আধুনিক অসমীয়া কবিতা 


১। কবিতা কি ?

উত্তৰঃ কবিতা হ'ল মানুহৰ আৱেগ অনুভূতিৰ সৈতে গভীৰভাৱে সম্পৰ্কিত এক মননশীল ক'লা।

২। সচেতন বাস্তৱতাই কিহত স্থান লোৱা দেখা যায় ?

উত্তৰঃ আধুনিক কবিতাত ৰোমাণ্টিক কবিতাৰ কল্পনাৰ ঠাইত সচেতন বাস্তৱতাই স্থান লোৱা দেখা যায়।

৩। আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত আনুষ্ঠানিক হিচাপে যিখন আলোচনীয়ে আমাক বাট দেখুৱালে সেই আলোচনী খনৰ নাম কি ?

উত্তৰঃ 'জয়ন্তী'

৪।  পৰৱৰ্তী সময়ত কোনখন আলোচনীয়ে আধুনিক অসমীয়া কবিতালৈ এক অভূতপূৰ্ব প্ৰগতিৰ সৃচনা কৰে ?

উত্তৰঃ 'ৰামধেনু'

৫। প্ৰকৃতাৰ্থত আধুনিক কবিতায়ে মানুহক কি কৰা দেখা যায় ?

উত্তৰঃ  নতুন মূল্য়াংকনেৰে জুকিয়াই চোৱাত প্ৰয়াস কৰা দেখা যায়।

৬। নগৰকেন্দ্ৰিকতাই মানুহক প্ৰতি মুহূৰ্ততে কি কৰি তুলিছে ?

উত্তৰঃ নিসংগ কৰি তুলিছে।

৭। আধুনিক অসমীয়া কবি এজনৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈ।

৮। চিত্ৰকল্প শব্দটোৰ আক্ষৰিক অৰ্থ কি ?

উত্তৰঃ ছবিৰ নিচিনা, কিন্তু ছৱি নহয়।

৯। চিত্ৰকল্প মানে কি ?

উত্তৰঃ মনৰ চকুৰে দেখা পোৱা ছবিয়েই হ'ল চিত্ৰকল্প।

১০। প্ৰতীক বা Symbol মানে কি ?

উত্তৰঃ শব্দপুঞ্জৰ অৰ্থযুক্ত ব্য়ঞ্জনাময় ৰূপ।



Type Janmoni Hazarika