পাঠ  ১ 


ঔপনিবেশিক শক্তিৰ আগ্ৰাসন আৰু দৃঢ়ীকৰণ



চমু প্ৰশ্ন ঃ

১। পলাশী যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰঃ ১৭৫৭ খ্ৰীষ্টাব্দত পলাশী যুদ্ধ হৈছিল ।


২। ভাস্কো-ডা-গামা ভাৰতবৰ্ষত কেতিয়া উপস্থিত হৈছিল ?

উত্তৰঃ ১৪৯৮ খ্ৰীষ্টাব্দৰ ২০ মেত ভাস্কো-ডা-গামা ভাৰতবৰ্ষত উপস্থিত হৈছিল ।


৩।  কিমান চনত পৰ্টুগীজ নাৱিকসকলে ভাৰতৰ পৰা মছলা ৰপ্তানি কৰিছিল ।

উত্তৰঃ ১৫০১ খ্ৰীষ্টাব্দৰ পৰা ১৫০৫ খ্ৰীষ্টাব্দৰ মাজৰ সময়ছোৱাত ।


৪। ডাচ ইষ্ট-ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ডাচ ইষ্ট-ইণ্ডিয়া কোম্পানী ১৬০২ খ্ৰীষ্টাব্দৰ ২০ মাৰ্চত প্ৰতিষ্ঠা কৰা হৈছিল ।


৫। ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১৬৬৪ খ্ৰীষ্টাব্দৰ ১ ছেপ্তেম্বৰত ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ।


৬। ফৰাচী ইষ্ট-ইণ্ডিয়া কোম্পানীৰ তত্ত্বাৱধায়ক কোন আছিল ?

উত্তৰঃ অৰ্থসচিব কালবাৰ্ট ।


৭। ফৰাচী বণিকগোষ্ঠীয়ে কিমান চনত আৰু কাৰ নেতৃত্বত চুৰাটত বাণিজ্য কোঠ স্থাপন  কৰিছিল ?

উত্তৰঃ ১৬৬৭ খ্ৰীষ্টাব্দত ফ্ৰাচোৱা কেৰণ নামৰ এজন তত্ত্বাৱধায়কৰ নেতৃত্বত ।


৮।  ফৰাচী বণিকসকলৰ দ্বিতীয়টো  বাণিজ্য কোঠ ক'ত অৱস্থিত ।

উত্তৰঃ মছুলিপট্টনম( ১৬৬৯ খ্ৰীষ্টাব্দ ) ।


৯। কিমান চনত আৰু কত নবছৰীয়া  যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰঃ ১৬৮৮-৯৭ খ্ৰীষ্টাব্দত নবছৰীয়া যুদ্ধ ইউৰোপত সংঘটিত হৈছিল ।


১০। নবছৰীয়া যুদ্ধৰ অৱসান ঘটাৰ পিছত কি চুক্তি সংঘটিত হৈছিল ?

উত্তৰঃ নবছৰীয়া যুদ্ধৰ অৱসান ঘটাৰ পিছত ৰাইছউইক মৈত্ৰী চুক্তি সংঘটিত হৈছিল ।


১১। ইষ্ট-ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল   ?

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানী ১৬০০ খ্ৰীষ্টাব্দৰ ৩১ ডিচেম্বৰত গঠন কৰা হৈছিল ।


১২। ফৰাচীসকলে কেতিয়া কাৰিকল দখল কৰিছিল ।

উত্তৰঃ ১৭৩৯ খ্ৰীষ্টাব্দত ফৰাচীসকলে কাৰিকল দখল কৰিছিল ।


১৩। ফৰাচী ৱেষ্ট ইণ্ডিজ কোম্পানী কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৭১৯ খ্ৰীষ্টাব্দত ফৰাচী ৱেষ্ট ইণ্ডিজ কোম্পানী গঠন কৰা হৈছিল ।


১৪। স্পেইনৰ শক্তিশালী নৌ শক্তিৰ নাম কি ?

উত্তৰঃ আৰ্মাদা ।


১৫। কিমান চনত ফ্ৰান্সিছ ড্ৰেকে সাগৰীয় পথেদি পৃথিৱী ভ্ৰমণ কৰিছিল ?

