পৌৰাণিক অসমীয়া কবিতাঃ এটি অধ্য়য়ন


১। পুৰণি কবিতাসমূহ কিহেৰে ভৰপূৰ ?

উত্তৰঃ পুৰণি কবিতাসমূহ সৰল আৰু সুন্দৰ হোৱাৰ লগতে অলংকাৰৰে ভৰপূৰ।

২। প্ৰাচীন অসমীয়া কবিতাজগতৰ প্ৰাচীনতম শ্ৰেষ্ঠ কবিজন কোন ?

উত্তৰঃ প্ৰাচীন অসমীয়া কবিতা জগতৰ প্ৰাচীনতম শ্ৰেষ্ঠ কবিজন হ'ল মাধৱ কন্দলি।

৩। মাধৱ কন্দলিৰ কাব্য়খনি কিহেৰে মনোমহা ?

উত্তৰঃ মাধৱ কন্দলি কাব্য়খনি ঘৰুৱা শব্দ আৰু জতুৱা ঠাঁচেৰেও মনোমহা।

৪। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধদেৱৰ বৰঙণি কিহত উল্লেখযোগ্য় ?

উত্তৰঃ অসমীয়া সাহিত্য়ৰ সবাতোকৈ বৈশিষ্ট্য়পূৰ্ণ সময়খিনিতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰঙণি উল্লেখযোগ্য়।

৫। মাধৱদেৱৰ প্ৰথম অসমীয়া শোক কবিতাখনৰ নাম কি ?

উত্তৰঃ মাধৱদেৱৰ প্ৰথম অসমীয়া শোক কবিতাখনৰ নাম হ'ল 'আলো মঞি কি কহব দুখ' ।

৬। ভাগৱতৰ দশমস্কন্ধ অনুবাদ কৰা সত্বেও শংকৰদেৱ আৰু অনন্ত কন্দলীয়ে কি কি কাব্য় ৰচনা কৰে ?

উত্তৰঃ ভাগৱতৰ দশমস্কন্ধ অনুবাদ কৰা সত্বেও শংকৰদেৱ 'ৰুক্মিণী-হৰণ' আৰু অনন্ত কন্দলীয়ে 'কুমৰ হৰণ' কাব্য় ৰচনা কৰে।

৭। কাব্য় সাহিত্য়সমূহৰ মাজত অন্য়তম কি ?

উত্তৰঃ কাব্য় সাহিত্য়সমূহৰ মাজত বধকাব্য় অন্য়তম।

৮। বৈষ্ণৱ যুগৰ তত্ত্বমূলক ছন্দোময় ৰচনাসমূহৰ ভিতৰত মাধৱদেৱৰ কি উল্লেখযোগ্য় ?

উত্তৰঃ বৈষ্ণৱ যুগৰ তত্ত্বমূলক ছন্দোময় ৰচনাসমূহৰ ভিতৰত মাধৱদেৱৰ নামঘোষাৰ নামটো উল্লেখযোগ্য়।

৯। এখন জনপ্ৰিয় কাব্য়গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ এখন জনপ্ৰিয় কাব্য়গ্ৰন্থৰ নাম হ'ল ঘোষা ৰত্ন।

১০। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্য়া কিমান ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্য়া ১৫৭ টা।

১১। বৰগীত কেতিয়া সৃষ্টি হৈছিল ?

উত্তৰঃ চৰিতপুথিত উল্লেখ কৰা মতে বৰগীতৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চাশ শতিকাৰ শেষ দশকৰ আৰম্ভণিত।

১২। শিশুকৃষ্ণৰ বালজীৱনৰ চিত্ৰ কেনেদৰে ফুটি উঠিছে ?

উত্তৰঃ মাধৱদেৱৰ ৰচিত অধিকাংস গীততেই শিশুকৃষ্ণৰ বালজীৱনৰ চিত্ৰ ফুটি উঠিছে ।

১৩। ভাগৱত পুৰাণৰ উল্লেখযোগ্য় ভাঙনিকাৰ কোন ?

উত্তৰঃ ভাগৱত পুৰাণৰ উল্লেখযোগ্য় ভাঙনিকাৰ হ'ল অনন্ত কন্দলি।

১৪। বণ্ডুকাৰ দামোদৰৰ নাতি অনিৰুদ্ধ কায়স্থই কেইটা পদত পঞ্চম স্কন্ধটি অনুবাদ কৰে ?

উত্তৰঃ বণ্ডুকাৰ দামোদৰৰ নাতি অনিৰুদ্ধ কায়স্থই ৮৭৯ টা পদত পঞ্চম স্কন্ধটি অনুবাদ কৰে।

১৫। আদিকাব্য় ৰামায়ণৰ দৰে মহাকাব্য়ৰ ৰামায়ণৰ ভাঙনি কেতিয়া হয় ?

উত্তৰঃ আদিকাব্য় ৰামায়ণৰ দৰে মহাকাব্য়ৰ ৰামায়ণৰো ভাঙনি হয় বৈষ্ণৱ যুগত।



Type Janmoni Hazarika