অসমীয়া সাহিত্যৰ যুগ বিভাজন 

Chapter: 1


1।ড  মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ যুগবিভাজনক কেইটা ভাগত ভগাইছে?

উত্তৰঃ  মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ যুগ বিভাজনক কেইটা ভাগত ভগাইছে ।

2। বিষয় আৰু কবিসকলৰ ওপৰত প্ৰাধান্য দি কোনে যুগ বিভাজন কৰিছিল?

উত্তৰঃ  মহেশ্বৰ নেওগ দেৱে বিষয় আৰু কবিসকলৰ ওপৰত প্ৰাধান্য দি যুগ বিভাজন কৰিছিল।

3। সাহিত্যৰ যুগ বিভাজনৰ অন্তৰালৰ দুগৰাকী  ব্যক্তিৰ নাম লিখা?

উত্তৰঃ সাহিত্যৰ যুগ বিভাজনৰ অন্তৰালৰ দুগৰাকী ব্যক্তিৰ নাম হেমচন্দ্ৰ গোস্বামী আৰু দেবেন্দ্ৰনাথ বেজবৰুৱা।

4। দেবেন্দ্ৰনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ যুগবিভাজন কেইটা ভাগত ভাগ কৰিছে?

উত্তৰঃ দেবেন্দ্ৰনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ যুগবিভাজন ৩টা ভাগত ভাগ কৰিছে।

5। ড  সত্যেন্দ্ৰনাথ শৰ্মাই মধ্যযুগ বুলি কোনখিনি সময়ক সামৰি লৈছে?

উত্তৰঃ  সত্যেন্দ্ৰনাথ শৰ্মাই মধ্যযুগত ১৩০০ খৃঃ পৰা ১৮৩০ খৃঃলৈ সামৰি লৈছে।

6। অসমীয়া সাহিত্যৰ যুগ বিভাজন কোনে পোন প্ৰথমতে কৰে ?

উত্তৰঃ অসমীয়া সাহিত্যৰ যুগ বিভাজন পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে পোন প্ৰথমতে কৰে।

7। হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া সাহিত্যৰ যুগবিভাজনক নিখুঁত বুলি কব পাৰিনে?

উত্তৰঃ নোৱাৰি ।

            কাৰণ গোস্বামী ডাঙৰীয়াই গীতি যুগ বুলি চিহ্নিত কৰি মৌখিক সাহিত্যৰ কথা কৈছে আৰু মৌখিক সাহিত্যক নিৰ্দিষ্ট সময়ৰ ভিতৰত আৱদ্ধ কৰিব নোৱাৰি। সময়ৰ আঁচোৰ পৰিলেও মৌখিক সাহিত্যৰ ৰচকৰ নাম নাথাকে। তাৰোপৰি মন্ত্ৰ-ভণিতা  যুগৰ অন্তৰ্গত ডাকৰ বচনৰ  ৰচনা সময় অষ্টমৰ পৰা বাৰশ শতিকা বুলি নিশ্চয়কৈ কব নোৱাৰি । এনেবোৰ কাৰণতে পণ্ডিত সকলে এই বিভাজনক নিখুঁত বুলি কব নোৱাৰি।

8। ড  বাণীকান্ত কাকতিয়ে সাহিত্যৰ যুগ বিভাজনক কেইটা ভাগত ভগাইছে?

উত্তৰঃ   বাণীকান্ত কাকতিয়ে সাহিত্যৰ যুগ বিভাজনক ৩টা ভাগত ভগাইছে।

9 ।ড॰ মহেশ্বৰ নেওগৰ যুগ বিভাজনৰ সম্পৰ্কে চমুকৈ লিখা?

উত্তৰঃ ড॰ মহেশ্বৰ নেওগ দেৱে অসমীয়া সাহিত্যৰ যুগ বিভাজন পাঁচটা স্তৰত কৰিছে,ঃ

১) বৌদ্ধ যুগঃ এই য়ুগত অন্তৰ্ভুক্ত কৰিছে চৰ্যাপদক। চৰ্যাপদৰ সময় অষ্টমৰ পৰা দ্বাদশ শতিকালৈ বিস্তৃত হে পৰিছে।ইয়াৰ পাচতে সাহিত্যৰ সৃষ্টিত এছোৱা শূন্য কালে দেখা দিয়ে।

২) প্ৰাকশংকৰী যুগঃ নেওগ দেৱে প্ৰাকশংকৰ যুগত মাধৱ কন্দলি,হেম সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতীক অন্তৰ্ভূক্ত কৰিছে।বড়ু চণ্ডী দাসকো এই যুগতে ধৰিছে।তেঁওৰ মতে শংকৰদেৱৰ সাহিত্যিক উদ্ভৱৰ আগৰ ত্ৰয়োদশ,চতুৰ্দশ আৰু পঞ্চদশ এই তিনি শতকতে তেওঁলোকৰ  কাল বুলি ধৰিব লগীয়া হয়।