উত্তৰঃ ১৫৮০ খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেকে সাগৰীয় পথেদি পৃথিৱী ভ্ৰমণ কৰিছিল ।


১৬। ভাৰতৰ এটা মুখ্য বাণিজ্যিক কেন্দ্ৰৰ নাম লিখা ।

উত্তৰঃ বোম্বাই ।


১৭। বোম্বাই চহৰখন কোনে কেতিয়া  যৌতুক হিচাপে লাভ কৰিছিল ।

উত্তৰঃ ১৬৬১ খ্ৰীঃত ব্ৰিটেইনৰ শাসক দ্বিতীয় চাৰ্লছৰ লগত পৰ্টুগীজ ৰাজকন্যা কেথৰিনৰ বিবাহ সফল হোৱাৰ পিছত চাৰ্লছে বোম্বাি চহৰখন যৌতুক হিচাপে লাভ কৰিছিল ।


১৮। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আন এটা বাণিজ্যিক কোঠৰ নাম কি আছিল?

উত্তৰঃ কলিকতা ।


১৯। দ্বৈত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ ৰবাৰ্ট ক্লাইৱ ।


২০। লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা নীতিটোৰ নাম কি ?

উত্তৰঃ স্বত বিলোপ নীতি ।


২১। বণিকবাদ শব্দটো কোনে কেতিয়া পোন-প্ৰথমে ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ ১৭৭৬ খ্ৰীঃত অৰ্থনীতিবিদ আদাম স্মিথে wealth of nation গ্ৰন্থত বণিকবাদ শব্দটো ব্যৱহাৰ কৰিছিল ।


২২। মেকিয়াভেলিয়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ The prince । 


২৩। কিমান চনত ব্ৰিটিছ বণিকে সাগৰীয় উপমহাদেশত অৱতৰম কৰিছিল ?

উত্তৰঃ ১৬০৮ খ্ৰীষ্টাব্জত চুৰাটত ।


২৪। চুৰাটত বাণিজ্যিক কুঠি কিমান খ্ৰীঃত স্থাপন কৰাৰ অনুমতি পাইছিল ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ।

উত্তৰঃ ১৬১১ খ্ৰীঃত ।


২৫। বংগদেশত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰাৰম্ভিক কুঠিৰ নাম কি আছিল ?

উত্তৰঃ হুগলী ।


২৬। ফৰ্ট উইলিয়াম দূৰ্গ ক'ত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ হুগলী নদীৰ পূব পাৰত ।


২৭। বংগৰ নৱাব আলিবৰ্দী খাঁৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰঃ ১৭৫৬ খ্ৰীঃত ।


২৮। বক্সাৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ ১৭৬৪ চনৰ ২২ অক্টোবৰত ইংৰাজ আৰু বংগৰ নৱাবৰ মাজত বক্সাৰ যুদ্ধ হৈছিল । 


চমু প্ৰশ্নঃ

১। ভাৰতত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতিসমূহ কি কি ?

উত্তৰঃ ক) প্ৰথম অৱস্থাত ইষ্ট-ইণ্ডিয়া কোম্পনী েটা ব্যৱসায়িক সন্থা আছিল আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ ৰাজনৈতিক দুৰ্বলতাৰ সুবিধা লৈ প্ৰশাসন তন্ত্ৰ হস্তগত কৰিছিল ।

খ) ভাৰতত বৃটিছ প্ৰশাসন দৃঢ়তাৰে সংৰোপন কৰাত একাংশ বিষয়াৰ ঐকান্তিক প্ৰচেষ্টা জড়িত হৈ আহিছিল । তাৰ ভিতৰত ৰবাৰ্ট ক্লাইৱৰ দ্বৈত শাসন লৰ্ড ৱেলেছলীৰ বশ্যতামূলক মিত্ৰতা নীতি আৰু লৰ্ড ডেলহাউচিৰ স্বত বিলোপ নীতি উল্লেখযোগ্য ।


২। লৰ্ড ৱেলেছলীৰ সাম্ৰাজ্যবাদী নীতিসমূহ কি আছিল ?
উত্তৰঃ
 ক) বহিঃশত্ৰুৰ দ্বাৰা আক্ৰমন কৰাৰ সময়ত বশ্যতামূলক মিত্ৰতা নীতিৰ আবদ্ধ ৰাজ্যখনক ব্ৰিটিছ সৈন্যই যথোচিত প্ৰতিৰক্ষা আগবঢ়াব ।

খ) বশ্যতামূলক মিত্ৰতা নীতিত আবদ্ধ ৰাজ্যখনত এটা ব্ৰিটিছ সেনাদল মনোনীত কৰা হব ।


৩। লৰ্ড ডেলহাউচিয়ে ভাৰতৰ ৰাজ্যসমূহক কেিটা ভাগত ভাগ কৰিছিল আৰু কি কি /

উত্তৰঃ ১। কোম্পানীৰ দ্বাৰা সৃষ্ট দেশীয় ৰাজ্য ।

            ২। কোম্পানীৰ আশ্ৰিত বা অধীনস্থ ৰাজ্য ।

             ৩।  স্বাধীন ৰাজ্য ।


৪। বণিকবাদৰ উন্মেষৰ কাৰণসমূহ কি কি ?

