পাঠ-২ 


ঔপনিবেশিক ৰাজ্য আৰু বিচাৰধাৰা 


১। ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনীৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় ?

উত্তৰঃ ষ্টিংগাৰ লৰেন্সক ব্ৰিটিছ সৈন্য বাহিনীৰ পিতৃপুৰুষ বুলি কোৱা হয় ।


২। ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আৰতীয় সৈন্য বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়ক কোন আছিল ।

উত্তৰঃ ষ্টিংগাৰ লৰেন্স ।


৩। কিমান খ্ৰীষ্টাব্দত ৰবাৰ্ট ক্লাইৱে বংগ প্ৰচিডেন্সীত ভাৰতীয় চিপাহী বেটেলিয়ান ৰখা আৰম্ভ কৰিছিল .

উত্তৰঃ ১৭৫৭ খ্ৰীঃত ।


৪। ১৮৪৪ খ্ৰীঃত একত্ৰিত হোৱা কিমান সৈন্য আমাৰ দেশীয় আৰু কিমান সৈন্য ইউৰোপীয় আছিল ।

উত্তৰঃ দেশীয় সৈন্য ২,৩৫,৪৪৬ জন আৰু ইউৰোপীয় সৈন্য ১৮,৫৮৪ জন ।


৫। ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ সময়ত ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সৈন্য বাহিনীত সৈন্যৰ সংখ্যা কিমান আছিল ।


উত্তৰঃ ৩,১১, ৪০০ জন .

৬। সৈন্য বাহিনীত ইউৰোপীয় সৈন্যৰ তুলনাত ভাৰতীয় সৈন্যি নিয়োগ লাভ কৰাৰ কাৰণসমূহ কি আছিল /

উত্তৰ- ক) ইংলেণ্ডৰ পৰা মাত্ৰাধিক সৈন্য অনাত থকা অসুবিধা আৰু আৰ্থিক ব্যয় ।

খ) কম বেতনত সৈন্যবাহিনীত নিয়োগ লাভৰ বাবে তৎপৰ ভাৰতীয়ৰ সংখ্যাধিক্য ।

গ) ভাৰতীয়সকলৰ মাজত দ্ৰিদ্ৰতা বৃদ্ধি পোৱাত দেখা দিয়া সমস্যা ।

ঘ) শাসকগোষ্ঠীৰ সৈতে জড়িত থকাৰ সুযোগ সন্ধানী চৰিত্ৰ ।

ঙ) ভাৰতীয়সকলৰ মাজত ৰাষ্ট্ৰবাদী ভাৱনাৰ অভাৱ আৰু নেতৃত্বৰ প্ৰতি থকা নিষ্ঠাভাৱ ।



৭। ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীটোক কিমান ভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰঃ ব্ৰিটিছ ভাৰতীয় সৈন্যবাহিনীটোক তিনিটা ভাগত ভাগ কৰা হৈছিল সেই ভাগকেইটা হল 

ক) ইউৰোপীয় বিষয়া ।

খ) ভাৰতীয় বিষয়া ।

গ) ভাৰতীয় সৈন্য বা চিপাহী ।


৮। কিমান চনত এই প্ৰেচিডেন্সী সৈন্যবাহিনীৰ কেইটাৰ  বিলুপ্তি ঘটাইছিল ।

উত্তৰঃ ১৮৯৫ খ্ৰীষ্টাব্দত ।


৯। লেফটেনেন্ট জেনেৰেলৰ নেতৃত্বত েই সৈন্য বাহিনীটোক চাৰিটা ভাগত ভাগ কৰা হৈছিল আৰু এই  ভাগকেইটাৰ নাম কি আছিল ।

উত্তৰঃ পঞ্জাৱ, মাদ্ৰাজ, বংগ আৰু বোম্বাই ।


১০। কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ যুদ্ধ সচিব লৰ্ড সিলৰ নেতৃত্বত সৈন্য বাহিনীৰ সংস্কাৰৰ বাবে পৰামৰ্শ আগৱঢ়াইছিল ।

উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দত ।


১১। সৈন্য বাহিনীত নিযুক্তিৰ বাবে কেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ।

উত্তৰঃ সৈন্য বাহিনীত নিযুক্তিৰ বাবে কিটছনাৰ পৰীক্ষা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ।


