অধ্য়ায়-৩২ ৰ পৰা ৩৩ লৈ

১।    গন্ধৰ্বৰ হাতৰপৰা দুৰ্যোধনক কোনে মোকলাই নিছিল? পাণ্ডৱ আৰু গন্ধৰ্বসকলৰ মাজত কিয় ৰণ লাগিছিল?

উত্তৰঃ গন্ধৰ্বৰ হাতৰপৰা দুৰ্যোধনক পাণ্ডৱসকলে মোকলাই নিছিল। দুৰ্যোধনৰ পাত্ৰ-মন্ত্ৰী কিছুমানে পাণ্ডৱসকল ওচৰতে থকা বুলি জানিছিল। তেওঁ অৰ্জুনক গন্ধৰ্বসকলৰ ওচৰলৈ যাবলৈ ক'লে। দুৰ্যোধনহঁতক মুকলি কৰি নিদিয়ে তেন্তে যুদ্ধ কৰি হ'লেও তেওঁলোকক মোকলাই আনিব লাগিব। সেইমতে অৰ্জুনে গৈ গন্ধৰ্বসকলক ক'লে। কিন্তু তেওঁলোকে কোনোপধ্য়ে দুৰ্যোধনক এৰি দিয়া নহ'ব বুলিয়েই ক'লে। গতিকে গন্ধৰ্বৰ লগত পাণ্ডৱৰ যুদ্ধ হ'ল। 

২।    দুৰ্বাসা মুনিয়ে কাৰ কথামতে যুধিষ্ঠিৰৰ ঘৰত উপস্থিত হৈছিল?

উত্তৰঃ দুৰ্বাসা মুনিয়ে দুৰ্যোধনৰ কথামতে যুধিষ্ঠিৰৰ ঘৰত উপস্থিত হৈছিল। 

৩।    দুৰ্বাসা মুনি তথা তেওঁৰ সংগীসকলে যুধিষ্ঠিৰৰ গৃহত খাদ্য় গ্ৰহণ নকৰাকৈ কিয় আঁতৰি গ'ল?

উত্তৰঃ সংগীসকলে গা ধুই উঠি দেখে যে তেওঁলোকৰ দেখোন পেট ভৰি আছে। পাণ্ডৱৰ ঘৰতনো কি খাবগৈ? নাখালেও পাণ্ডৱসকলে সুখেৰে নেৰিব এই বুলি ভাবি দুৰ্বাসা মুনি তথা সংগীসকলে যুধিষ্ঠিৰৰ গৃহত সেই কাৰণে খাদ্য় গ্ৰহণ নকৰাকৈ আঁতৰি গ'ল। 



Author- Bikash Bora