উত্তৰঃ ক) নৱজাগৰণ ।

            খ) জনসংখ্যা বৃদ্ধি ।

            গ) ভৌগলিক অন্বেষণ ।

            ঘ) ধৰ্মীয় পৰিৱৰ্তন ।

            ঙ) আৰ্থিক পৰিৱৰ্তন ।

            চ)  ৰাজনৈতিক চিন্তাধাৰাৰ পৰিৱৰ্তন ।


গ) ব্ৰিটিছ সেনাদলটোৰ পৰিচালনাৰ দায়িত্ব কোম্পানীৰ বিষয়াৰ হাততে থাকিব ।

ঘ) কোম্পানীৰ সেনা-বাহিনীৰ যাৱতীয় খা-খৰচ দেীয় শাসকজনে কৰিব লাগিব ।

ঙ) বশ্যতামূলক মিত্ৰতানীতিত আবদ্ধ ৰাজ্যখনত এজন ব্ৰিটিছ সেনাদল অভিকৰ্তা থাকিব ।

চ) ব্ৰিটিছৰ অবিহনে অন্য কোনো ইউৰোপীয় শক্তিৰ লগত মিত্ৰতা কৰিব নোৱাৰিব ।

ছ) ৰাজ্যত অন্য ইউৰোপীয় নাগৰিকৰ বসবাস নিষিদ্ধ কৰিব লাগিব ।


৫।  ব্ৰিটিছ ঔপনিবেশবাদে ভাৰতবৰ্ষক কেইটা পৰ্যায়ত ভাগ কৰিছিল আৰু কি কি ?

উত্তৰঃ ক) বণিকবাদৰ পৰ্যায় ।

             খ) ঔদ্যোগিক পুঁজি বা মুক্ত বামিজ্যৰ পৰ্যায় ।

              গ) বিত্তীয় সাম্ৰাজ্যবাদৰ পৰ্যায় ।


৪। ফাৰুকছিয়াৰে  কিমান খ্ৰীঃত জাননী জাৰি কৰিছিল আৰু সেইজাননীখনক পিছত কি  ৰুপে জনাজাত হৈছিল ?

উত্তৰঃ ফাৰুকছিয়াৰে ১৭১৭ খ্ৰীষ্টাব্দত  জাননী জাৰি কৰিছিল আৰু সেই জাননীখনক মেগনা কাৰ্টা নামেৰে জনা যায় ।


৫। কিমান খ্ৰীষ্টাব্দত দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল ।

উত্তৰঃ ১৭৬৫ খ্ৰীষ্টাব্দত বংগদেশত ।


৬। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক অৱসান কেতিয়া ঘটোৱা হৈছিল ।

উত্তৰঃ ১৮১৩ খ্ৰীষ্টাব্দত ।


৭। আলিবৰ্দী খা কোন আছিল ?

উত্তৰঃ আলিবৰ্দী খা বংগৰ নৱাব আছিল ।


৮। আলিবৰ্দী খাৰ মৃত্যুৰ পাছত কোন বংগৰ নৱাব হৈছিল ।

উত্তৰঃ চিৰাজ-উদ-দৌল্লা ।


৯। ঘাচিতি বেগম কোন আছিল ।

উত্তৰঃ ঘাচিতি বেগম হল আলিবৰ্দী খাৰ ডাঙৰ ছোৱালী া চিৰাজ-ুউদ-দৌল্লাৰ মাহীয়েক আছিল ।


১০। চিৰাজ-উদ-দৌল্লা কোন আছিল ।

উত্তৰঃ চিৰাজ-উদ-দৌল্লা আলিবৰ্দী খাৰ উত্তৰাধিকাৰী াআৰু লগতে তেও পৰৱৰ্তী নৱাব আছিল ।


১১। চিৰাজ-উদ-দৌল্লাক কোনে হত্যা কৰিছিল ।

উত্তৰঃ চিৰাজ-উদ-দৌল্লাক মিৰজাফৰৰ পুতেক মিৰাণে হত্য কৰিছিল ।


১২। মণিহাৰি যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত মণিহাৰি যুদ্ধ চিৰাজ-উদ-দৌল্লা াৰু চৌকত সিংহৰ মাজত হৈছিল ।


