Chapter: 2

প্ৰাচীন অসমঃ এটি চমু আভাষ

(Ancient Assam: A brief outline)


প্ৰশ্নাৱলীঃ

১. প্ৰত্নপ্ৰস্তৰ প্ৰাগৈতিহাসিক সমাজত বন্য চিকাৰী আছিল নে নাই। আৰু যদি আছিল ক'ত বাস  কৰিছিল?

উত্তৰঃ প্ৰত্নপ্ৰস্তৰ প্ৰাগৈতিহাসিক সমাজৰ বন্য চিকাৰী আছিল। আৰু তেওঁলোকে গুহাত বাস কৰিছিল।


২. পাল বংশৰ ৰজা কোন আছিল?

উত্তৰঃ পাল বংশৰ ৰজা আছিল ইন্দ্ৰপাল।


৩. জাতিপ্ৰথা কেনেকৈ আৰু কেতিয়া অসমত প্ৰচলন হৈছিল?

উত্তৰঃ জাতিপ্ৰথা কেনেকৈ আৰু কেতিয়া অসমত প্ৰচলন হৈছিল তাক নিশ্চিত কৰিব নোৱাৰি। কিন্তু এইটো নিশ্চিত যে অনাৰ্য্যৰ দ্বাৰা ভেটি প্ৰতিষ্ঠা হ'লেও আৰ্যসকলেহে ইয়াক প্ৰচলন কৰিছিল।


৪. উদ্ধৃত তথ্য মতে ব্ৰাহ্মণসমাজ কিহৰ ওপৰত প্ৰতিষ্ঠিত আছিল?

উত্তৰঃ উদ্ধৃত তথ্য মতে ব্ৰাহ্মণসমাজ বেদশাখা, গোত্ৰ আৰু প্ৰবৰৰ ওপৰত প্ৰতিষ্ঠিত আছিল।


৫. মানুহৰ জীৱনৰ চাৰিটা পৰ্যায়ক কি বুলি কোৱা হৈছিল? আৰু সেইকেইটা কি কি?

উত্তৰঃ মানুহৰ জীৱনৰ চাৰিটা পৰ্যায়ক চাৰি আশ্ৰম বুলি কোৱা হৈছিল। আৰু সেইকেইটা হ'লঃ ব্ৰাহ্মচাৰ্য্য, গ্ৰাহস্থ্য, বানপ্ৰস্থ আৰু সন্যাস।


৬. ধৰ্মশাস্ত্ৰত (মনু) কেই প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছে। আৰু এই প্ৰকাৰ সমূহ কি কি?

উত্তৰঃ ধৰ্মশাস্ত্ৰত (মনু) ৮ প্ৰকাৰত বিবাহক স্বীকৃতি দিয়া হৈছে। আৰু এই প্ৰকাৰ সমূহ হৈছেঃ    

    1. ব্ৰহ্ম - বৈদিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

    2. প্ৰজাপত্য - দৰাৰ প্ৰস্তাবৰ ওপৰত অনুষ্ঠিত বিবাহ।

    3. দৈব - পুৰোহিতলৈ ছোৱালী আগবঢ়াই সম্পন্ন কৰা বিবাহ।

    4. আৰ্শ - ক্ৰয় বিবাহ, দৰাৰ পৰা এহাল ষাঁড় গৰু কন্যাৰ পিতৃয়ে                         গ্ৰহণ কৰে।

    5. আসুৰ - ক্ৰয়ৰ দ্বাৰা সম্পাদিত বিবাহ।

    6. গন্ধৰ্ব - গোপন বিবাহ।

    7. ৰাক্ষস - বল বা শক্তি প্ৰয়োগৰ দ্বাৰা সম্পন্ন বিবাহ।

    8. পৈশাচ - গোপনে পলাই গৈ সম্পন্ন কৰা বিবাহ।


৭. বিষ্ণু পুৰাণত কৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহক কি প্ৰকাৰৰ বুলি কোৱা হৈছে?

উত্তৰঃ বিষ্ণু পুৰাণত কৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহক ৰাক্ষস প্ৰকাৰৰ বুলি কোৱা হয়।


৮. কাশ্মিৰৰ ৰজা মেঘবাহন আৰু কামৰূপৰ ৰাজ কন্যা অমৃত প্ৰভাৰ বিবাহ কি প্ৰথাৰে সম্পাদিত হৈছিল?

উত্তৰঃ কশ্মিৰৰ ৰজা মেঘবাহন আৰু কামৰূপৰ ৰাজ কন্যা অমৃত প্ৰভাৰ বিবাহ স্বয়ম্বৰ প্ৰথাৰে সম্পাদিত হৈছিল।


৯. কৃষি শিল্পৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ভূমিৰ মালিকীস্বত্ব অধিকাৰ লাভ কৰাৰ লগে লগে কৃষি শিল্পৰ প্ৰচলন হৈছিল।


১০.  অতীত ভূমিভাগ কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছিল? আৰু ভাগ কেইটা কি কি?

উত্তৰঃ অতীত ভূমিভাগ তিনিটা প্ৰধান ভাগত ভাৰ কৰা হৈছেল। আৰু ভাগ কেইটা হ'লঃ 

    ১. জনপদ (গাওঁ অঞ্চল)।

    ২. পুৰ বা নগৰ অঞ্চল।

    ৩. বন (অৰণ্য) অঞ্চল। 


১১. মৰিশালীত কেই প্ৰকাৰৰ শিল পোৱা যায়? আৰু সেইকেইবিধৰ নাম লিখা?

উত্তৰঃ মৰিশালীত দুই প্ৰকাৰৰ শিল পোৱা যায়। আৰু সেইকেইবিধৰ নাম হলঃ 

১. 'মেনহিৰ' অৰ্থাৎ ওখ কোণীয়া শিল

২. 'ড'লমেন' (এযোৰ শিল এটাৰ ওপৰত আন এটা ৰখা)।


১২. পুৰণি ৰাজ্যৰ ৰাজধানী ক'ত আছিল?

উত্তৰঃ পুৰমি ৰাজ্যৰ ৰাজধানী ডিমাপুৰত  আছিল।


১৩. স্কন্দপুৰাণৰ মতে শিৱ পূজা কোনে আৰম্ভ কৰিছিল? আৰু কি নিৰ্মাণ কৰিছিল?

উত্তৰঃ স্কন্দপুৰাণৰ মতে ৰজা জল্পেস্বৰে শিৱ পূজা আৰম্ভ কৰিছিল। আৰু এটা শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল।




Author by
Sourab Bora (Morigaon)