গোটঃ ১ (ক)

চিত্ৰকূটৰ চিত্ৰ


১। চিত্ৰকৃটৰ চিত্ৰ কবিতাটিৰ ৰচক কোন ?

উত্তৰঃ মাধৱ কন্দলী।

২। চিত্ৰকূটৰ চিত্ৰ কবিতাটি ক'ৰ পৰা তুলি দিয়া হৈছে ?

উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণৰ পৰা তুলি দিয়া হৈছে।

৩। মাধৱ কন্দলীয়ে জনসমাজৰ পৰা কি নামেৰে খ্য়াতি লাভ কৰিছিল ?

উত্তৰঃ 'কবিৰাজ কন্দলী' নামেৰে।

৪। 'সপ্তকাণ্ড' ৰামায়ণখনৰ নামটো কিয় দিয়া হৈছিল ?

উত্তৰঃ সাতটা কাণ্ড বা ভাগত বিভক্ত হোৱা কাৰণে।

৫। মাধৱ কন্দলীৰ দ্ধাৰা অনূদিত পাঁচটা কাণ্ড পোৱা যায়, সেইকেইটা কি কি ?

উত্তৰঃ অয্য়েধ্য়া কাণ্ড, সুন্দৰা কাণ্ড, অৰণ্য় কাণ্ড, কিষ্কিন্ধ্য়া কাণ্ড আৰু লংকা কাণ্ড।

৬। কবিতাটোৰ মতে ৰাম কিহৰ কাৰণে অভিভূত হৈ পৰে ?

উত্তৰঃ চিত্ৰকূট পৰ্বতৰ প্ৰকৃতিক আৰু নৈসৰ্গিক সৌন্দৰ্য্য়ৰ কাৰণে।

৭। 'চোৱা সীতা ৰাজহংসবোৰৰ খোজ তোমাৰ খোজৰ দৰেই আৰু চক্ৰবাক যোৰ যেন তোমাৰে দুই স্তন' - এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এই কথাষাৰ ৰামে কৈছিল।

৮। মাধৱ কন্দলীৰ অনুবাদৰ মূলনীতি কি আছিল ?

উত্তৰঃ 'লম্ভা পৰিহৰি সাৰোদ্ধতে'।

৯। কবিয়ে কাৰ কাৰ চিত্ৰ অংকন কৰিছে ?

উত্তৰঃ কবিয়ে চিত্ৰকৰৰ দৰে বিভিন্ন পৰিৱেশ পৰিস্থিতি লগতে নায়ক নায়িকা অৰ্থাৎ ৰাম-সীতাৰ অনুভূতি সমূহৰ চিত্ৰ অংকন কৰিছে।

১০। কন্দলীৰ ৰামায়ণৰ সৌন্দৰ্য্য়ৰ এটা বিশেষ আকৰ্ষণ কি ?

উত্তৰঃ লৌকিকতা।

১১। 'চিত্ৰকূটৰ চিত্ৰ' কবিতাটিৰ বৰ্ণনাত কেৱল গছ-লতা, ফল-মূল, চৰাই-চিৰিকতি, ফুল-পাত নামৰ বাহিৰে আৰু কি উল্লেখ কৰিছে ?

উত্তৰঃ প্ৰত্য়েক দৃশ্য় প্ৰত্য়েক বস্তুতে কবিৰ অন্তৰৰ অনুৰাগ ৰঞ্জিত হৈ আছে।

১২। শ্ৰীৰামচন্দ্ৰ ঈশ্বৰ হোৱা স্বত্তেও কবিয়ে তেওঁক কি ৰূপত অংকন কৰিছে ?

উত্তৰঃ লৌকিক ৰূপত অংকন কৰিছে।

১৩। কবিতাটোত বিশেষকৈ কিহৰ প্ৰয়োগ দেখিবলৈ পোৱা যায় ?

উত্তৰঃ উপমা অলংকাৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়।

১৪। ছন্দ প্ৰয়োগৰ ক্ষেত্ৰত 'চিত্ৰকূটৰ চিত্ৰ'ত কন্দলীয়ে কি পদ ছন্দ ব্য়ৱহাৰ কৰিছে ?

উত্তৰঃ চৈধ্য় আখৰীয়া পদ ছন্দ ব্য়ৱহাৰ কৰিছে।

১৫। বসন্ত কালত প্ৰকৃতিৰ সৌন্দৰ্য্য় কি হয় ?

উত্তৰঃ দুগুণে বৃদ্ধি পায়।

১৬। ৰামে সীতাক কাৰ লগত তুলনা কৰিছে ?

উত্তৰঃ মন্দাকিনী নদীৰ লগত।

গোটঃ ২ (খ)

মায়া অযোধ্য়াৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দ্দশীৰ খেলা


১। মায়া অযোধ্য়াৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দ্দশীৰ খেলা কবিতাটোৰ ৰচক কোন ?

উত্তৰঃ দুৰ্গাবৰ কায়স্থ।

২। মায়া অযোধ্য়াৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দ্দশীৰ খেলা কবিতাটো ক'ৰ পৰা তুলি দিয়া হৈছে ?

উত্তৰঃ গীতি ৰামায়মৰ পৰা তুলি দিয়া হৈছে।

৩। অসমীয়া সাহিত্য়ৰ যুগ বিভাজনত মধ্য়যুগৰ দুটা ধাৰা স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়, সেই ধাৰা দুটি কি কি ?

উত্তৰঃ এটা হ'ল বৈষ্ণৱ সাহিত্য়ৰ ধাৰা আনটো হ'ল মনসা সাহিত্য়ৰ ধাৰা।

৪। কিমান শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে সাহিত্য়ক মাধ্য়ম হিচাপে গ্ৰহণ কৰিছিল ?

উত্তৰঃ পঞ্চদশ শতিকাত।

৫। ওজাপালিত কোন কোন থাকে ?

উত্তৰঃ ওজাপালিত গায়ক, বাদক, পালি মিলি পাচঁজন মানুহ থাকে।

৬। পাঁচালী সাহিত্য়ৰ সৃষ্টি কৰা কবি কেইজনৰ নাম লিখা।

উত্তৰঃ পিতাম্বৰ, মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণ দেৱ।

৭। দুৰ্গাবৰ কায়স্থৰ দুখন পুথিৰ নাম লিখা।

উত্তৰঃ গীতি ৰামায়ণ আৰু বেউলা আখ্য়ান।

৮। কবিয়ে কোনখন পুথিত সম্য়কভাৱে আত্ম পৰিচয় দিয়ে ?

উত্তৰঃ 'বেউলা আখ্য়ান' পুথিখনত।

৯। দুৰ্গাবৰ কায়স্থৰ পিতৃৰ নাম কি ?

উত্তৰঃ চন্দ্ৰধৰ কায়স্থ।

১০। ৰামৰ মন সীতাৰ লগত খেলিবলৈ লওতে কিয় উদাস হৈ পৰিছিল ?

উত্তৰঃ কাৰণ ৰামৰ নিজৰ ৰাজ্য়লৈ মনত পৰিছিল।

১১। কাৰ পুত্ৰই তৃণত শয়ন লব লগা হৈছিল ?

উত্তৰঃ ৰজাৰ পুত্ৰই।



Type Janmoni Hazarika