১৩। ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগ শাসন কৰিবলৈ পঠা দিয়া দুজন ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ ক) ৰবাৰ্ট ক্লাইৱ

             খ) এডমিৰেল ৱাটচন ।


১৪। ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু বংগৰ নৱাব চিৰাজ-উদ- দৌল্লাৰ মাজত হোৱা সংঘাটৰ মূল কাৰণ কেইটা াৰু কি কি /

উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু বংগৰ নৱাবৰ মাজত হোৱা মূলকাৰণকেইটা হল 

ক) অবৈধভাৱে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগত দুৰ্গ সজোৱাি নিজাববীয়াকৈ প্ৰশাসনিক ক্ষেত্ৰ গঢ়ি তুলিছিল ।

খ) মোগল প্ৰশাসনে কোম্পানীক প্ৰদান কৰা দস্তকৰ অপব্যৱহাৰ কৰি ব্ৰিচিছ বিষয়াসকলে ব্যৱসায় কৰাত বংগৰ নৱাবে নিৰ্ধাৰিত ৰাজহ আহৰণ কৰিব পৰা নাছিল ।

গ) কলিকতাত থকা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ কোঠত বংগৰ পৰা পলায়ন কৰা কেিজনমান দেশদ্ৰোহীক শৰণ দিয়াত চিৰাজ-উদ-দৌল্লা সুখী হোৱা নাছিল ।

ঘ) কলিকতালৈ চিৰাজ-উদ-দৌল্লাই প্ৰেৰম কৰা কটকী নাৰায়ণ দাসক কোম্পানীৰ বিষয়াই অপমান কৰি ঘুৰাই পঠোৱাত নৱাব ক্ষুন্ন হৈছিল ।


১৫। চিৰাজ-উদ-দৌল্লাই কোম্পানীৰ ফৰ্ট উইলিয়াম দুৰ্গ কেতিয়া অধিকাৰ কৰিছিল ।

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দৰ ৪ জুনত ।


১৬। আলিনগৰ চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ ১৭৫৭ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে চিৰাজ-উদ-দৌল্লা আৰু ৰবাৰ্ট ক্লাইৱৰ মাজত ।


১৭ পলাশী যুদ্ধৰ পিছত বংগৰ  গৱৰ্ণৰ কোন আছিল ।

উত্তৰঃ ৰবাৰ্ট ক্লাইৱ 


১৮। পলাশী যুদ্ধৰ পিছত বংগৰ নৱাব কোন আছিল .

উত্তৰ- মীৰজাফৰ ।


১৯। মীৰজাফৰক বংগৰ নৱাব পতাৰ মূল কাৰণ কেইটা আৰু কি কি ?

উত্তৰ- ক) ইষ্ট-ইণ্ডিয়া কোম্পানীক নিয়মিতভাৱে বংগৰ ৰাজহ  আদায়ৰ প্ৰতিশ্ৰুতি ।

খ) কোম্পানীক ২৪ পৰগনাৰ জমিদাৰী স্বত প্ৰদান ।

গ) কোম্পানীৰ বিৰোধিতা কৰা ভাৰতীয়সকলক প্ৰশ্ৰয় নিদি সেিসকলকো নিজৰ শত্ৰু হিচাপে বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি ।

ঘ) কোম্পানীৰ সামৰিক বাহিনীৰ ভৰণ-পোষণৰ বাবদ বংগৰ ৰাজৰোষৰ পৰা অনুদান প্ৰদান ।


২০। মীৰকাচিমক বংগৰ নৱাব হিচাপে কেতিয়া মনোনীত কৰা হৈছিল ।

উত্তৰঃ ১৭৬০ খ্ৰীষ্টাব্দত ।


২১। মীৰকাচিম আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা চুক্তিৰ চৰ্তসমূহ কি আচিল ।
উত্তৰ
 ক) মীৰকাচিমে বুৰদোৱান, মেদিনীপূৰ, আৰু চিতাংগ কোম্পানীক গটাই দিছিল ।

খ) চিলেট জিলাৰ অৰ্ধেক ৰাজহ কোম্পানীৰ কোষলৈ গৈছিল .

