Chapter: 1


শংকৰদেৱৰ সাহিত্যৰ পৰিচয় আৰু পটভূমি



আৰ্হি-প্ৰশ্নঃ

১। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱ।


২। মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হয়?

উত্তৰঃ ১৩৭১ শকত ইংৰাজী ১৪৪৯ খ্রীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাত মহা পুৰুষ শংকৰদেৱৰ জন্ম হয় ।


৩। শংকৰদেৱৰ শিক্ষাগুৰুগৰাকীৰ নাম কি?

উত্তৰঃ মহেন্দ্ৰ কন্দলি ।


৪। বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতাগৰাকীৰ নাম কি?

উত্তৰঃ ভগৱান বিষ্ণু।


৫। শংকৰদেৱৰ প্ৰথম কাব্য গন্থখনৰ নাম কি?

উত্তৰঃ ‘হৰিশ্চন্দ্ৰ উপাখ্যান'  ।


৬। শংকৰদেৱৰ এখন ভক্তিতত্ব প্ৰকাশক গন্থখনৰ নাম কি?

উত্তৰঃ ভক্তিতত্ব প্রধান ৰচনাঃ ভক্তি প্রদীপ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন।


৭। শংকৰদেৱে বাল্মিকী ৰামায়ণৰ কোনটো কাণ্ড অসমীয়ালৈ অনুবাদ কৰে?

উত্তৰঃ   শংকৰদেৱে বাল্মিকী ৰামায়ণৰ উত্তৰাকাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল।                                                                                                                                                                                                                                                                                                                   ৮। শংকৰদেৱৰ প্ৰথম নাটক খনৰ নাম কি?

উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান।


৯। শংকৰদেৱৰ শ্ৰেষ্ঠ নাট্যখনৰ নাম কি?

উত্তৰঃ কীৰ্তন মহাপুৰুষৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদর্শন। 


১০। শংকৰদেৱৰ শেষ নাট্য-কৃতি কি?

উত্তৰঃ শংকৰদেৱৰ শেষ নাট্য-কৃতি হল সংস্কৃত স্তোত্ৰ।


১১। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়?

উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি  ‘কীৰ্তন’ জনা যায়।


১২। গুণমালা কি বিষয়ক গ্ৰন্থ?

উত্তৰঃ নাম-প্ৰসংগ ।


১৩। হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাহিনীটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ হৰিচন্দ্ৰ উপাখ্যানৰ কাহিনীটো মাৰ্কণ্ডেয় পুৰাণৰ পৰা সংগ্ৰহ কৰা হৈছে।


১৪। নিমিনৱসিদ্ধ সংবাদত কিমানজন সিদ্ধৰ কথা উল্লেখ আছে।

উত্তৰঃ নজন সিদ্ধ থকা কথা কৈছে। 


১৫। অসমীয়া নাট্য সাহিত্যৰ জনক কোন?

উত্তৰঃ শংকৰদেৱ ।


১৬। চিহ্নযাত্ৰা কাৰ ৰচনা?

উত্তৰঃ শংকৰদেৱৰ ৰচনা।


১৭। শংকৰদেৱৰ ৰচিত বৰগীতসমূহ কি ভাষাত ৰচিত?

উত্তৰঃ শংকৰদেৱৰ ৰচিত বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।


১৮। পাৰিজাত হৰণ নাটৰ মূল কি?

উত্তৰঃ    এই কাহিনীভাগ ভাগৱত পুৰাণ, হৰিবংশ পুৰাণ, আৰু বিষ্ণু পুৰাণ ' ত পোৱা যায়।                                                                                                                                                                                                                             

১৯। ভটিমা কি?

উত্তৰঃভটিমা হ'ল একপ্ৰকাৰৰ গীত। 


২০। বৰগীট কোন যুগৰ সৃষ্টি?

উত্তৰঃ বৰগীত শংকৰী যুগৰ সৃষ্টি।


২১। শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম লিখা ৷

উত্তৰঃ 'মন মেৰি ৰাম চৰণহি লাগু'।


২২৷ শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান ।

উত্তৰঃ ২৪০টা


২৩। শংকৰী যুগৰ আন এটা নাম কি ?

উত্তৰঃ প্ৰাগজ্যোতিষ।


২৪ । শংকৰদেৱৰ মৃত্যু কেতিয়া হয় ? 

উত্তৰঃ১৫৬৯চনত।


২৫। শংকৰদেৱ ৰচিত দুখন ভক্তিতত্ত্বমূলক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী।


২৬। শংকৰদেৱ ৰচিত দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ কীৰ্তন, আৰু গুণমালা।


২৭। কীর্তন পুথিত কিমানটা খণ্ড আছে ? এটা খণ্ডৰ নাম লিখা ।

উত্তৰঃ ২৭ টা খণ্ডআছে। তাৰে এটা খণ্ড হৈছে শিশুলীলা।


২৮। ৰুক্মিণী হৰণ কাব্যৰ কাহিনী ক’ৰ ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ।

উত্তৰঃহৰিবংশৰ পৰা লৈ ভাগৱতৰ অলপ কথা যোগ দিছে।


২৯। বৰগীতক কালিৰাম মেধি আৰু বাণীকান্ত কাকতিয়ে কি কি বুলি কৈছিল ?

উত্তৰঃ বৰগীতক কালিৰাম মেধিয়ে 'great song or songs of celestial'. আৰু বাণীকান্ত কাকতিয়ে 'Noble Number' বুলি কৈছিল।


৩০। গুণমালা পুথি কি ছন্দত ৰচিত ৷ ইয়াত কিমানটা পদ আছে ?

উত্তৰঃ কুসুমমালা ছন্দত ৰচিত।


৩১। পাৰিজাত হৰণ নাটত সন্নিৱিষ্ট দুটা চৰিত্ৰৰ নাম লিখা ৷

উত্তৰঃ শ্ৰী-কৃষ্ণ আৰু ৰুক্মিণী।


৩২। কালিয়দমন আৰু পত্নী প্রসাদ নাটৰ কাহিনীভাগ ক’ৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ কালিয়দমন ভাগৱতৰ দশম স্কন্ধৰ পৰা আৰু পত্নী প্ৰসাদ পুৰাণৰ ১০ম স্কন্ধৰ পৰা লোৱা হৈছে।




Author: DIKHA BORA