১২। ভাৰতীয় সৈন্য কেতিয়া পুনৰ প্ৰৱৰ্তন কৰা হৈছিল ।

উত্তৰঃ ১৯২২ খ্ৰীষ্টাব্দত ব্ৰিটিছ ভাৰতীয় সৈন্য বাহিনী পুনৰ প্ৰৱৰ্তন কৰা হৈছিল ।


১৩। সেনা নিয়ন্ত্ৰণৰ ভৌগলিক ক্ষেত্ৰসমূহ কি কি্ /

উত্তৰঃ সেনা নিয়ন্ত্ৰণয় ভৌগলিক নিয়মসমূহ হল 

ক) উত্তৰে-- ৰাৱালপিণ্ডি

খ) পূবে---- নািনিতাল

গ) পশ্চিমে-- কুৰেট্টা 

ঘ) দক্ষিণে-- পুনাৰ সেনা কোঠৰ পৰা নিয়ন্ত্ৰিত ।


১৪।জমিদাৰসকলৰ আৰক্ষী সম্বন্ধীয় অধিকাৰৰ বিলুপ্তি কিমান চনত ঘটোৱা হৈছিল ।

উত্তৰঃ ১৭৯৩ খ্ৰীষ্টাব্দত  REGULATION আইন প্ৰণয়ন হোৱাৰ পিছত ।


১৫। কিমান খ্ৰীষ্টাব্দত আৰু কাৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৯০২ খ্ৰীষ্টাব্দত চাৰ এন্দু ফ্ৰেজাৰৰ অধ্যক্ষতাত এখন আয়োগ কৰা হৈছিল ।


১৬। কিমান চনত আৰু কাৰ দিনত ৰেগুলেটিং আইন বলবৎ কৰা হৈছিল ।

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত ৱাৰেণ হেষ্টিংছৰ দিনত ৰেগুলেটিং আইন বলবৎ কৰা হৈছিল ।


১৭। সৰ্বোচ্চ ন্যায়ালয় কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ সৰ্বোচ্চ ন্যায়ালয় কলিকতাত স্থাপন কৰা হৈছিল ।


১৮। সৰ্বোচ্চ ন্যায়ালয়ৰ  প্ৰথমজন মুখ্য ন্যয়াধীশৰ নাম কি ।

উত্তৰঃ চাৰ এলিজা ৰেম্প হৈছে সৰ্বোচ্চ ন্যয়ালয়ৰ প্ৰথমজন মুখ্য ন্যয়াধীশ ।


১৯। লৰ্ড কৰ্ণৱালিছৰ প্ৰশাসনীয় সংস্কাৰসমূহক কি নামেৰে জনা যায় ।

উত্তৰঃ লৰ্ড কৰ্ণৱালিছৰ প্ৰশাসনীয় সংস্কাৰসমূহক কৰ্মৱালিছ বিধি নামেৰে জনা যায় ।


২০। প্ৰথম বিধি আয়োগ কিমান খ্ৰীষ্টাব্দত আৰু কাৰ অধ্যক্ষতাত স্থাপন কৰা হৈছিল ।

উত্তৰঃ প্ৰথম বিধি আয়োগ ১৮৩৩ খ্ৰীষ্টাব্দত লৰ্ড মেকলেৰ অধ্যক্ষতাত স্থাপন কৰা হৈছিল ।


২১। কিমান খ্ৰীষ্টাব্দত পুনৰ বিধি আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৮৫৩ খ্ৰীষ্টাব্দত পুনৰ বিধি আয়োগ গঠন কৰা হৈছিল ।


২২। ব্ৰিটিছৰ যুগৰ কেিখনমান উল্লেখযোগ্য অনুবাদ সাহিত্যৰ নাম লিখা .

উত্তৰঃ উইলিয়াম জ'নছৰ  A grammar of the persian language (১৭৭১), উইলিয়াম কেৰীৰ A grammar of the bengalee language ।


২৩। কোনে কিমান চনত ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ ব্ৰিটিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলীয়ে ১৮০০ খ্ৰীষ্টাব্দত ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰিছিল ।


২৪। চাৰ্টাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ।

উত্তৰ- ১৮১৩ খ্ৰীষ্টাব্দত চাৰ্টাৰ আইন প্ৰণয়ন কৰা হৈছিল ।


২৫। কিমান খ্ৰীষ্টাব্দত সতী প্ৰথাক অবৈধ বুলি ঘোষণা কৰা হৈছিল ।

উত্তৰঃ ১৮২৯ খ্ৰীষ্টাব্দত সতী প্ৰথাক অবৈধ বুলি ঘোষণা কৰা হৈছিল ।


২৬। কিমান খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইন গঠন কৰা হৈছিল।

উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ভাৰত পৰিষদ আইন গঠন কৰা হৈছিল ।


২৭। কিমান খ্ৰীষ্টাব্দত History of  British India  কিতাপখন ৰচনা কৰা হৈছিল ।

উত্তৰঃ ১৮১৮ খ্ৰীষ্টাব্দত ।


২৮। কিমান খ্ৰীষ্টাব্দত আৰু কোনে পোন প্ৰথমে কলিকতাত স্কুল স্থাপন কৰিছিল ।

উত্তৰঃ ১৭৮১ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছে পোন প্ৰথমে কলিকতাত এখন মাদ্ৰাছা স্থাপন কৰিছিল ।


২৯। কোনে কেতিয়া কত সংস্কৃত কলেজ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ জনাথন ডানকানে ১৭৯১ খ্ৰীষ্টাব্দত বাৰাণসীত এখন সংস্ক-ত কলেজ প্ৰতিষ্ঠা কৰিছিল ।


৩০। ভাৰতীয় ভাষা আৰু ৰীতি-নীতি শিক্ষা প্ৰদানৰ কেতিয়া আৰু কিমান চনত কলেজ স্থাপন কৰিছিল।

উত্তৰঃ ভাৰতীয় ভাষা আৰু ৰীতি নীতি শিক্ষা প্ৰদানৰ বাবে ১৮০০ খ্ৰীষ্টাব্দত কলিকতাত ফৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিল ।


৩১। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিকাশৰ প্ৰথমটো গুৰুত্বপূপ্ণ পদক্ষেপ কি আছিল ।

উত্তৰঃ  ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কোম্পানী চৰকাৰৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ হল ১৮১৩ খ্ৰীষ্টাব্দৰ চাৰ্টাৰ আইন ।


৩২। হিন্দু কলেজ কিমান খ্ৰীষ্টাব্দত আৰু কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮১৭ খ্ৰীষ্টাব্দত কলিকতাত হিন্দু কলেজ স্থাপন কৰা হৈছিল ।


৩৩। স্কটিছ মিছনেৰী কিমান চনত আৰু কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮৩০ চনত স্কটিছ মিছনেৰী কলিকতাত স্থাপন কৰা হৈছিল ।


৩৪। কিমান চনত দিল্লী কলেজ প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ ১৮২৮ চনত দিল্লী কলেজ প্ৰতিষ্ঠা কৰা হৈছিল ।


৩৫। প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কিমান চনত আৰু কত স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮৩৫ খ্ৰীষ্টাব্দত কলিকতাত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ।


৩৬। কিমান খ্ৰীষ্টাব্দত আৰু কত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছিল ।

উত্তৰ- ১৮৪৭ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছিল ।


৩৭। কিমান খ্ৰীষ্টাব্দত আৰু কত হিন্দু বালিকা বিদ্যালয় স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮৪৯ খ্ৰীষ্টাব্দত কলিকতাত হিন্দু বালিকা বিদ্যালয় স্থাপন কৰা হৈছিল ।


৩৮। উডৰ ঘোষমা পত্ৰ কেতিয়া প্ৰণয়ন কৰা হৈছিল ।

উত্তৰঃ ১৮৫৪ খ্ৰীষ্টাব্দত উডৰ ঘোষণা পত্ৰ প্ৰণয়ন কৰা হৈছিল ।


৩৯। উডৰ পৰামৰ্শবোৰৰ বিষয়ে লিখা ।

উত্তৰঃ উডৰ পৰামৰ্শবোৰৰ বিষয়ে তলত আলোচনা কৰা হল 

ক) প্ৰাথমিক বিদ্যলয় স্তৰত শিক্ষাৰ মাধ্যম দেশীয় ভাষা, মাধ্যমিক স্থৰত ইংগ-দেশীয় ভাষা আৰু উচ্চ শিক্ষাৰ মাধ্যম ইংৰাজী কৰাৰ পৰামৰ্শ দিছিল ।

খ) লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত কলিকতা, বোম্বাই আৰু মাদ্ৰাজত একোখনকৈ বিশ্ববিদ্যলয় স্থাপনৰ প্ৰস্তাৱ দিছিল ।

গ) শিক্ষণ  প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ বিষয়ে উল্লেখ কৰিছিল ।

ঘ) ব্যৱহাৰিক শিক্ষাৰ প্ৰসাৰৰ ওপৰত বল দি পৃথক শিক্ষানুস্থান গঢ়ি তোলাৰ প্ৰাধান্য দিছিল .