গ) মীৰকাচিমে কোম্পানীৰ শত্ৰুসকলক নিজৰ শত্ৰু বুলি গণ্য কৰিবলগীয়া হৈছিল ।

ঘ) কোম্পানীৰ বাহিনীয়ে কৰ্ণাটকত ফৰাচী সৈন্যৰ বিৰুদ্ধে চলোৱা অভিযান কোষলৈ মীৰকাচিমে ২৫ লাখ টকা দান দিছিল  ।

ঙ) বংগত অবৈধ ভূমি অধিগ্ৰহণৰ পৰা কোম্পানীৰ বিষয়াসকল আঁতৰি আছিল ।


২২। মীৰকাচিম আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা কাজিয়াৰ কাৰণসমূহ কি আছিল ।

উত্তৰ- ক) ১৭৬৩ চনৰ জুনত পাটনা আক্ৰমণ, ব্ৰিটিছ বিষয়া ইলিচ । মীৰকাচিম জয়ী ।

খ) ১৭৬৩ ৰ ৯ জুলাইত ব্ৰিটিছ বিষয়া আডামৰ দ্বাৰা কাটৱা আক্ৰমণ, মীৰকাচিমৰ পৰাজয় ।

গ) ১৭৬৩ ৰ ২ আগষ্টত পুনৰ আডামৰ দ্বাৰা ঘেৰিয়া আক্ৰমণ, মীৰকাচিম পৰাভূত ।

ঘ) ১৭৬৩ ৰ ৫ ছেপ্তেম্বৰ উধুৱানালা যুদ্ধ । মীৰকাচিমৰ পৰাজয় ।

ঙ) বক্সাৰ যুদ্ধ ২২ ছেপ্তেম্বৰ ১৭৬৪ খ্ৰীষ্টাব্দ । ব্ৰিটিছ সেনানায়ক-মেজৰ ভিক্টৰ মনৰ' । মীৰকাচিমৰ মৈত্ৰী শক্তি পৰাজিত ।


২৩। কিমান খ্ৰীষ্টাব্দত প্ৰথম ইংগ-মহীশূৰ যুদ্ধ হৈছিল ।

উত্তৰঃ ১৭৬৭ খ্ৰীষ্টাব্দত প্ৰথম ইংগ মহীশূৰ যুদ্ধ আৰম্ভ হৈছিল ।


২৪। কিমান খ্ৰীষ্টাব্দত দ্বিতীয় ইংগ-মহীশূৰ যুদ্ধ হৈছিল ।

উত্তৰঃ ১৭৮০ খ্ৰীষ্টাব্দত দ্বিতীয় ইংগ মহীশূৰ যুদ্ধ হৈছিল ।


২৫। তৃতীয় ইংগ-মহীশূৰ যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১৭৯০ খ্ৰীঃত তৃতীয় ইংগ-মহীশূৰ যুদ্ধ হৈছিল ।


২৬। কিমান খ্ৰীষ্টাব্দত চতুৰ্থ ইংগ মহীশূৰ যুদ্ধ আৰম্ভ হৈছিল ।

উত্তৰঃ ১৭৯৮ খ্ৰীষ্টাব্দত চতুৰ্থ ইংগ-মহীশূৰ যুদ্ধ হৈছিল ।


২৭। প্ৰথম ইংগ-মাৰঠা যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ প্ৰধান কাৰণ কি আছিল ?

উত্তৰঃ প্ৰথম ইংগ-মাৰাঠা যুদ্ধ ১৭৭৫ খ্ৰীষ্টাব্দত হৈছিল আৰু ইয়াৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছৰ আগ্ৰাসন নীতি আৰু মাৰাঠা শক্তিৰ মাজৰ পাৰস্পৰিক দ্বন্দ্ব ।


২৮। দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰঃদ্বিতীয় ইংগ-মাৰাঠা যুদ্ধ ১৮০৩ চনত হৈছিল ।

 

২৯। বেচিন চুক্তিৰ কেইটামান ধাৰাৰ বিষয়ে লিখা ।

উত্তৰঃ ক) পেছোৱাই বাৰ্ষিক ২৬ লাখ খাজনা আহৰণকাৰী চাৰিখন প্ৰদেশ ক্ৰমে- গুজৰাট, তাপ্তিৰ দক্ষিণ অঞ্চল, তাপ্তি আৰু নৰ্মদাৰ মাজৰ সমভূমি, তুংগভদ্ৰাৰ সাৰুৱা উপত্যকা ব্ৰিটিছক প্ৰদান কৰিছিল

 ।

খ) ব্ৰিটিছৰ শত্ৰু হিচাপে গণ্য ইউৰোপীয় শক্তিৰ সৈতে মাৰাঠা শক্তিয়ে আলচ কৰিব নোৱাৰিব ।

গ) পেছোৱাৰ সুৰক্ষাৰ বাবে ৬,০০০ দেশীয় প্ৰদাতিক বাহিনী মকৰল কৰা যাব আৰু ইয়াৰ মাজত এদল ব্ৰিটিছ চিপাহীও থাকিব ।

