Chapter 1 

প্ৰাচীন ভাৰতীয় ইতিহাসৰ পুনৰ্গঠন

(Reconstructing Ancient Indian History)


অতি চমু প্ৰশ্ন উত্তৰ

১। প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নক পূৰ্ণতা প্ৰদান কৰা সমলসমূহ কি কি ?

উত্তৰঃ ১) প্ৰত্নতাত্ত্বিক সমল,

            ২) সাহিত্যিক সমল,

            ৩) বিদেশী পৰিব্ৰাজকৰ টোকা।

২। প্ৰত্নতাত্বিক খনন কাৰ্যৰ বাটকটীয়া কাক বোলে?

উত্তৰঃ  মানৱতাবাদী ইতিহাসবিদ ফ্লাভিঅ' বায়নড (Flavio Biondo) ।

৩। Commentaria নামৰ গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ  ইটালীয় ইতিহাসবিদ Ciriaco de' Pizzicollior Cyriacus ।

৪। প্ৰত্নতত্বৰ পিতৃ বুলিলে কাক বুজা ?

উত্তৰঃ ইটালীয় ইতিহাসবিদ Ciriaco de' Pizzicollior Cyriacus ।

৫। প্ৰত্নতাত্বিক সমলসমূহক কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ তিনিটা ভাগত ভগাব পাৰি ।

৬। মুদ্ৰা বিষয়ক বিদ্যা কাক বোলে ?

উত্তৰঃ  মুদ্ৰাৰ সংগ্ৰহ আৰু অধ্যয়ন বিষয়ক বিভাগক মুদ্ৰা বিষয়ক বিদ্যা বোলা হয় ।

৭। কিমান খ্ৰীষ্টাব্দত আমেৰিকাত Royal Numismatic Society প্ৰতিষ্ঠা হৈছিল ?

উত্তৰঃ ১৮৩৬ খ্ৰীষ্টাব্দত ।

৮। মুদ্ৰা কি ?

উত্তৰঃ মুদ্ৰা হ'ল মানুহৰ মনত জন্ম হোৱা যথাযোগ্য মূল্যৰ এক ধাৰণা, য'ত ধাতুৰ টুকুৰাত কিছুমান বিশেষ চিহ্নৰ ছাব-মোহৰ মাৰি প্ৰচলন কৰা হৈছিল।

৯। মুদ্ৰা তৈয়াৰ কৰা ধাতুসমূহ কিহৰ আছিল ?

উত্তৰঃ মুদ্ৰা তৈয়াৰ কৰা ধাতুসমূহ সাধাৰণতে ৰূপ, তাম আৰু ব্ৰঞ্জৰ আছিল ।

১০। পুৰালেখ বিদ্যা (Epigraphy) কি ?

উত্তৰঃ Epigraphy হ'ল প্ৰাচীন অনুদানসমূহ অধ্যয়ন কৰা পদ্ধতি ।

১১। Epigraphy শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ গ্ৰীক শব্দ Epi-graphe অৰ্থাৎ লেখন বা অভিলেখ শব্দৰ পৰা এই বিভাগটো উৎপত্তি হৈছে ।

১২। বেদাংগসমূহ কেতিয়া ৰচনা কৰা হৈছিল ?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব আনুমানিক ৬০০ - ২০০ ভিতৰত বেদাংগসমূহ ৰচনা কৰা হৈছিল ।

১৩। আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ অন্যতম গ্ৰন্থ কি ?

উত্তৰঃ আৰ্যসকলৰ ধৰ্মীয় সাহিত্যৰ অন্যতম গ্ৰন্থ হ'ল স্মৃতিসমূহ।

১৪। ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি-সাহিত্য কি ?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথমখন স্মৃতি-সাহিত্য হ'ল 'মনুস্মৃতি'।

১৫। হিৰ'ডটাছৰ গ্ৰন্থখন কি ?

উত্তৰঃ হিষ্টৰিকা (Historica)।

চমু প্ৰশ্ন উত্তৰ

১। মুদ্ৰাবিষয়ক অধ্য়য়ন কেইটা শিতানত ভাগ কৰিব পাৰি ? আৰু কি কি লিখা ?

উত্তৰঃ মুদ্ৰাবিষয়ক অধ্যয়ন তিনিটা শিতানত ভাগ কৰিব পাৰি। 

                আৰু সেইকেইটা হ'ল-

              (ক) এক্স'নুমিয়া (Exonumia)- ধাতুৰ মুদ্ৰা, পদক, শীলমোহৰ আদিৰ সংক্ৰান্তত হোৱা অধ্যয়ন।

               (খ) ন'টাফিলি (Notaphily)- কাগজী নোট সম্পৰ্কীয় অধ্যয়ন ।

               (গ) স্ক্ৰীণফিলি (Scripophily)- তহবিল (Stock) আৰু ঋণ পত্ৰ (Bond) সম্পৰ্কীয় আলেচনা।

২। বেদাংগ কেইখন আৰু কি কি লিখা ?

