অধ্য়ায়-২৮

১।     দুঃশাসনে দ্ৰৌপদীক কৰা অপমানৰ প্ৰতিশোধ ল'বলৈ ভীমে কি প্ৰতিজ্ঞা কৰিছিল?

উত্তৰঃ দুঃশাসনে দ্ৰৌপদীক কৰা অপমানৰ প্ৰতিশোধ ল'বলৈ ভীমে এই বুলি প্ৰতিজ্ঞা কৰিছিল যে হে ৰজাসকল আৰু জগতৰ ক্ষত্ৰিয়সকল আপোনাসকলে শুনক যি পাপী দুঃশাসনে দ্ৰৌপদীক সভাৰ মাজলৈ টানি আনি এনেকুৱা অপমান কৰিলে সেই দুঃশাসনৰ বুকু ফালি মই আঁজলিয়ে আঁজলিয়ে তেজ পিহে এৰিম। 

২।    দ্ৰৌপদীয়ে ধৃতৰাষ্ট্ৰৰপৰা কি বৰ বিচাৰিছিল?

উত্তৰঃ দ্ৰৌপদীয়ে ধৃতৰাষ্ট্ৰৰপৰা ধৰ্মপৰায়ণ যুধিষ্ঠিৰ যে পাশাখেলত

পৰৰ দাস হ'ব লগীয়া হ'ল তাৰ পৰা তেওঁক মুক্তি দিব লাগে এই বুলি বৰ বিচাৰিছিল।

৩।    দ্বিতীয়বাৰ পাশাখেলৰ সময়ত শকুনিয়ে পাণ্ডৱসকলৰ আগত কি চৰ্ত ৰাখিছিল?

উত্তৰঃ দ্বিতীয়বাৰ পাশাখেলৰ সময়ত শকুনিয়ে পাণ্ডৱসকলৰ আগত বাৰ বছৰ বনত বাস কৰিব লাগিব এই বুলি চৰ্ত ৰাখিছিল। 



Author- Bikash Bora