Chapter: 2  

চুলতানী যুগৰ ৰাজনৈতিক গঠন  Sultanate Political Structures


১. আৰৱসকলৰ পিছতেই কোনে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?

উত্তৰঃ আৰৱসকলৰ পিছতেই তুৰ্কী মুছলমানসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ।

২. চুতান মামুদে সৰ্বমুঠ কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰঃ চুলতান মামুদে সৰ্বমুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল ।

৩. তুৰ্কীস্থানৰ এক সম্ভান্ত পৰিয়ালত কাৰ জন্ম হৈছিল ?

উত্তৰঃ তুৰ্কীস্থানৰ এক সম্ভান্ত পৰিয়ালত কুতুবুদ্দিন আইবাকৰ জন্ম হৈছিল।

৪. কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কি বংশ নামেৰে জনা যায় ?

উত্তৰঃ কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ নামেৰে জনা যায় ।

৫. কিহৰ বাবে কুতুবুদ্দিন বিখ্যাত আছিল ?

উত্তৰঃ উদাৰতা আৰু দানশীলতাৰ বাবে কুতুবুদ্দিন বিখ্য়াত আছিল ।

৬. চুলতানা ৰেজিয়া কিমান বছৰ কাল শাসন কৰিবলৈ পাইছিল  ?

উত্তৰঃ চুলতানা ৰেজিয়া ৩ বছৰ কাল শাসন কৰিবলৈ পাইছিল। 

৭. কিমান খৃঃত মঙ্গোল বিলাকে এক ভয়াবহ আক্ৰমণ চলালে ? 

উত্তৰঃ ১২৭৯ খৃঃত মঙ্গোল বিলাকে এক ভয়াবহ আক্ৰমণ চলালে।

৮. ১২৯০ খৃঃৰ ১৩ জুন তাৰিখৰ পৰা দিল্লীত কি বংশ প্ৰতিষ্ঠা হৈছিল ?  

উত্তৰঃ ১২৯০ খৃঃৰ ১৩ জুন তাৰিখৰ পৰা দিল্লীত দাস বংশৰ শাসন লোপ পাইছিল আৰু তাৰ ঠাইত খিলজি বংশৰ শাসন আৰম্ভ হৈছিল।

৯. দাস বংশৰ শেষ চুলতান কাক হত্যা কৰি জালালুদ্দিন খিলজি ১২৯০ খৃঃত দিল্লীৰ চুলতান পদত অধিষ্ঠিত হৈছিল ?

উত্তৰঃ দাস বংশৰ শেষ চুলতান কৈকোবাদক হত্যা কৰি জালালুদ্দিন খিলজি ১২৯০ খৃঃত দিল্লীৰ চুলতান পদত অধিষ্ঠিত হৈছিল। 

১০. ১৫১৭ খৃঃৰ ২১ নৱেম্বৰত আগ্ৰাত কাৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৫১৭ খৃঃৰ ২১ নৱেম্বৰত আগ্ৰাত ছিকন্দৰ লোডীৰ মৃত্যু হৈছিল।


Author: Krishna Bora



Post ID : DABP003439