গোটঃ ৪ (গ)

ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত


১। ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ নীলমণি ফুকন।

২। কবিতা কি ?

উত্তৰঃ মানুহৰ আৱেগ-অনুভূতিৰ সৈতে গভীৰভাৱে সম্পৰ্কিত এক মননশীল কলা।

৩। নীলমণি ফুকনৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ ১৯৩৩ চনত ।

৪। নীলমণি ফুকনৰ কবিতা (মৌলিক) দুটাৰ নাম লিখা।

উত্তৰঃ নিৰ্জনতাৰ শব্দ আৰু সুৰ্য হেনো নামি আহে এই নদীয়েদি।

৫। 'ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত' কবিতাটি ক'ৰ পৰা লোৱা হৈছে ?

উত্তৰঃ গোলাপী জামুৰ লগ্ন শীৰ্ষক কবিতাপুথিৰ পৰা লোৱা হৈছে।

৬। 'ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত' কবিতাটিত কেইটা স্তৱক আছে ?

উত্তৰঃ তিনিটা।

৭। কবিতাটিত কি ছবিৰ অংকিত কৰিছে ?

উত্তৰঃ এখন জীয়া ছবি অংকিত কৰিছে।

৮। প্ৰতীক বা symbol মানে কি ?

উত্তৰঃ শব্দ বা শব্দপুঞ্জৰ প্ৰছন্ন অৰ্থযুক্ত ব্য়ঞ্জনাময় ৰূপ।

৯। জীৱনৰ অস্তিক সীমাত নিজক পদাৰ্পন কৰি যদি আমি চাও তেন্তে আমি কি দেখা পাম ?

উত্তৰঃ এক বিৰাট মহাশূন্য়।

১০। কবিতাটিত প্ৰতীকৰ কি হোৱা দেখা যায় ?

উত্তৰঃ চমৎকাৰীত্ব অনুভূত হোৱা দেখা যায়।


Type Janmoni hazarika