৩০। দেওগাঁও চুক্তিৰ দফাসমূহ কি আছিল লিখা ।

উত্তৰঃ ক) ভোঁসলেই উৰিষ্যা প্ৰদেশখন ব্ৰিটিছক গতাই দিছিল ।

            খ) পশ্চিম বেৰাৰ ভোঁসলেই নিজামক অৰ্পণ কৰিছিল ।

             গ) বাৰ্ধা নৈৰ পৰা দক্ষিণৰ পাৰ্বত্য ভূমিলৈকে সকলো ক্ষেত্ৰ ব্ৰিটিছ সাম্ৰাজ্যৰ অৰ্ন্তভূক্ত হৈছিল ।


৩১। চাৰ্জে অঞ্জন গাঁও চুক্তি কিমান খ্ৰীঃত হৈছিল ।

উত্তৰঃ ১৮০৩ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰত চাৰ্জে অঞ্জন গাঁও চুক্তি হৈছিল

 ।

৩২। চাৰ্জে অঞ্জন গাঁও চুক্তিত মিলিত হোৱা ব্ৰিটিছ সৈন্যই লাভ কৰা সুবিধাসমূহ কি কি ?

উত্তৰঃ 

ক) বেচিন চুক্তিক মান্যতা প্ৰদান ।

খ) যমুনা আৰু গংগা নদীৰ মাজৰ সমতল ভূমি ব্ৰিটিছক প্ৰদান ।

গ)  আহমদনগৰ, ব্ৰছ, অজন্তা আৰু গোদাবৰীৰ মাজত থকা ভূমিস্বত্ব পৰিহাৰ ।

ঘ) ব্ৰিটিছৰ সৈতে স্বাক্ষৰিত পূৰ্বৰ সকলো চুক্তিত সন্মতি প্ৰদান ।

ঙ) নামমাত্ৰ মোগল সাম্ৰাজ্যৰ ওপৰত থকা কতৃত্ব পৰিহাৰ 

৩৩। ৰাজপূৰঘাট চুক্তি কেতিয়া হৈছিল ।

উত্তৰঃ ১৮০৫ খ্ৰীষ্টাব্দৰ ২৫ ডিচেম্বৰত ৰাজপূৰঘাট চুক্তি হৈছিল ।


৩৪। ৰাজপূৰঘাট চুক্তিৰ ধাৰাসমূহ কি আছিল ।

 উত্তৰঃ ৰাজপূৰঘাট চুক্তিৰ ধৰাসমূহ হল 

 ক) চম্বল, পুনা আৰু বুন্দেলখণ্ডৰ ওপৰত থকা মাৰাঠা শক্তিৰ কতৃত্বৰ অৱসান ।

খ) অম্বৰ, চান্দোৰ, আৰু চেৰগাঁও দুৰ্গ হোলকাৰক অৰ্পণ ।

গ) ব্ৰিটিছৰ ব্যতিৰেকে সকলো ইউৰোপীয় শক্তিৰ পৰা হোলকাৰ আঁতৰি থকাটো বাধ্যতামূলক ।


৩৫। তৃতীয় ইংগ-মাৰাঠা যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ  ১৮১৭ খ্ৰীষ্টাব্দত তৃতীয় ইংগ মাৰাঠা যুদ্ধ আৰম্ভ হৈছিল ।


৩৬। চিতালবন্দী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ।

উত্তৰঃ ১৮১৭ চনৰ নৱেম্বৰ মাহত নাগপুৰৰ আপ্পা চাহেব ভোঁসলে আৰু ব্ৰিটিছৰ মাজত চিতালবন্দী যুদ্ধ সংঘটিত হৈছিল .


৩৭। মাহিদপুৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ।

উত্তৰঃ ১৮১৭ চনৰ ৫ নবেম্বৰত মাহিদপুৰ যুদ্ধ সংঘটিত হৈছিল ।


৩৮। খিৰকি যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ ১৮১৭ চনৰ ৫ নবেম্বৰত খিৰকি যুদ্ধ সংঘটিত হৈছিল ।


