প্ৰগতিশীল অসমীয়া কবিতাৰ ধাৰা


১। সাহিত্য়ত প্ৰগতিশীল ধাৰণাটো কিহৰ ফলত জন্ম হৈছে ?

উত্তৰঃ সাহিত্য়ত প্ৰগতিশাল ধাৰণাটো আধুনিক চিন্তা, সম্পৰীক্ষাৰ ফলত জন্ম হৈছে।

২। মাৰ্ক্সৰ সপোনক বাস্তৱায়িত কৰাত কোনে কোনে হাত আগবঢ়াইছিল ?

উত্তৰঃ মাৰ্ক্সৰ সপোনক বাস্তৱায়িত কৰাত এংগেলছ আৰু লেনিনে হাত আগবঢ়াইছিল।

৩। কিমান চনত প্ৰেমচন্দৰ নেতৃত্বত হোৱা ভাৰতীয় আন্দোলনে সাম্য়বাদী চিন্তা-চৰ্চাৰ ঢৌ তুলিছিল ?

উত্তৰঃ ১৯৩৬ চনত প্ৰেমচন্দৰ নেতৃত্বত হোৱা ভাৰতীয় আন্দোলনে সাম্য়বাদী চিন্তা-চৰ্চাৰ ঢৌ তুলিছিল ।

৪। সাহিত্য়ই মানুহৰ পুৰণি ভাব চিন্তাক নতুন ৰূপ দি কিহৰ লগত সংযোগ স্থাপন কৰিছে ?

উত্তৰঃ সাহিত্য়ই মানুহৰ পুৰণি ভাব চিন্তাক নতুন ৰূপ দি আধুনিক জগতৰ লগত সংযোগ স্থাপন কৰিছে।

৫। প্ৰগতিশীল কাক কোৱা হয় ?

উত্তৰঃ এক অৰ্থত যি সাহিত্য়ত এইধৰণৰ সংগ্ৰামৰ ধ্বনি উচ্চাৰিত হৈছে সেই সাহিত্য়কে প্ৰগতিশীল বুলি কোৱা হয়।

৬। ১৯৪৩ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসমত গঠন হোৱা ৰাজ্য়িক সমিতি ৰ সম্পাদক কোন আছিল ?

উত্তৰঃ ১৯৪৩ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসমত গঠন হোৱা ৰাজ্য়িক সমিতি ৰ সম্পাদক আছিল বীৰেশ মিশ্ৰ।

৭। প্ৰগতিশীল কবিসকলে কি নীতি বিশ্বাস নকৰে ?

উত্তৰঃ প্ৰগতিশীল কবিসকলে কলা কৈবল্য়বাদ (Art for Arts Sake) নীতিটোত বিশ্বাস নকৰে।

৮। প্ৰগতিশীল কবিসকলে কি দৃষ্টিভংগীৰে কবিতা ৰচনা কৰে ?

উত্তৰঃ প্ৰগতিশীল কবিসকলে সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে কবিতা ৰচনা কৰে।

৯। মানৱতাৰ জয়গান গোৱা চন্দ্ৰকুমাক কি বুলি ক'ব পাৰি ?

উত্তৰঃ মানৱতাৰ জয়গান গোৱা চন্দ্ৰকুমাক প্ৰগতিশীল বুলিও ক'ব পাৰি।

১০। ভবানন্দ দত্তৰ কবিতাসমূহত কি প্ৰকাশ ঘটিছে ?

উত্তৰঃ ভবানন্দ দত্তৰ কবিতাসমূহত বিপ্লৱী চিন্তাধাৰা স্পষ্ট প্ৰকাশ ঘটিছে।

১১। শাসক-শোষকৰ অত্য়াচাৰত শ্ৰমজীবীসকলৰ কি হৈছিল ?

উত্তৰঃ শাসক-শোষকৰ অত্য়াচাৰত শ্ৰমজীবীসকলৰ ৰাজহাড় বেকা হৈ পৰিছে।

১২। সমাজৰ ভণ্ডামিৰ ছবিখন কেনেদৰে প্ৰকাশ কৰিছিল ?

উত্তৰঃ সমাজৰ ভণ্ডামিৰ ছবিখন কোনো দ্বিধা নোহোৱাকৈ প্ৰকাশ কৰিছিল ।

১৩। হেমাঙ্গ বিশ্বাস এগৰাকী কি ?

উত্তৰঃ হেমাঙ্গ বিশ্বাস এগৰাকী জনপ্ৰিয় প্ৰগতিশীল কবি।

১৪। হেমাংগ বিশ্বাসৰ কুলখুৰাৰ চোতাল কবিতা সংকলনখনত কবিৰ বিপ্লৱীৰ কি পোৱা যায় ?

উত্তৰঃ হেমাংগ বিশ্বাসৰ কুলখুৰাৰ চোতাল কবিতা সংকলনখনত কবিৰ বিপ্লৱী মনৰ পৰিচয় পোৱা যায় ।

১৫। শ্ৰমিক কৃষক সকলৰ কাৰণে কুলখুৰাৰ চোতালখনে কি আছিল ?

উত্তৰঃ শ্ৰমিক কৃষক সকলৰ কাৰণে কুলখুৰাৰ চোতালখনেই আছিল কৃষক সংগঠনৰ প্ৰাণকেন্দ্ৰ।

১৬। সদা শইকীয়া কেনেকুৱা আছিল ?

উত্তৰঃ আন আন প্ৰগতিশীল কবিসকলৰ নিচিনাকৈ সদা শইকীয়াও আশাবাদী আছিল।



Type Janmoni Hazarika