Chapter: 5 

 ১৬ শতিকাৰ অৰ্থনৈতিক উন্নয়ন


অতি চমু প্ৰশ্ন:

১।  কোন শতিকাক ইউৰোপীয় পুঁজিবাদৰ আদি পৰ্য্যয় আখ্যা দিয়া হৈছে ?

উত্তৰঃ ১৬ শতিকাক ইউৰোপীয় পুজিবাদৰ আদি পয্যায় আখ্যা দিয়া হৈছে ।

২। কি কাৰণত ১৬ শতিকাৰ পূৰ্বে আটলান্টিক মহাসাগৰেদি বাণিজ্য সম্ভৱ হোৱা নাছিল ?

উত্তৰঃ

৩। সামুদ্ৰিক দুৰত্ব জোখা  এককটোৰ নাম লিখা ।

উত্তৰঃ সামুদ্ৰিক দুৰত্ব জোখা এককটোৰ নাম হল ন'টিকেল ।

৪। ভাস্কো-ডা-গামা কিমান চনত  ভাৰতত উপস্থিত হৈছিল ?

উত্তৰঃ ভাস্কো-ডা-গামা ১৪৯৮ চনত ভাৰতত উপস্থিত হৈছিল ।

৫। নিউ ফাইণ্ডলেণ্ডত উপস্থিত হোৱা প্ৰথম বৃটিছ অভিযানকাৰীজনৰ নাম লিখা ।

উত্তৰঃ নিউফাইণ্ডলেণ্ডত উপস্থিত হোৱা প্ৰথম বৃটিছ অভিযানকাৰীজনৰ নাম হল জন কেবট ।

৬। অনুসন্ধানৰ যুগ'ৰ কেতিয়া অন্ত পৰে ?

উত্তৰঃ

৭। বৃটিছ কৃষি বিপ্লৱ বুলিলে কি বুজা ?

উত্তৰঃ  ১৭ শতিকাৰ মাজভাগৰ পৰা ইংলেণ্ডৰ কৃষিত হোৱা এই বিপ্লৱটোকে বৃটিছ কৃষি বিপ্লৱ বুলি কোৱা হয় ।

৮। প্ৰথম কৃষি বিপ্লৱ  কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ 10,000 যুগ অৰ্থাৎ নৱ প্ৰস্তৰ যুগৰ সময়তে পৃথিৱীত প্ৰথম কৃষি বিপ্লৱ সংঘটিত হৈছিল ।

৯। মধ্যযুগত ইউৰোপৰ প্ৰধান অৰ্থনীতি কি আছিল ?

উত্তৰঃ মধ্যযুগত ইউৰোপৰ প্ৰধান অৰ্থনীতি হল আন্তঃৰাষ্ট্ৰীয় বেংক আৰু বৃত্তীয় ক্ষেত্ৰ ।

১০।  ১৬-১৭ শতিকাৰ স্পেইনৰ প্ৰধান মুদ্ৰাবিধৰ নাম কি আছিল ?

উত্তৰঃ ১৬-১৭ শতিকাৰ স্পেইনৰ  প্ৰধান মুদ্ৰাবিধৰ নাম হল ।

চমু উত্তৰ দিয়াঃ

১। ১৬ শতিকাক কিয়  পাশ্চাত্য পুঁজিবাদৰ প্ৰাৰম্ভিক পৰ্যায় বুলি কিয় কোৱা হয় ?

উত্তৰঃ ইউৰোপৰ দেশসমূহৰ মাজত গাঢ় সম্পৰ্ক গঢ় লৈ উঠিছিল । আৰু বাণিজ্য কেতিয়াউ উপনীত নোহোৱা পৰ্যায়লৈ গৈ ঠন ধৰি উঠে । এনে সময়তে হোৱা কেবাটাও ভৌগলিক  আৱিস্কাৰে বিশ্ব অৰ্থনীতিৰ লগত ইউৰোপীয় দেশসমূহৰ মাজত সমন্বয় ঘটাইছিল । একমাত্ৰ বাণিজ্যতে নহয় , উৎপাদন পদ্ধতিটো নতুন কৌশল প্ৰয়োগৰ ফলত সামগ্ৰীৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছিল । এনেকুৱা হৈছিল যে বংকাৰসকলে একমাত্ৰ যে যথেষ্ট ধন আৰ্জিছিল, এনে নহয়, এনে ধনৰ নিপুণ বিনিয়োগে তেংোলোকৰ হাতত আশাতীত ধন উভৈনদী কৰি দিছিল সেইবাবে  ১৬ শতিকাক পাশ্চাত্য পুঁজিবাদৰ প্ৰাৰম্ভিক পৰ্যায় বুলি কোৱা হয় ।

২। ১৬ শতিকাৰ শেষভাগত পূৰ্বৰ আৰ্থিক স্বচ্ছলতা হ্ৰাস হোৱা দুখন নগৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ স্পেইন আৰু পৰ্টুগাল ।

৩। ভূ-মধ্যসাগৰ কোন তিনিখন  মহাদেশৰ মাজত যোগাযোগৰ মুখ্য পথ আছিল ?

