কম্পিউটাৰ আৰু অসমীয়া ভাষাঃ অসমীয়া মুদ্ৰণ, অসমীয়া ভাষাৰ ছফটৱেৰ ব্যৱহাৰ

অনুশীলনীঃ


বেলেগ ধৰণৰ প্ৰশ্ন আৰু উত্তৰ

অতি চমু প্রশ্নঃ  

১। অসমীয়া ভাষা লিখা ৰামধেনু কি?

উত্তৰঃ অসমীয়া ভাষা লিখা ৰামধেনু হৈছে ছফটৱেৰ। 

২। ৰ’দালী ছফ্টৱেৰ কি?

উত্তৰঃ ৰদালী ছফ্টৱেৰ হৈছে  অসমীয়াৰ ভাষাৰ লিখা ছফ্টৱেৰ।  

৩। বাৰাহা ছফটৱেৰ কি?

উত্তৰঃ বাৰাহা ছফটৱেৰ হৈছে কম্পিউটাৰট অতি সহজে অসমীয়া লিখিব পৰা ছফটৱেৰ।  

৪। ৰ'দালীত কেইটা পদ্ধতিৰে অসমীয়া লিখিব পাৰি?

উত্তৰকঃ তিনিটা। 

৫। ইনচক্লিপ্ত পদ্ধতি কি?

উত্তৰঃ ইনচক্লিপ্ত পদ্ধতি হৈছে  অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা পদ্ধতি।   বা, এই পদ্ধতিত অসমীয়া লিখিবলৈ হলে, টুল্চ এণ্ড চেটিংগচত গৈ-কিৱৰ্ড চেটিংগচত গৈ-ইন্চব্ৰিপ্ত পদ্ধতি নিৰ্বাচন কৰিব লাগে ।

৬। ইউনিকড কি? 

উত্তৰঃ ইউনিকড হৈছে কম্পিউটাৰত লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান।

বা, ইয়াৰ সহায়ত কম্পিউটাৰত কিবা লিখোতে আখৰবোৰ নিয়মীয়াকৰণ কৰিব পাৰি ।

৭। কাষ্টম পদ্ধতি কি?

উত্তৰঃ কাষ্টম পদ্ধতি হৈছে  অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা পদ্ধতি।   

৮। লিপ অফিচ ছফটৱেৰ কি লিখাৰ কাৰণে ব্যৱহাৰ কৰা হয়? 

উত্তৰঃ লিপ অফিচ ছফটৱেৰ অসমীয়া লিখাৰ কাৰণে ব্যৱহাৰ কৰা হয়। 


চমু প্রশ্নঃ  

১।অসমীয়া ভাষা লিখিবৰ কাৰণে লিপিকাৰ ছফটৱেৰ ব্যৱহাৰ লিখা

উত্তৰঃ লিপিকাৰ ভাৰতীয় সকলো ভাষা লিখিব পৰাকৈ এটা সৰঞ্জাম। লিপিকাৰ উইনডজ আৰু এনড্ৰইড দুয়োবিধ অপাৰেটিং ছিষ্টেমত ব্যৱহাৰ কৰিব পৰা ছফটৱেৰ। এই ছফটৱেৰ অতি সহজে www.lipikaar.com লিংকটোৰ পৰা ডাউনলোড কৰিব পাৰি।

২। বিনামূলীয়া ইউনিক’ত অসমীয়া উপলব্ধ ছাইটবোৰ কি কি? 

