অধ্য়ায়-৪৭ ৰ পৰা ৪৮ লৈ

১।    ভগদত্তৰ হাতীটোৰ নাম কি আছিল?

উত্তৰঃ ভগদত্তৰ হাতিটোৰ নাম সুপ্ৰতীক আছিল। 


২।    ভগদত্তক কোনে বধ কৰিছিল?

উত্তৰঃ ভগদত্তক অৰ্জুনে বধ কৰিছিল। 


৩।    বেহুৰ ভিতৰত অভিমন্য়ুৱে কেনেদৰে যুদ্ধ কৰিছিল বৰ্ণনা কৰাঁ।

উত্তৰঃ অভিমন্য়ুৱে অকলে দ্ৰোণৰ বেহুত সোমাই এফালৰপৰা কৌৰৱ-সৈন্য় মাৰি ক্ষয়ংকৰ কৰি নিছিল। অভিমন্যুৱে ঢাল-তৰোৱাল লৈ যুদ্ধ কৰিলে। পাছত দ্রোণাচাৰ্যই এপাট অতি চোকা বাণ মাৰি অভিমন্যুৰ তৰোৱালখন ভাঙি পেলালে। শত্ৰুসৈন্যই একেলগে শৰ মাৰি মাৰি সেই ৰথৰ চকাও ভাঙি পেলালে। তাৰ পাছত দুঃশাসনৰ পুতেকে গদা লৈ অভিমন্যুক খেদি আহিল। যুদ্ধ কৰি থাকোঁতে দুয়ো মাটিত বাগৰি পৰিল। তেনেতে দুঃশাসনৰ পুত্ৰই জাঁপ মাৰি থিয় দিলে আৰু অভিমন্যুৰ মূৰত ভীষণভাৱে কোব মাৰিলে। যুদ্ধ কৰি কৰি ভাগৰি পৰাত অভিমন্য়ু আৰু থিয় হৈ থাকিব নোৱাৰিলে। 



Author- Bikash Bora