উত্তৰঃ পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, দক্ষিণ ইউৰোপ মহাদেশৰ মাজত যোগাযোগৰ মুখ্য পথ আছিল ।

৪। ভূ-মধ্য সাগৰৰ পাৰৰ চাৰিখন ইউৰোপীয় দেশৰ নাম লিখা ।

উত্তৰঃ স্পেইন, ফ্ৰান্স, ম'নাকো, ইটালি ।

৫। মচলাত কেনেধৰণৰ সামগ্ৰী অন্তৰ্ভূক্ত আছিল ?

উত্তৰঃ ডালচেনি, লং, ইলাচী আদি অন্তভূৰ্ক্ত আছিল ।

৬। ভূ-মধ্য সাগৰৰ যোগেদি বেহা-বেপাৰ হোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ ছিল্ক কাপোৰ, হাতীৰ দাত, মছলা ।

৭। কি প্ৰণালীয়ে, কেনেকৈ ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভৌগলিকভাৱে পৃথক কৰিছে ।

উত্তৰঃ আটলান্টিক মহাসাগৰৰ উত্তৰে আৰটিকমহাসাগৰ আৰু দক্ষিণে দক্ষিণ মহাসাগৰৰ লগত সংলগ্ন হৈ আছে এই বিশাল  আটলান্টিক  মহাসাগৰখন এটি সৰু ঠেক জলপথ গিব্ৰাল্টাাৰ প্ৰণালীৰেদি  ভূ-মধ্যসাগৰৰ লগতো সংযোজিত হৈ আছে । এই  প্ৰণালীয়ে ইউৰোপ মহাদেশৰ স্পেইন আৰু আফ্ৰিকা  মহাদেশৰ মৰক্কোক ভৌগলিকভাৱে পৃথক কৰিছে ।

৮। আন্তঃমহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ হোৱা দুই শ্ৰেমীৰ জাহাজৰ নাম লিখা ।

উত্তৰঃ  আন্তঃমহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ হোৱা দুই শ্ৰেমীৰ জাহাজৰ নাম হল কাৰাক আৰু গ'লিওন শ্ৰেমীৰ জাহাজ ।

৯। লণ্ডনত প্ৰথম কফি ঘৰ কোনে, কেতিয়া স্থাপন কৰে ?

উত্তৰঃ ১৮৫২ চনত তুৰ্কীৰ এজন ব্যৱসায়ীৰ লগুৱা পাছকু'ৱা  ৰ'ছি নামৰ এজন তুৰ্কী লোকে।

১০। আমেৰিকাত স্থাপন হোৱা দুখন স্পেনীয় ঔপনিৱেশৰ নাম লিখা ।

উত্তৰঃ 

১১। নতুন পৃথিৱীত অৱস্থিত দুটা বিখ্যাত ৰুপৰ খনিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ক) মিলান খ) ফ্ৰাংকফ্ৰট ।

১২। স্পেনীয়সকলে ইয়াৰ ঔপনিৱেশসমূহৰ পৰা ৰুপ আৰু সোণৰ বাদে আন ধাতু আমদানি নকৰাৰ কাৰণ কি আছিল ?