চমুটোকা লিখা ।

অযোধ্যা

উত্তৰঃ ১৭৬৫ খ্ৰীষ্টাব্দৰ ১৬ আগষ্টত ৰবাৰ্ট ক্লািৱ াৰু অযোধ্যাৰ নৱাব চুজাুদৌল্লাৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধি ্নুযায়ী চুজাউদৌল্লাি ৰাজ্যখন ঘুৰাই পািছিল যদিও তাৰ বিনিময়ত ৫০ লাখ টকা, কাৰা, আৰু েলাহাবাদ প্ৰদেশ দুখন ইষ্ট-িণ্ডিয়া কোম্পানীক েৰি দিয়া ুপৰিো বিনাশুল্কে অযোধ্যাত ব্যৱসায় কৰাৰ পৰম্পৰা আৰম্ভ কৰাত কোম্পানী প্ৰশাসন আৰু চুজাউিদৌল্লাৰ মাজত সংঘাত আৱশ্যম্ভাৱী আছিল । ১৭৬৮ খ্ৰীষ্টাব্দৰ মেত ব্ৰিটিছ বণিকে অযোধ্যা আৰু বাৰাণসীৰ চুজাুদৌল্লাৰ বিৰোধিতা কল্পেই ব্যৱসায় কৰিবলৈ প্ৰণয়ন কৰা বাণিজ্য নীতিত অযোধ্যাৰ অৰ্থনীতিৰ পৰিপন্থী বিষয়ক কেতবোৰ সিদ্ধান্ত প্ৰকাশ পোৱাত চুজাই প্ৰৱল প্ৰতিবাদ কৰাৰ ফলতেই তদানীন্তন গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছ আৰু চুজাউদৌল্লাৰ মাজত ১৭৭৩ খ্ৰীষ্টাব্দত সহযোগিতা বাণিজ্যিক চুক্তি সম্পাদন হৈছিল ।

১৭৭৫ খ্ৰীষ্টাব্দত চুজাউদৌল্লাৰ মৃত্যুৰ পাছত তেঁওৰ পুত্ৰ আছফ-উদৌল্লা অযোধ্যাৰ শাসক হিচাপে মনোনীত হৈছিল । আছফ-উদৌল্লাৰ ওপৰত কোম্পানীয়ে তীব্ৰ চাপ প্ৰয়োগ কৰিছিল । যাৰ ফলত নতুন নৱাবে বছৰি পৰিশোধ কৰা পূৰ্বৰ ৰাজহতকৈ ৫০ হাজাৰ টকা অধিক কোম্পানীক পৰিশোধ কৰিবলৈ বাধ্য হৈছিল । তদুপৰি অযোধ্যাত  কোম্পানীৰ এদল সেনা বাহিনী ৰাজকীয় খা-খৰচত ৰাখিবলৈকো আছফ-উদৌল্লাক বাধ্য কৰোৱা হৈছিল । এনে বিপৰ্যয়ৰ মাজত আছফ-উদ-দৌল্লাই ঘোষণা কৰিছিল যে ভূতপূৰ্ব নৱাবসকলৰ সঞ্চিত পুঁজি ব্যৱহাৰ অবিহনে বিপুল ৰাজহ পৰিশোধ কৰাত অযোধ্যা অসমৰ্থ । অৰ্থাৎ অযোধ্যাৰ বেগমসকলৰ হাতত জমা হৈ থকা অৰ্থ খৰচৰ সিদ্ধান্ত আছফ-উদ-দৌল্লািী বিধৱা বেগমসকলৰ বাবে সংকট মাতি আনিছিল । বেগমসকলৰ সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৭৭৫ খ্ৰীষ্টাব্দত এক চুক্তি কৰিছিল ।

২। শিখসকল 

উত্তৰঃ ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পঞ্জাৱ উপত্যকাৰ অত্যন্ত সাহসী আৰু যোদ্ধা শিখসকলে ১৭৬৭-৭৩ খ্ৰীষ্টাব্দৰ মাজৰ সময়ছোৱাত এক দৃঢ় ৰাজনৈতিক মতাদৰ্শ প্ৰতিষ্ঠা কৰিছিল । মহাৰতা ৰঞ্জিত সিঙে অতি দক্ষতাৰে শিখসকলৰ মাজত থকা ১২ টা বিভাজন বা শ্ৰেণীক একজোট কৰি এক নতুন শিখ শক্তিৰ প্ৰভূত্ব বিস্তাৰ কৰাইছিল । প্ৰথম অৱস্থাত  ব্ৰিটিছ আৰু ৰঞ্জিত সিঙৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছিল । ব্ৰিটিছে কাশ্মীৰ পৰ্যন্ত ৰাজ্য বিস্তাৰ কৰাৰ স্বাৰ্থত ৰঞ্জিত সিঙৰ সহযোগিতা আৱশ্যকীয় বুলিয়েই এই নীতি লৈছিল । আনহাতে, আভ্যন্তৰীণ প্ৰতিপক্ষ বা ব্যৱসায়িক প্ৰতিদ্বন্দ্বী ফৰাচী বাহিনী অথবা নেপোলিয়নে যদি সম্ভাব্য ভাৰত আক্ৰমণ কৰে, তেন্তে সোয়া বাধা দিবলৈ ৰঞ্জিত সিঙৰ বন্ধুত্ব আৱশ্যকীয় বুলি ১৮০৬ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰীত ব্ৰিটিছে লাহোৰ চুক্তি স্বাক্ষৰিত কৰিছিল । লাহোৰ চুক্তিৰ পাছতো ব্ৰিটিছসকলে ৰঞ্জিত সিঙক সহজভাৱে লোৱা নাছিল। সেয়ে ১৮০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিলত অমৃতসৰ চুক্তি স্বাক্ষৰ কৰি দুয়ো পক্ষই চুটলেজ নদীক শিখ আৰু ব্ৰিটিছ সাম্ৰাজ্যৰ সীমাৰেখা হিচাপে নিৰ্ধাৰণ কৰিছিল । ইয়াৰ পিছতে ৰঞ্জিত সিঙে এখন দৰবাৰ আয়োজন কৰি গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিংকক উস্ম আদৰণি জনাইছিল । 


