বায়ুমণ্ডল
THE ATMOSPHERE
Chapter 2
১। বায়ুমণ্ডল কাক বোলে?
উত্তৰঃ আমাৰ পৃথিৱীখন চাৰিওপিনে চক্ৰাকাৰে আৱৰি থকা বায়বীয় পদাৰ্থৰ আৱৰণটোক বায়ুমণ্ডল বোলা হ'য়।
২। বায়ুমণ্ডলৰ কোনো নিদিষ্ট কি নাই?
উত্তৰঃ সীমাৰেখা।
৩। বায়ুমণ্ডলৰ উপাদান সমূহক কেইটাভাগত ভাগ কৰিব পাৰে আৰু কি কি?
উত্তৰঃ বায়ুমম্ডলৰ উপাদান সমূহক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'লঃ-
১। নানা প্ৰকাৰ গেছ।
২। জলীয় ভাপ।
৩। ধূলি-বালি, ছাই।
৪। যৱাক্ষৰজান ৰ শতকৰা পৰিমান কিমান?
উত্তৰঃ ৭৮.০৮।
৫। কি উপাদানৰ শতকাৰ পৰিমান ০.০৩?
উত্তৰঃ এংগাৰ গেছৰ।
৬। কি গেছে মাটিৰ উৰ্ব্বৰা শক্তি বঢ়াই?
উত্তৰঃ নাইট্ৰ'জেন বা যৱাক্ষৰজান গেছে মাটিৰ উৰ্ব্বৰা শক্তি বঢ়াই।
৭। জীৱন দায়িনী গেছ কাক বোলে?
উত্তৰঃ আমাৰ আৰু অন্যান্য জীৱ-জন্তুৰ উশাহ- নিশাহ লোৱাত সহায় কৰে বাবে ইয়াক জীৱন দায়িনী গেছ বোলা হ'য়।
৮। কি এবিধ গধুৰ গেছ বাবে ইয়াক বায়ুমণ্ডলৰ নিম্নাংশতহে পোৱা যায়?
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।
৯। কি গেছে জুই নিয়ন্ত্ৰন কৰাত সহায় কৰে?
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড গেছে জুই নিয়ন্ত্ৰন কৰাত সহায় কৰে।
১০। কিমান চনৰ পিছৰ পৰা পৃথিৱীত শিল্পোদ্যোগৰ বৃদ্ধি পোৱাৰ লাগে লগে জীৱাশ্ম ইন্ধন ৰ ব্যৱহাৰ বৃদ্ধি পাইছে?
উত্তৰঃ ১৯০০ চনৰ পিছৰে পৰা।
১১। কি গেছে আমাৰ অতিবেগুণীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে?
উত্তৰঃ অ'জন গেছে।
১২। কি গেছে আমাক ভিটামিন 'D' ৰ যোগান ধৰে?
উত্তৰঃ অ'জন গেছে।
১৩। কি কি পাতল গেছ বাবে ইহঁতক বায়ুমণ্ডলৰ অতি উচ্চাঁশতহে পোৱা যায়?
উত্তৰঃ হাইড্ৰোজেন আৰু হিলিয়াম।
১৪। বায়ুমণ্ডলত জলীয় ভাপৰ পৰিমাণ অতিসামান্য পৰা প্ৰায় কিমান শতাংশলৈকে থাকিব পাৰে?
উত্তৰঃ ৪ শতাংশলৈকে।
১৫। বায়ুমণ্ডলৰ মুঠ পৰিমাণণৰ কিমান শতাংশ কিমান কিল'মিটাৰৰ ভিতৰত আছে?
উত্তৰঃ ৯০ শতাংশ ৫.৬ কিল'মিটাৰৰ।
১৬। ওপৰত বায়ুমণ্ডল অত্যাধিক কি?
উত্তৰঃ পাতল।
১৭। বায়ুমণ্ডল কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু ভাগ কেইটা কি কি?
উত্তৰঃ পাচঁটা। ভাগ কেইটা হ'লঃ-
১। তপোমণ্ডল বা ট্ৰ'প'স্ফিয়েৰ।
২। স্তৰমণ্ডল বা ষ্ট্ৰেট'স্ফিয়েৰ।
৩। অ'জন মণ্ডল বা মধ্যমণ্ডল।
৪। আয়নমণ্ডল।
৫। বহিঃমণ্ডল।
১৮। তপো মণ্ডলৰ গড় উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা মাত্ৰ কিমান কিল'মিটাৰ?
উত্তৰঃ ১৪ কিল'মিটাৰ।
১৯। উষ্ণতাৰ বিলোমন বা ব্যতিক্ৰম কাক বোলে?
উত্তৰঃ কিছুমান বিশেষ ঠাইত আৰু কেতবোৰ বিশেষ কাৰণত উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ উত্তাপ কমি নগৈ বাঢ়িহে যায়। ইয়াকে উষ্ণতাৰ বিলোমন বা ব্যতিক্ৰম বোলে।
২০। বায়ুমণ্ডলৰ কোনটো স্তৰত জলীয়ভাপ পোৱা যায়?
উত্তৰঃ উষ্ণতাৰ বিলোমন বা ব্যতিক্ৰম স্তৰত বায়ুমণ্ডলৰ জলীয় ভাপ পোৱা যায়।
২১। সমতামণ্ডল কাক বোলে?
উত্তৰঃ তপোমণ্ডল ওপৰত থকা স্তৰটোক ষ্ট্ৰেট'স্ফিয়েৰ বা স্তৰমণ্ডল বা সমতাপমণ্ডল বোলা হয়।
২২। স্তৰমণ্ডল স্তৰটো কিমান কিঃমিঃ উচ্চতালৈকে বিয়পি আছে?