৩) শংকৰী যুগঃমহাপুৰুষ শংকৰদেৱ,মাধৱদেৱ,গোপাল আতা,বৈকুণ্ঠনাথ ভট্টদেৱলৈকে সাহিত্যৰ ৰচয়িতা সকলক শংকৰীযুগত অন্তৰ্ভুক্ত কৰিছে। লগতে পীতাম্বৰ,মনকৰ আৰু দুৰ্গাবৰ কায়স্থ-এই তিনিগৰাকী কবিকো তেওঁ এই যুগতে অন্তৰ্ভুক্ত কৰিছে ।

৪)শংকৰোত্তৰ যুগঃ ঊনবিংশ শতিকাৰ প্ৰথম চতুৰ্থাশংলৈকে উত্তৰ শংকৰ বা শংকৰোত্তৰ যুগ বুলিব পাৰি।এই সময়ছোৱাত গঢ় লৈ উঠিছিল আহোম, কোচ-কছাৰি আদি ৰজাসকলৰ পৃষ্ঠপোষকতাত।এই যুগৰ সাহিত্যক তিনিটা ভাগত ভাগ কৰিছেঃ সত্ৰীয়া সাহিত্য,ৰাজধানী সাহিত্য আৰু অনিশ্চিত লেখকৰ সাহিত্য।এইছোৱা সময়তে সৃষ্টি হৈছিল চৰিত পুথি গদ্য আৰু বুৰঞ্জীৰ গদ্য।

৫) বৰ্তমান যুগঃ নেওগ দেৱে বৰ্তমান যুগক চাৰিটা ভাগত ভাগ কৰিছেঃ

ক) আদি বৃটিছ যুগঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি আনুসৰি বৃটিছে অসম অধিকাৰ কৰিলে। অসমৰ পৰা অসমীয়া ভাষা অপসাৰণ হল। সেই সময়তে অসমলৈ আগমণ ঘটিছিল বেপ্টিষ্ট মিছনেৰীসকল।এই বেপ্টিষ্ট মিছনেৰীসকল আৰু আনন্দৰাম ঢেকীয়াল ফুকনকে ধৰি এদল অসমীয়াই অসমীয়া ভাষাৰ পুনঃসংস্থাপনৰ যত্ন কৰিছিল। এই সময়খিনি নতুন অসমীয়া ভাষাৰ অনুশীলন কাল,নতুন প্ৰভাৱ আহৰণ কাল।

খ) হেমচন্দ্ৰ বৰুৱা কালঃ এই সময়ছেোৱাত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱাৰ পৰা জোনাকী আলোচনীৰ দ্বাৰা অসমীয়া ভাষাই সাহিত্যিক প্ৰতিষ্ঠা লাভ কৰা কালছেৱাক অন্তৰ্ভুক্ত কৰা হৈছে।

গ) ৰোমান্টিক বা বেজবৰুৱা যুগঃ অসমীয়া সাহিত্যই পাশ্চাত্য প্ৰভাৱ সম্বৰণ কৰি পূৰ্ণাংগ আধুনিক অসমীয়া সাহিত্য গঢ় লৈ উঠা সময়ছোৱাৰ আলোচনা এই যুগৰ মুল বিষয়।

ঘ) বৰ্তমান সাহিত্যঃ এই সময়ছোৱা হল দ্বিতীয় মহাসমৰৰ প্ৰভাৱ বিস্তাৰ আৰু পাচৰ সময় আলোচনা।

10। ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই আদি য়ুগত কোনবোৰ সাহিত্যক সামৰিছে আৰু ইয়াৰ সময় কি বুলি ধৰিছে?

উত্তৰঃ ॰  সত্যেন্দ্ৰনাথ শৰ্মাই আদি যুগত চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্যক সামৰিছে আৰু ইয়াৰ সময় ৯৫০ খৃঃ পৰা ১৩০০ খৃঃ লৈ সামৰিছে।


11। যুগ বিভাজনৰ মূল ভিত্তি কি কি?

উত্তৰঃ যুগ বিভাজনৰক মূল ভিত্তি হৈছে-সময় আৰু সাহিত্যৰ।


12 । পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে গীতিযুগ বুলি অসমীয়া সাহিত্যৰ কোনটো কালক নিৰ্দেশ কৰিছে? এই যুগটোৰ সময় কিমানৰ পৰা কিমানলৈ ধৰিছে?

উত্তৰঃ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে গীতিযুগ বুলি অসমীয়া সাহিত্যৰ মৌখিক সাহিত্যৰ কালক নিৰ্দেশ কৰিছে। এই যুগটোৰ সময় ৬০০ খৃঃ পৰা ৮০০ খৃঃ লৈ ধৰিছে।




Author:- Geetanjali bora