অষ্টম অধ্যায়       খ্ৰীঃ সপ্তদশ শতিকাৰ দ্বিতীয়াৰ্ধ্বৰ অসম


প্রশ্নাবলী

 

অতি চমু প্রশ্ন (Very Short Questions) :

 

 কোনজন আহোম স্বৰ্গদেউৰ দিনত মোগলে গড়গাঁও দখল কৰিছিল? (During the reign of which Ahom King Mughal occu pied Gargaon?)

Answerঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মোগলে গড়গাঁও দখল কৰিছিল ।


 শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? (Who was the Ahom King of the times of the Battle of Saraighat?)

 Answerঃ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল চক্ৰধ্বজ সিংহ ।


 তুংখুঙীয়া বংশ কোনে প্রতিষ্ঠা কৰিছিল? (Who established Tungkhungia Dynasty?)

 Answerঃ.স্বৰ্গদেউ গদাধৰ সিংহই তুংখুঙীয়া বংশ প্ৰতিষ্ঠা কৰিছিল ।


● চমু প্রশ্ন (Short Questions ) :

 

 মীৰজুমলাৰ অসম আক্ৰমণৰ দুটা কাৰণ লিখা (Write two causes of the invasion of Mirjumala to Assam)

 Answerঃ মীৰজুমলাৰ অসম আক্ৰমণৰ দুটা কাৰণ হল 



 শৰাইঘাটৰ যুদ্ধৰ দুটা ফলাফল উল্লেখ কৰা (Mention two re sults of the battle of Saraighat)

 Answerঃ শৰাইঘাটৰ যুদ্ধৰ দুটা ফলাফল হল

ক) আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰে ।

খ) আহোম আৰু মোগলৰ মাজত স্থায়ী সীমা নিৰ্ধাৰণ হোৱাত বহুবছৰ ধৰি চলি থকা াহোম-মোগল সংঘৰ্ষৰ অন্ত পৰি ৰাজ্যত শান্তি -শৃংখলা বিৰাজ কৰে ।


চমুটোকা (Short Notes) :

 

 মীৰজুমলাৰ অসম আক্ৰমণ (Mirjumala's invasion of Assam)

