অধ্য়ায়-৩৯

১।    শ্ৰীকৃষ্ণই কিয় দুৰ্যোধনে যোগাৰ কৰা আহাৰ গ্ৰহণ নকৰে বুলি কৈছিল?

উত্তৰঃ দুৰ্যোধনৰ মন শুদ্ধ নহয়। পাণ্ডৱসকলৰ প্ৰতি হিংসাৰে দুৰ্যোধনৰ মন ভৰি আছে গতিকে বেয়া মনেৰে দিয়া আহাৰ শ্ৰীকৃষ্ণ নাখাই সেই কৰাণে শ্ৰীকৃষ্ণ দুৰ্যোধনে যোগাৰ কৰা আহাৰ নাখালে।


২।    দুৰ্যোধনে শ্ৰীকৃষ্ণক বন্ধাৰ কথা চিন্তা কৰাত শ্ৰীকৃষ্ণই কি কৰিছিল?

উত্তৰঃ দুৰ্যোধনে শ্ৰীকৃষ্ণক বন্ধাৰ কথা চিন্তা কৰা শ্ৰীকৃষ্ণই গম পোৱা পিছত কৈছিল যে ধৃতৰাষ্ট্ৰক ক'লে ৰজা দুৰ্যোধনহঁতে মোক ইয়াতে বান্ধিব খুজিছে। তেওঁলোকক আহিবলৈ দিয়ক। মোক বান্ধকহি। তেওঁলোকেই মোক বান্ধে নে ময়ে তেওঁলোকক বান্ধো আপুনি চাই থাকক তেতিয়া শ্ৰীকৃষ্ণ মুখৰৰ পৰা একুৰা জুই ওলাল। গাৰ পৰা দেৱতা, যক্ষ, ৰক্ষ, দানৱ আনকি বলৰাম, সাত্য়কি, ভীম, অৰ্জুন, নকুল, সহদেৱ আদি বিশ্বব্ৰহ্মাণ্ডৰ সকলো ওলাই গোটেইখন খলক লগালে। 


৩।    "জীয়াই থাকোঁ মানে বিনাযুদ্ধে বেজীৰ আগেৰে তুলি আনিব পৰা মাটিকনো (সূচ্য়গ্ৰ মেদিনীও) এৰি দিয়া নহ'ব।" -কথাষাৰ কোনে, কাক, কি প্ৰসংগত কৈছিল?


উত্তৰঃ এই কথাষাৰ শ্ৰীকৃষ্ণই দুৰ্যোধনক কৈছিল আৰু কৃষ্ণই দুৰ্যোধনক ক'লে ভাই দুৰ্যোধন তুমি জনাবুজা বুদ্ধিমান মানুহ। শাস্ত্ৰৰ কথাও জানা। মহাৰথী পাণ্ডৱসকলৰ যুদ্ধ কৰাৰ ইচ্ছা নাই। ধৃতৰাষ্ট্ৰকে মহাৰাজৰ সিংহাসনত বহুৱা। সকলো কথা চিন্তা কৰি তুমি পাণ্ডৱৰ লগত সন্ধি কৰাঁ। ভীষ্ম, দ্ৰোণ, বিদুৰ আদি সকলোৱে শ্ৰীকৃষ্ণই কোৱা কথাখিনি কৈ দুৰ্যোধনক বুজাবলৈ চেষ্টা কৰিলে। কিন্তু দুৰ্যোধন একেটা কথাতে আঁকোৰগোজাকৈ লাগি থাকিল। 

 
                                                                                                                                                                                                                                 Author- Bikash Bora