ঙ) প্ৰাথমিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল ।

চ) স্ত্ৰী শিক্ষাৰ আবশ্যকতাক প্ৰমূল্য দি  প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ পৰামৰ্শ দিছিল ।

ছ) শিক্ষাৰ প্ৰসাৰত ব্যক্তিগত প্ৰচেষ্টাক উৎসাহ জনাবলৈ আৰ্থিক অনুদানৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিছিল থকাৰ লগতে প্ৰয়োজনসাপেক্ষে নতুন শিক্ষানুস্থান স্থাপনৰ পৰামৰ্শ দিছিল ।

জ)  মেধাৱী ছাত্ৰৰ বাবে বৃত্তি দিয়াৰ পৰামৰ্শ দিছিল । 

ঞ) কোম্পানীৰ চৰকাৰক ভাৰতীয় জনসাধাৰণৰ শিক্ষাৰ দায়িত্ব লোৱাৰ পৰামৰ্শ দিছিল । 


৪০। কিমান চনত আৰু কত কাৰ নিৰ্দেশত তিনি্খন বিশ্ববিদ্যলয় স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১৮৫৭ খ্ৰীষ্টাব্দত উডৰ পৰামৰ্শমতে ভাৰতবৰ্ষত তিনিখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ।


৪১। কিমান খ্ৰীষ্টাব্দত আৰু কাৰ অধ্যক্ষতাত হান্টাৰ আয়োগ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৮৮২ খ্ৰীষ্টাব্দত চাৰ উইলিয়াম হান্টাৰৰ অধ্যক্ষতাত হান্টাৰ আয়োগ গঠন কৰা হৈছিল ।

 

৪১। হান্টাৰ আয়োগৰ পৰামৰ্শসমূহ কি কি ?

উত্তৰঃ হান্টাৰ আয়োগৰ পৰামৰ্শসমূহ হল 

ক) হান্টাৰ আয়োগে প্ৰাথমিক শিক্ষাক ব্যক্তিৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচনা কৰি ইয়াৰ পৰিচালনা আৰু প্ৰসাৰত বিশেষ মহত্ব দিছিল ।

খ) চৰকাৰে প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ প্ৰত্যক্ষ দায়িত্ব আৰু নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱাৰ পৰামৰ্শ দিছিল আৰু তাৰ স্থানত ব্যক্তিগত প্ৰয়াস আৰু ভাৰতীয়সকল আগবাঢ়ি অহাৰ পোষকতা কৰিছিল ।

গ) মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে স্নাতক শিক্ষক প্ৰশিক্ষণৰ আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল ।

ঘ) উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে বৃত্তীয় আৰু বিশেষ অনুদান আগৱঢ়োৱাৰ পৰামৰ্শ দিছিল ।

ঙ) উচ্চ শিক্ষানুস্থানত বিভিন্ন প্ৰকাশৰ বহল পাঠ্যক্ৰমৰ পোষকতা কৰিছিল ।

চ) স্বদেশী শিক্ষাৰ ক্ষেত্ৰটো সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু উপযুক্ত সহযোগিতা আগবঢ়োৱাৰ পৰামৰ্শ দিছিল ।

ছ) শিক্ষানুষ্ঠানত ছাত্ৰ বৃত্তি, পাৰিতোষিক, অনুদান প্ৰদান আৰু এইক্ষেত্ৰত সমানতাৰ ওপৰত গুৰুত্ব দিছিল ।

জ) ধৰ্মীয় শিক্ষাৰ মহত্ব উপলব্ধি কৰিলেো সাৰ্বজনীন আৰু চৰকাৰী শিক্ষানুস্থানত ধৰ্ম নিৰপেক্ষ শিক্ষাৰ পোষকতা কৰিছিল ।

ঝ) মুছলমানসকলৰ মাজত শিক্ষাৰ বিকাশৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আবশ্যকতা ব্যক্ত কৰিছিল ।

ঞ) পিছপৰা শ্ৰেণী আৰু নাৰীৰ মাজত শি৭াৰ প্ৰসাৰৰ প্ৰতিও হান্টাৰ আয়োগ সচেতন আছিল । স্ত্ৰী শিক্ষাক উৎসাহিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল ।


Author: Ali Rani Kakati