উত্তৰঃ 


চমু টোকা ঃ

১। কাৰাক আৰু গ'লিওন  শ্ৰেণীৰ জাহাজ ।

উত্তৰঃ বন্দুক আৰু খাৰ-বাৰুদৰ ব্যবহাৰে ইউৰোপীয় অনুসন্ধানকাৰীসকলক প্ৰতিপক্ষৰ সন্মুখীন হোৱাত সাহস যোগাইছিল । সেই সময়ত বিশেষ কৌশল তথা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিওৱা জাহাজসমূহ অনায়াসে গভীৰ  সমুদ্ৰলৈ যাবলৈ সক্ষম হৈ উঠে । ১৪-১৫ শতিকাৰ ভিতৰত বিকাশ হোৱা তেনে এক জাহাজ আছিল কাৰাক শ্ৰেণীৰ জাহাজ । প্ৰথমে পৰ্তুগীজসকলে, পিছত আন ইউৰোপীয়সকলে এই শ্ৰেণীৰ জাহাজ নিৰ্মাম কৰিছিল আৰু ইয়াৰ আধুনিক কৰি গৈ আছিল । প্ৰথমে ভূ-মধ্যসাগৰৰ পৰা বাল্টিকসাগৰলৈ চলা এই জাহাজসমূহ নতুন ধনৰ সন্ধানত ইউৰোপ আৰু আফ্ৰিকা, তাৰ পিছত আমেৰিকাৰ মাজত আন্তঃআটলান্টিক মহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ কৰিবলৈ লয় । এখন উন্নতমানৰ কাৰাক শ্ৰেমীৰ জাহাজ দূৰ সমুদ্ৰলৈ ক্ষিপ্ৰগতিত সহজে যাব পৰাৰ উপৰিও সাগৰীয় প্ৰচণ্ড ঢৌত স্থিৰ হৈ থকাৰ লগতে দীঘলীয়া সমুদ্ৰযাত্ৰাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ যাবলৈ সক্ষম আছিল । ১৯৪২ চনত খ্ৰীষ্টফাৰ কলম্বাছে ব্যৱহাৰ কৰা ছান্টামাৰিয়া নামৰ জাহাজখন আৰু আৰু ১৪৯৭ চনত ভাৰতলৈ আহিব ভাস্কো-ডা- গামাই েই কাৰাক শ্ৰেণীৰ জাহাজ ব্যৱহাৰ কৰিছিল । কাৰাকৰ দৰে আন এক শ্ৰণীৰ জাহাজ আছিল গলি'ওন । ১৬-১৮ শতিকাত বিকাশ হোৱা এই শ্ৰেণীৰ বিশাল জাহাজত কেবাটাও মহল থকাৰ উপৰিও কেবাখনো পাল তৰা হৈছিল । ভালেসংখ্যক যাত্ৰী যাব পৰা এই জাহাজ বাণিজ্যিক আৰু সামৰিক উভয় ক্ষেত্ৰতে ব্যৱহাৰ কৰা হৈছিল । এই জাহাজসমূহত যথেষ্টসংখ্যক  কামান আৰু গোলা লৈ যাব পৰা গৈছিল বাবে পৰৱৰ্তী সময়ছোৱাৰ যুদ্ধসমূহত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল । সাগৰীয় নিমখীয়া পানীত নষ্ট নোহোৱা, দ্ৰুত গতিত যাত্ৰা কৰা অথচ প্ৰচণ্ড ঢৌত বা সাগৰীয় ধুমুহাই সততে ধব্বংস কৰিব নোৱাৰা এই মজবুত জাহাজসমূহ নিৰ্মাণত প্ৰচুৰ অৰ্থ ব্যয় হৈছিল যদিও ১৫০ বছৰীয়া অনুসন্ধানৰ যুগত ই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । 

২। আটলান্টিক বাণিজ্য ।

উত্তৰঃ ১৬ শতিকাৰ ইউৰোপীয় অৰ্থনীতি সচৰাচৰ শ্ৰীবৃদ্ধি আৰু সম্প্ৰসাৰণৰ যুগ বুলি কোৱা হয় যদিও দৰাচলতে ই সকলো অঞ্চলতে সমানে অৰ্থনীতিৰ বিকাশ হোৱাটো নুবুজায় । কিছুমান অঞ্চল বিকাশ হোৱাৰ পৰিবৰ্তে ইয়াৰ অৰ্থনীতি শোচনীয়হে হৈ পৰিছিল । উদাহৰণস্বৰুপে ১৪ আৰু ১৫ শতিকাত অশেষ প্ৰভাৱ বিস্তাৰ কৰা ইটালিৰ নগৰ ৰাষ্ট্ৰসমূহৰ ১৬ শতিকাৰ পৰা গুৰুত্ব ক্ৰমাৎ হ্ৰাস হোৱা দেখা যায় । মধ্য আৰু উত্তৰ-পশ্চিম িউৰোপৰ বামিজ্যিক সংঘ আৰু বাণিজ্যিক চহৰৰ উমৈহতীয়া বাণিজ্যিক আৰু প্ৰতিৰক্ষামূলক হানচিয়াটিক বা হনছা চহৰসমূহে েই সময়ছোৱাত ক্ষমতা হেৰুৱাই গুৰুত্বহীন হৈ পৰিছিল । 



Author: Ali Rani Kakati