উত্তৰঃ বেদাংগ ছখন আৰু সেইকেইখন হ'ল-

            ১। শিক্ষা (Photetics)

            ২। কল্প (Ritual)

            ৩। ব্যাকৰণ (Grammar)

            ৪। নিৰুক্ত (Etymology)

            ৫। ছন্দ (Metrics)

            ৬। জ্যোতিষ (Astronomy) ।

৩। মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে কোনে পোন প্ৰথমে ব্যাখ্যা আগবঢ়াইছিল ? তেওঁৰ এখন গ্ৰন্থৰ নাম লিখা?

উত্তৰঃ মধ্যাকৰ্ষণ শক্তিৰ সম্পৰ্কে বৰাহমিহিৰেই পোন প্ৰথমে ব্যাখ্যা আগবঢ়াইছিল। তেওঁৰ এখন গ্ৰন্থৰ নাম হ'ল - পঞ্চসিদ্ধান্ত।

৪। বৰাহমিহিৰৰ অন্যান্য গ্ৰন্থসমূহৰ নাম লিখা ?

উত্তৰঃ বৰাহমিহিৰৰ অন্যান্য গ্ৰন্থসমূহৰ নাম হ'ল- বৃহৎসংহিতা, বিবাহ পটল, বৃহজ্জাতক আৰু লঘুজাতক।

৫। প্ৰত্নতাত্ত্বিক সমলসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি লিখা ?

উত্তৰঃ প্ৰত্নতাত্ত্বিক সমলসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হ'ল- খনন কাৰ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষ, অভিলেখ আৰু মুদ্ৰা। একেদৰে ভাস্কৰ্য আৰু প্ৰাসাদ আদিও এই শিতানত অন্তৰ্ভুক্ত।

ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ

১। ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলসমূহৰ ভূমিকা বিষয়ে লিখা ।

উত্তৰঃ প্ৰত্নতাত্ত্বিক সমলঃ

                                ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত প্ৰত্নতাত্ত্বিক সমলসমূহৰ বিশেষ ভূমিকা আছে। ভাৰতৰ বিভিন্ন ঠাইত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা উপকৰণসমূহ, মঠ-মন্দিৰৰ ধ্বংসাৱশেষ ইত্যাদিৰ মাধ্যমেদি প্ৰাচীন ভাৰতীয় ইতিহাস সৰসভাৱে আলোচনা কৰিব পাৰি। অনস্বীকাৰ্য যে, অন্যান্য সমলবোৰৰ তুলনা ইতিহাস অধ্যয়নৰ বাবে প্ৰত্নতাত্ত্বিক সমল নিৰ্ভৰযোগ্য আৰু অপৰিসীম। কাৰণ প্ৰত্নতাত্ত্বিক সমলসমূহত পক্ষপাতদুষ্টতা পৰিলক্ষিত নহয়। একেদৰে এইবোৰৰ সময় নিৰূপণ যথাযো  গ্য আৰু নিৰ্দিষ্ট। সেই দৃষ্টিকোণৰ পৰা প্ৰত্নতাত্ত্বিক সমলসমূহৰ নিৰ্ভৰযোগ্যতা অন্যান্য সমলবোৰতকৈ বেছি। 

        প্ৰাচীন ভাৰতীয় ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন ঠাইত হোৱা খনন কাৰ্যবোৰৰ বিশেষ ভূমিকা থকা দেখা যায়। উল্লেখ্য যে খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা বস্তবিশেষৰ বিজ্ঞানসন্মত অধ্যয়ন, বিশেষকৈ ৰেডিঅ'কাৰ্বন (radio carbon) পদ্ধতি ব্যৱহাৰ দ্বাৰা এইবোৰৰৰ সঠিক সময় নিৰূপিত হৈছে। যাৰ দ্বাৰা তদানীন্তন সময়ৰ সংস্কৃতি তথা সভ্যতাৰ সন্দৰ্ভত ইতিহাসবিদসকলে গ্ৰহণযোগ্য ব্যাখ্যা দাঙি ধৰিবলৈ সক্ষম হয় য'ত সভ্যতা বিৱৰ্তনৰ বিভিন্ন স্তৰ অন্তৰ্নিহিত হৈ থাকে । গতিকে এছোৱা সময়ৰ নিৰ্দিষ্ট খতিয়ান তাত্ত্বিকভাৱে প্ৰতিষ্ঠা কৰাত প্ৰত্নতাত্ত্বিক সমলসমূহৰ গুৰুত্ব সৰ্বাধিক। প্ৰাক্-ঐতিহাসিক আৰু হৰপ্পা সভ্যতাৰ সন্দৰ্ভত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমলসমূহে যি ভূমিকা গ্ৰহণ কৰিছে তাৰ জৰিয়তে সমসাময়িক সমাজব্যৱস্থাৰ বিষয়ে ইতিহাসবিদসকলে নিৰ্ভৰযোগ্য খতিয়ান বা ধাৰণা লাভ কৰিব পাৰিছে।


Author: Monikongkona Saikia





Post ID : DABP004885