৱকটিত কি দাঙি ধৰা হৈছে ?

উত্তৰঃ অতীত যুগৰ ছবি স্পষ্টকৈ দাঙি ধৰা হৈছে।

১২। 'পলস' কবিতাটিত কি কি মিলন ঘটিছে ?

উত্তৰঃ প্ৰতীক, চিত্ৰকলা, ছন্দ আৰু বাস্তৱতাৰ মাজৰ এক মধুৰ মিলন ঘটিছে।

১৩। নৱকান্ত বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল ?

উত্তৰঃ ২০০২ চনৰ ১১ জুলাই তাৰিখে তেখেতৰ মৃত্য়ু হৈছিল।


Type Janmoni Hazarika