উত্তৰঃ বিনামূলীয়া ইউনিকত অসমীয়া উপলব্ধ ছাইটবোৰ হৈছে-

ক) ভুৰুকাৰ পৰা ৰুহিনী অসমীয়া।

খ) কুঁহিপাত অসমীয়া আখৰ

গ)লোহিত অসমীয়া আখৰ।

৩। ফনেটিক পদ্ধতিৰ বিষয়ে লিখা। 

উত্তৰঃ ফনেটিক পদ্ধতি দ্বাৰা অসমীয়া লিখিবলৈ হলে, মুখ্যপেনেলৰ অসমীয়া বিকল্পটো সক্ৰিয় কৰি ললেই হব। এই পদ্ধতিত এটা শব্দৰ অলপ অংশ টাইপ কৰিলেই, অট চাজেচচন উইডট সম্ভাব্য শব্দবোৰ ওলাই যায় আৰু আমি তাৰ পৰা শব্দটো নিৰ্বাচন কৰি উলিয়াব পাৰো। বা, 

ফনেটিক পদ্ধতিৰ দ্ধাৰা অসমীয়া লিখিবলৈ হলে, মূখ্যপেনেলৰ অসমীয়া বিকল্পটো সক্ৰিয় কৰি ললেই হব । এই পদ্ধতিত, এটা শব্দৰ অলপ অংশ টাইপ কৰিলেই, অট চাজেচচন উইডট সম্ভাব্য শব্দবোৰ ওলাই যায় আৰু আমি তাৰ পৰা শব্দটো নিৰ্বাচন কৰি উলিয়াব পাৰি ।

৪। ৰ'দালিত ব্যৱহাৰ কৰা ফনেটিক লেআউটখনত ব্যৱহাৰ কৰা কেইটামান আখৰ লিখা। 

উত্তৰঃ  ক     k

               খ    kh

                গ   g

                ঘ   gh


ৰচনাধৰ্মী প্রশ্নঃ  

১। অসমীয়া ভাষা লিখিবৰ কাৰণে জাহ্নৱী ছফ্টৱেৰৰ ব্যৱহাৰ কিদৰে কৰা হয়?

উত্তৰঃ অসমীয়াৰ ভাষা লিখিবৰ বাবে জাহ্নৱী ছফটৱেৰ ব্যৱহাৰঃ

১) এডব পেজমেকাৰত অসমীয়া ভাষা লিখিবলৈ হলে জাহ্নৱী প্ৰগ্ৰেমটো ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি ললেই হল।

২) কম্পিউটাৰ আৰু মবাইল দুয়োবিধতে সহজতে অসম ীয়াৰ লিখিব পাৰি।

৩) Unicode ৰ পৰা Gitanjali লৈকে আৰু Geetanjali পৰা  Unicode লৈকে ৰূপান্তৰ কৰা ক্ষমতা জাহ্নৱী আছে।

৪) ফেচবুক, হোৱাটছএপ, এম এছ ৱাৰ্ড, পেজমেকাৰ, ফটোছপ আদিতো জাহ্নৱীৰ জৰিয়তে অসমীয়া লিখিব পাৰি।

৫) জাহ্নৱীত বানান পৰীক্ষা ৰ সুবিধা আছে। 

২। অসমীয়া লিখিবৰ কাৰণে লিপ অফিচৰ ছফ্টৱেৰৰ ব্যৱহাৰ কিদৰে কৰা হয় লিখা।

উত্তৰঃ Leap office 2000 এটা অসমীয়া ছফটৱেৰ, যিয়ে অসমীয়া আখৰ লিখিবলৈ ইনচক্ৰিপ্ত কীৱড ব্যৱহাৰ কৰে। Leap office 200 এটা বিনামূল্যত পোৱা চফটৱেৰ, যিটো আমি অতি সহজে ইণ্টাৰনেটৰ পৰকা ডাউনলোড কৰি লব পাৰো। লিপ অফিছ চফটৱেৰটো যিকোনো উইনডজত ডাউনলোজ কৰি লব পাৰো। লিপ অফিছ চফটৱেৰটো যিকোনো উইনডজত অপাৰেটিং চিষ্টেমটে ৰাণ কৰিব পৰা যায়। লিপ অফিছ ২০০০ মিথি কম প্ৰাইভেট লিমিটেডৰ সহায়ত গড় দিয়া হৈছিল। এই চফটৱেৰটো বহুতো সৰঞ্জাম আগবঢ়াইছে যাৰ দ্বাৰা ব্যৱহাৰকাৰী সকলৰ দক্ষতা আগবাঢ়িছে। এই চফটৱেৰটোৰ যোগেদি স্পেলচেকাৰ। কীৱৰ্ড চটকাট, চাৰ্চ আৰু ৰিপ্লেছ, অন লাইন কীৱৰ্ড আদি বিকল্প আগবঢ়োৱা হয়।  


অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ


(১) কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ কি ?