 Answerঃমীৰজুমলাই আহোম ৰাজ্য আৰু কোচবিহাৰ আক্ৰমণৰ উদ্দেশ্য খ্ৰীঃ ১৬৬১ ৰ ১ নৱেম্বৰ তাৰিখে ঢাকাৰ পৰা যাত্ৰা আৰমেভ কৰে । তেোঁৰ সৈন্যবাহিনীত আছিল বাৰ হেজাৰ ঘঁৰা, ত্ৰিশ হেজাৰ সৈনিক, তিনিশ বত্ৰিছখন যুদ্ধ জাহাজ আৰু েক শক্তিশালী গোলণ্ডাজ বাহিনী । পৰ্টুগীজ, ডাচ আৰু ইংৰাজ বিষয়াক লৈ মীৰজুমলাৰ নৌ-বাহিনী গঠিত হৈছিল । এক বিশাল মোগল বাহিনীৰ ওচৰত তিষ্ঠিৱ নোৱাৰি কোচবিহাৰৰ ৰজা প্ৰাণনাৰায়ণ ভূটানলৈ পলাই যোৱাত খ্ৰীঃ ১৬৬১ ৰ ১৯ ডিচেম্বৰত মীৰজুমলাই কোচবিহাৰ দখল কৰে । এই বিজয়ৰ পাছত তেওঁ কোচবিহাৰখন জাহাংগীৰ নগৰ নামেৰে নামাকৰণ কৰাৰ লগতে মোগল সম্ৰাট ঔৰংজেৱৰ নামত মোহৰ মৰায় । কোচবিহাৰত পাঁচ হেজাৰমান সৈন্য ৰাখি এইবাৰ মীৰজুমলাই অসম অভিমুখে ৰাওনা হয় । এই অভিযানৰ বাবে তেওঁৰ সৈন্যবাহিনীক দিলিৰ খান মীৰ মুৰতাজা, ইবন হুছেইন আদি সুদক্ষ সেনানায়কৰ অধীনত বিভক্ত কৰি দিয়ে ।ৰছিদ খানক মীৰজুমলাই নিজৰ লগত ৰাখে । আহোম সেনাই এই বিশাল মোগল সেনাক মানাহৰ মুখত প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও বিফল হৈ শৰাইঘাট আৰু পাণ্ডূৰ ওচৰলৈকে পিছুৱাই আহিবলৈ বাধ্য হয় । এই বাতৰি পাই আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মনথিৰ ভৰালী বৰুৱাৰ নেতৃত্বত এক বিশাল সৈন্যবাহিনী গুৱাহাটীলৈ প্ৰেৰণ কৰে । পিছত নতুন সেনানায়কৰ নিযুক্তিয়ে আহোম সৈন্যবাহিনীৰ ভিতৰচৰাত বিৰূপ প্ৰবাৱ পেলায় । মনথিৰ ভৰালী বৰুৱাৰ নিযুক্তিয়ে পূৰ্বৰ বৰফুনৰ কৰ্তৃত্বত অৱমাননা কৰিছে বুলি ভাৱি তেওঁৰ অধীনৰ সৈন্যসকলে ভালদৰে যুদ্ধ নকৰিলে । ফলত পাণ্ডূ আৰু শৰাইঘাটত হোৱা যুদ্ধতো জয়লাভ কৰি মীৰজুমলাৰ সৈন্যবাহিনীয়ে খ্ৰীঃ ১৬৬২ ৰ ৪ ফেব্ৰুৱাৰীত সমগ্ৰ গুৱাহাটী দখল কৰে । গুৱাহাটীত পৰাজয়ৰ পাছত আহোম সেনা নগাঁৱলৈ পিছুৱাই আহে । তেওঁলোকে কাজলীত শিবিৰ পাতি কলিয়াবৰৰ ওচৰৰ শিমলুগড় দুৰ্গত শক্তিশালী সৈন্যবাহিনী মোগলৰ মুখামুখি হব পৰাকৈ সাজু হৈ থাকে । গুৱাহাটী দখলৰ পাছত মোগল সেনাপতি তথা বংগৰ শাসক মীৰজুমলাই তিনিদিন গুৱাহাটীত বাহৰ পাতি আছিল । সেই সময়তে দৰং াৰু ডিমৰুৱা ৰজাই আহি মোগলৰ লগত যোগদান কৰিছিল । তদুপৰি কেইবাজনো আহোম বিষয়াই বিশ্বাসঘাটকতা কৰি মোগলকহে সহায় কৰে । মোগল সেনাই হেলাৰঙে কাজলী, ধলা, কলিবাবৰ আদিত াহোমৰ প্ৰতিৰোধ হেলাৰঙে ওফৰাই পেলাইছিল । মোগল বাহিনী ব্ৰহ্মপুত্ৰ উত্তৰ পাৰেদি আহোমৰ ৰাজধানী গড়গাঁও অভিমুখে যাত্ৰা কৰিছিল । অৱশ্য চামধৰা পোৱাৰ আগতে হঠাতে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি দক্ষিণপাৰে শিমলুগড়ৰ ওচৰত উপস্থিত হয় ।


 ৰাজনৈতিক অৰাজকতাৰ যুগ (Reign of terror)

 Answerঃশৰাইঘাটৰ যুদ্ধ পাছতে অসমত ৰাজনৈতিক অস্থিৰতাৰ সূচনা হৈছিল । স্বৰ্গদেউ উদয়াদিত্য সিংহৰ পাছৰ পৰা স্বৰ্গদেউ গদাধৰ সিংহই তুংখুঙীয়া বংশ প্ৰতিষ্ঠা কৰাৰ সময়লৈকে অসমৰ ৰাজনীতিত এই অৰাজকতা বিৰাজ কৰিছিল । এই অৰাজকতাৰ প্ৰধান কাৰণ আছিল.......