৩। প্ৰথম ইংগ-শিখ যুদ্ধ কেতিয়া হৈছিল ।

উত্তৰঃ প্ৰথম ইংগ-শিখ যুদ্ধ ১৮৪৩ খ্ৰীষ্টাব্দত হৈছিল ।


৪। ইংগ-সিন্ধু পত্যকাৰ সম্পৰ্কৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ পশ্চিম সীমান্তৰ সবাতোকৈ প্ৰয়োজনীয় প্ৰদেশ তথা উপত্যকা সিন্ধুৱে সমকালীন আৰ্ন্তজাতিক ৰাজনৈতিক পেক্ষাপটত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । ইংগ-ৰুছিয়া মতদ্বন্দ্বৰ ফলস্বৰুপে ৰুচিয়াই আফগানিস্থান বা পাৰস্য আক্ৰমণ কৰিব বুলি সচেষ্ট হৈ ব্ৰিটিছে সিন্ধু উপত্যকাত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ আগবাঢ়িছিল । ১৭৭৫ খ্ৰীষ্টাব্দত ইষ্ট-িণ্ডিয়া কোম্পানীয়েসিন্ধু উপত্যকাত এটা উদ্যোগ প্ৰতিষ্ঠা কৰিছিল যদিও ১৭৯২ খ্ৰীষ্টাব্দত সেই ঠাই ত্যাগ কৰিছিল । লৰ্ড মিন্টোৱে সিন্ধু উপত্যকালৈ বাণিজ্যিক কাৰ্যসূচী প্ৰেৰণ কৰিছিল । একেদৰে ১৮০৯ খ্ৰীষ্টাব্দত উভয়পক্ষৰ মাজত মৈত্ৰীপূৰ্ণ  চুক্তি স্বাক্ষৰিত হৈছিল আৰু ১৮২০ খ্ৰীষ্টাব্দত একেখন চুক্তিয়েি সংবৰ্ধিত হৈছিল । যাৰ অনুচ্ছেদ অনুযায়ী সিন্ধুত থকা আমেৰিকাৰ নাগৰিকসকলক আতৰি যাবলৈ নিৰ্দেশ দিয়া নাছিল । ১৮৩২ খ্ৰীষ্টাব্দৰ ২০ এপ্ৰিলত ব্ৰিটিছ আৰু সিন্ধু উপত্যকাৰ আমিৰসকলৰ মাজত বাণিজ্যিক চুক্তি সম্পাদিত হৈছিল । ১৮৩৪ খ্ৰীষ্টাব্দত মহাৰজা ৰঞ্জিত সিঙে ১৮৩২ খ্ৰীষ্টাব্দত সংম্পাদিত চুক্তিৰ কেতবোৰ অধিনিয়ম বিৰোধিতা কৰি সিন্ধু আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত আমীৰসকলে ব্ৰিটিছৰ লগত এখন প্ৰতিৰক্ষাত্মক চুক্তি কৰিছিল । ১৯৩৯ খ্ৰীষ্টাবেদৰ চুক্তি মৰ্মে ব্ৰিটিছৰ এটা সামৰিক বাহিনী শিখৰপূৰ আৰু বুখাৰত থাকিব । আমীৰসকলেি উক্ত বাহিনীৰ খা-খৰচ পৰিশোধ কৰিব লাগিব ।
 

Author: Ali Rani Kakati ( Ba in History Major)