অধ্য়ায়-২৩

১।    ধৃষ্টদ্য়ুম্ন কোন?

উত্তৰঃ দ্ৰৌপদী ককাইক আৰু দ্ৰুপদ ৰজা পুতেক।

২।    দ্ৰুপদ ৰজাই দ্ৰৌপদীৰ বিবাহৰ ক্ষেত্ৰত কি চৰ্ত ৰাখিছিল?

উত্তৰঃ ৰভাঘৰত এখন প্ৰকাণ্ড ধেনু আছে ওপৰত সৌটো চকৰি ঘূৰি আছে। তাৰ ওপৰত আকৌ এটা সোণোৱালী লক্ষ্য় বস্তু আছে। ধেনুখনত গুণ লগাই চকৰিটোৰ মাজেদি শৰ মাৰি যেয়ে সেই লক্ষ্য় বস্তুটো নমাই আনিব পাৰিব সেয়ে দ্ৰুপদ ৰজা জীয়ৰী দ্ৰৌপদীৰ স্বামী হ'ব বুলি দ্ৰুপদ ৰজা চৰ্ত ৰাখিছিল।  

৩।    ৰজা ধৃতৰাষ্ট্ৰই পাণ্ডৱসকলক ক'ত ৰাজধানী পাতি থাকিবলৈ আদেশ দিছিল? নতুন ৰাজধানীখনৰ নাম কি আছিল?

উত্তৰঃ ৰজা ধৃতৰাষ্ট্ৰই পাণ্ডৱসকলক খাণ্ডৱপ্ৰস্থতে ৰাজধানী পাতি থাকিবলৈ আদেশ দিছিল। নতুন ৰাজধানীখনৰ নাম হ'ল ইন্দ্ৰপ্ৰস্থ।



Author- Bikash Bora