কঃ মোগলৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে আতন বৰগোঁহাইকে ধৰি কেইবাজনো দায়িত্বশীল বিষয়া বহুদিনলৈ ৰাজধানী গড়গাঁৱৰ পৰা আঁতৰি গুৱাহাটীত থাকিবলগীয়া হোৱা কাৰ্য ।

খ) মানাহ নৈৰ সিপাৰতপ্ৰায় পাঁচ বছৰ কাল মোগলৰ সেনাপতি ৰামসিংহই বাহৰ পাতি থাকি গুৱাহাটী দখলৰ অহৰহ সুযোগৰ সন্ধান ।

গ)  গড়গাঁৱত এচাম সুবিধাবাদী আৰু ক্ষমতাশালী বিষয়াৰ ৰাজনৈতিক ক্ষমতা হস্তক্ষেপৰ ষড়যন্ত্ৰ ।

আতন বৰগোহাই প্ৰমুখ্য আহোম ৰাজ্যৰ নিষ্ঠাৱান বিষয়াসকলে মোগলৰ পৰা দেশখনক বছাবৰ বাবে প্্ৰতিৰক্ষা বিষয়ত গুৰুত্ব দি গুৱাহাটীত আকোতে ৰাজধানী গড়গাঁৱত এচাম স্বাৰ্থনেষী বিষয়াই ক্ষমতাৰ লোভত ৰাজনৈতিক চক্ৰান্ত আৰম্ভ কৰে ।এই৭েত্ৰত গড়গাঁৱত ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠাৰ বাবে উঠি-পৰি লাগিছিল ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকনে । তেওঁলোকৰ চক্ৰান্ত আতন বৰগোহাইৰ নিচিনা দায়িত্বশীল আৰু নিষ্ঠাৱান ব্যক্তিও বন্দী হৈছিল । এই লোকসকলে গড়গাঁৱত ৰজা ভঙা-পতাৰ খেল আৰম্ভ কৰিছিল । এই তিনিজন সম্ভান্ত ডা-ডাঙৰীয়াই নিজৰ হাতলৈ ক্ষমতা নিবৰ বাবে একোজন পুতলা শাসকক শাসনত অধিষ্ঠিত কৰি শাসনৰ প্ৰকৃত ক্ষমতা নিজৰ হাতত কেন্দ্ৰীভূত কৰিব বিছাৰিছিল । সেয়েহে নিজৰ সুবিধা অনুসৰি ৰজা ভঙা-পতাৰ খেল আৰম্ভ কৰিছিল । তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে ন-বছৰত ছজন ৰজাক আহোমৰ সিংহাসত বহুৱাইছিল । আৰু অকণমান অজুহাতত ৰজাক সিংহাসনচ্যুত কৰিছিল । শৰাইঘাট যুদ্ধৰ পাছৰ পৰা প্ৰায় নবছৰ ধৰি চলা এই ৰাজনৈতিক অস্থিৰতাত আহোমৰ সিংহাসনত বহুওৱা  এই ৰজাসকল আছিল ।

চুক্লেমফা বা ৰামধ্বজ সিংহ 

চুহং বা চামগুৰীয়া ৰজা 

গোৱৰ ৰজা 

অৰ্জুন দিহিঙীয়া 

চুদাইফা বা পৰ্বতীয়া ৰজা 

চুলিকফা বা ৰত্নধ্বজ সিংহ



→ ৰচনাধৰ্মী প্রশ্ন (Essay type Questions ) :

 

 শৰাইঘাটৰ যুদ্ধৰ কাৰণ আৰু ফলাফল উল্লেখ কৰা (Mention the cause and results of the battle of Saraighat)


Answerঃ


Type- Suman Kakati


 Author  Ali rani Kakati ( Ba in History Major)