অধ্য়ায়-৩৭

১।     বিৰাট ৰজাৰ সৈতে সুশৰ্মাৰ কিয় তয়াময়া ৰণ লাগিছিল?

উত্তৰঃ ত্ৰিগৰ্ত দেশৰ মানুহে সৈন্য়-সামন্ত লৈ আহি এক লাখমান গৰু খেদি লৈ গ'ল। কথাষাৰ শুনি বিৰাট ৰজাই নিজে সৈন্য-সামন্ত লৈ সাজি-কাচি ওলাল। তাৰ উপৰি যুধিষ্ঠিৰ আৰু নকুল, সহদেৱ আটাইকিজনৰে স্বাস্থ্যবান দেহা আৰু চলন-ফুৰণৰ স্বভাৱ দেখি তেওঁলোককো একো একোখন ৰথ দি যুঁজলৈ পঠালে। এই কাৰণে সুশৰ্মাৰ লগত বিৰাট ৰজাৰ তয়াময়া ৰণ লাগিল। 

২।     অৰ্জুন আৰু দুৰ্যোধনক শ্ৰীকৃষ্ণই কেনেদৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে?

উত্তৰঃ শ্ৰীকৃষ্ণই অৰ্জুনক নিজে বাছি ল'ব দিছে আৰু অৰ্জুনে ক'লে মোক যুদ্ধ নকৰা কৃষ্ণহে লাগে। আৰু তাৰ পাছত দুৰ্যোধনকো নিজে বাছি ল'ব দিছে আৰু দুৰ্যোধনে ক'লে মোক নাৰায়ণী সেনাকে ল'ম বুলি শ্ৰীকৃষ্ণই অৰ্জুন আৰু দুৰ্যোধনক সহায় প্ৰতিশ্ৰুতি দিলে।



Author- Bikash Bora