অধ্য়ায়-২৬ ৰ পৰা ২৭ লৈ

১।    যুধিষ্ঠিৰক পাশাখেলৰ বাবে কোনে আমন্ত্ৰণ জনাইছিল?

উত্তৰঃ যুধিষ্ঠিৰক পাশাখেলৰ বাবে বিদুৰে আমন্ত্ৰণ জনাইছিল।

২।    শিশুপাল কোন আছিল? তেওঁক শ্ৰীকৃষ্ণই কিয় বধ কৰিছিল?

উত্তৰঃ  শিশুপাল শ্ৰীকৃষ্ণৰ ভাগিনিয়েক আছিল। শিশুপালে ভীষ্ম, যুধিষ্ঠিৰ আৰু আন সকলোকে গালি পাৰিবলৈ ধৰিলে। আনকি কৃষ্ণকো অপমান কৰিবলৈ আগ বাঢ়িছিল। পাছত কৃষ্ণৰ অসহ্য় হ'লগৈ আৰু তেওঁ সুদৰ্শন চক্ৰেৰে শিশুপালৰ মূৰটো কাটি পেলালে।

৩।    যুধিষ্ঠিৰে পাশাখেলৰ পণ হিচাপে কি ৰাখিছিল?

উত্তৰঃ যুধিষ্ঠিৰে পাশাখেলৰ পণ হিচাপে এহেজাৰ হাতী ৰাখিছিল। 



Author- Bikash Bora