উত্তৰঃ- কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ হ'ল- পৰিকলন যন্ত্ৰ । 


(২) কম্পিউটাৰৰ অন্যতম আধুনিক দিশ কি ?

উত্তৰঃ- কম্পিউটাৰৰ অন্যতম আধুনিক দিশ হ'ল- প্ৰিণ্টাৰ । 


(৩) পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ প্ৰিণ্টাৰ কিমান শতিকাত কোনে সাজি উলিয়াইছিল ?

উত্তৰঃ- পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ প্ৰিণ্টাৰ ঊনবিংশ শতিকাত ছাৰ্লছ বেবেজে সাজি উলিয়াইছিল । 


(৪) কম্পিউটাৰ প্ৰণালীৰ সৈতে জড়িত আহিলাসমূহৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ- কম্পিউটাৰ প্ৰণালীৰ সৈতে জড়িত আহিলাসমূহৰ ভাগ দুটা, আৰু সেইকেইটা হ'ল- হাৰ্ডৱেৰ আৰু ছফটৱেৰ । 


(৫) হাৰ্ডৱেৰ কাক বোলে ?

উত্তৰঃ- কম্পিউটাৰ প্ৰণালী এটাৰ সৈতে জড়িত সকলো যন্ত্ৰপাতিক হাৰ্ডৱেৰ বুলি কোৱা হয় । 


(৬) কম্পিউটাৰ এখনৰ পূৰ্ণাংগ কী-ব'ৰ্ডত কিমানটা চাবি বা কী থাকে ?

উত্তৰঃ- কম্পিউটাৰ এখনৰ পূৰ্ণাংগ কী-ব'ৰ্ডত মুঠ ১০৪ টা চাবি বা কী থাকে । 


(৭) কিমান চনত ছপাশাল আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ- ১৮৬৮ চনত ছপাশাল আৱিষ্কাৰ হৈছিল । 


(৮) কিহৰ আৱিষ্কাৰৰ পিছত কলমৰ ব্য়ৱহাৰ একেবাৰে কমি আহিছে ?

উত্তৰঃ- কম্পিউটাৰ আৱিষ্কাৰৰ পিছত কলমৰ ব্য়ৱহাৰ একেবাৰে কমি আহিছে । 


(৯) কম্পিউটাৰত অসমীয়া আখৰত লিখা প্ৰথমখন গ্ৰন্থৰ নাম কি ?

উত্তৰঃ- কম্পিউটাৰত অসমীয়া আখৰত লিখা প্ৰথমখন গ্ৰন্থৰ নাম হ'ল- 'প্ৰেমত পৰিলোঁ নেকি' ?


(১০) 'প্ৰেমত পৰিলোঁ নেকি' গ্ৰন্থখন কোনে লিখিছিল আৰু কিমান চনত লিখিছিল ?

উত্তৰঃ- 'প্ৰেমত পৰিলোঁ নেকি' গ্ৰন্থখন ১৯৮৫ চনত ড॰ দিলীপ কুমাৰ দত্তই লিখিছিল । 


(১১) 'ডিবৰু, বেঁকী আৰু কপিলী' নামৰ তিনিটা অসমীয়া ফণ্ট কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ- 'ডিবৰু, বেঁকী আৰু কপিলী' নামৰ তিনিটা অসমীয়া ফণ্ট ড॰ দিলীপ কুমাৰ দত্তই নিৰ্মাণ কৰিছিল । 


Type Himanku Bora

Author- Geetanjali Bora