গোটঃ ৪ (খ)

আজি আকৌ মেজাংকৰিৰ এঙাচোলা পিন্ধি


১। আজি আকৌ মেজাংকৰিৰ এঙাচোলা পিন্ধি কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ অজিৎ বৰুৱা।

২। অজিৎ বৰুৱাৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ ১৯২৮ চনত।

৩। অজিৎ বৰুৱাৰ 'গছ প্ৰেমৰ পদ্য়' গ্ৰন্থখন কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ ২০০০ চনত।

৪। অজিৎ বৰুৱা কিহৰ কাৰণে ১৯৯১ চনত সাহিত্য় অকাডেমি বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল ?

উত্তৰঃ 'ব্ৰহ্মপুত্ৰ ইত্য়াদি পদ্য়' কবিতাটোৰ বাবে।

৫। অজিৎ বৰুৱাৰ কবিতা মানে কি ?

উত্তৰঃ বুদ্ধিদীপ্ত চিন্তা-চেতনাৰ উন্মেষ ঘটাব পৰা কম কথাৰ শাব্দিক মায়াজাল।

৬। মেজাংকৰিৰ এঙাচোলা মানে কি ?

উত্তৰঃ এবিধ অতি মূল্য়ৱান আৰু সন্মানজনক জাতীয় সাজপাৰ।

৭। মেজাংকৰিৰ এঙাচোলা পিন্ধি ৰ'দ লোৱা মানে কি ?

উত্তৰঃ আভিজাত্য়, গৌৰৱময় ইতিহাসৰ প্ৰতিভূ।

৮। কবিতাটোত কবিয়ে কি বঢ়াই তুলিছে ?

উত্তৰঃ ভাবৰ একমুখি কৰি শব্দৰ ব্য়ঞ্জনাৰে আৰু সঠিক উপস্থাপনেৰে কবিতাটো মাদকতা বঢ়াই তুলিছে।

৯। সময়ৰ পৰিৱৰ্তন আৰু বিচিন্নতাবোধ প্ৰকাশ, সচেতনভাৱে লোক-সাহিত্য়ৰ উপস্থাপনে কবিতাটোৰ কি বৃদ্ধি কৰিছে ?

উত্তৰঃ সৌন্দৰ্য্য়।

১০। অজিৎ বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল ?

উত্তৰঃ ২০১৫ চনত।


Type Janmoni Hazarika