উত্তৰঃ ৫০ কিঃমিঃ।
২৩। বায়ুৰ পৰিচলন সোঁত দেখা যায় নে?
উত্তৰঃ যায়।
২৪। কেমমণ্ডল বা মধ্যমণ্ডল কাক বোলে?
উত্তৰঃ অ'জন মম্ডল বা মেছ'মণ্ডল ষ্ট্ৰেট'পজৰ ওপৰত আৰম্ভ হৈছে। ইয়াক কেমমণ্ডল বা মধ্যমণ্ডল বোলে।
২৫। অ'জন এটা বৰ উপকাৰী গেছ ই অম্লজানৰ কেইটা এটমেৰে গঠিত?
উত্তৰঃ তিনিটা।
২৬। ষ্ট্ৰেট'পজ বুলিলে কি বুজা?
উত্তৰঃ স্তৰমণ্ডল আৰু মেছ'মণ্ডল পৃথক কৰা অঞ্চলটোক ষ্ট্ৰেট'পজ বুলি কোৱা হ'য়।
২৭। মেছ'মণ্ডলৰ শেষ সীমাক কি বুলি কোৱা হ'য়?
উত্তৰঃ মেছ'পজ।
২৮। কোনটো স্তৰ আয়নেৰ গঠিত?
উত্তৰঃ আয়ন'মণ্ডল।
২৯। আয়নমণ্ডল ঘাইকে কেইটা স্তৰত বিভক্ত কৰা হৈছে?
উত্তৰঃ D, E আৰু F, G স্তৰত বিভক্ত কৰা হৈছে।
৩০। সংৰচনাৰ ওপৰত ভিত্তি কৰি বায়ুমণ্ডলক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু ভাগ কেইটা কি কি?
উত্তৰঃ দুটা ভাগত। ভাগ কেইটা হ'লঃ-
১। সমগুণী মণ্ডল।
২। অসমগুণী মণ্ডল।
৩১। সমগুণীমণ্ডল কাক বোলে?
উত্তৰঃ বায়ুমণ্ডলৰ নিম্নাংশক সমগুণীমণ্ডল বোলা হ'য়।
৩২। সমগুণীমণ্ডল স্তৰটো প্ৰায় কিমান কিঃমিটাৰলৈ বিস্তৃত হৈ আছে?
উত্তৰঃ ৮০ কিঃমিটাৰলৈ
৩৩। সমগুণীৰ স্তৰটোৰ কেইটা উপ-স্তৰত বিভক্ত কৰা হৈছে আৰু ভাগ কেইটা কি কি?
উত্তৰঃ তিনিটা উপ-স্তৰত বিভক্ত কৰা হৈছে আৰু ভাগ কেইটা হ'ল-
১। ট্ৰপ'মণ্ডল।
২। ষ্ট্ৰেট'মণ্ডল।
৩। মেছ'মণ্ডল।
৩৪। অসমগুণী স্তৰ মণ্ডলটোৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পণ্ডিতসকলৰ মতে সমগুণীস্তৰৰ ওপৰত থকা বায়ুখিনি গঠনত একে নহয়। গঠনত অসমান। সেইবাবে ইয়াৰ নাম ৰকা হৈছে অসমগুণী স্তৰ এই মণ্ডলত থকা বিভিন্ন স্তৰসমূহৰ ৰাসায়নিক আৰু ভৌতিক গুণা-ঘুণবোৰ ভিন ভিন। এই মণ্ডলটোক তাপমণ্ডল বুলিও কোৱা হয়। ইয়াৰ কাৰণ হ'ল এই যে মণ্ডলত যিমানে ওপৰলৈ যোৱা সিমানে শেষ সীমালৈকে উত্তাপ বাঢ়ি যায়।
৩৯। কোনটো মণ্ডলটোত থকা গেছবোৰ পাতল?
উত্তৰঃ অসমগুণী মণ্ডলটোত থকা গেছবোৰ পাতল।
৪০। গোলাকাৰ স্তৰকেইটা লিখা।
উত্তৰঃ ১। নাইট্ৰজেন।
২। অক্সিজেন।
৩। হিলিয়াম।
৪। হাইড্ৰোজেন।
৪১। কি গেছৰ ধৰা পৃষ্ঠৰ পৰা প্ৰায় কিমান কিঃমিটাৰলৈ বিস্তৃত হৈ আছে?
উত্তৰঃ নাইট্ৰজেন।
৪২। অক্সিজেন স্তৰৰটোৰ ধৰাপৃষ্ঠ পৰা গড় উচ্চতা কিমান কিল'মিটাৰলৈ বিস্তৃত?
উত্তৰঃ ১১২০ কিল'মিটাৰ।
৪৩। অক্সিজেনৰ ওপৰত কি স্তৰ পোৱা যায়?
উত্তৰঃ হিলিয়াম।
৪৪। হিলিয়ামৰ গড় উচ্চতা কিমান?
উত্তৰঃ ৩৫২০ কিঃমিঃ।
৪৫। কাৰ মতে কিমান কিলমিটাৰমানত অপকেন্দ্ৰিক শক্তিয়ে আমাৰ পৃথিৱীখন মাধ্যাকৰ্ষণ শক্তিক ছেৰ পেলাইছে?
উত্তৰঃ জে. ই. হবছৰ মতে ৩২,০০০ কিলমিটাৰমানত অপকেন্দ্ৰিক শক্তিয়ে আমাৰ পৃথিৱীখন মাধ্যাকৰ্ষণ শক্তিক ছেৰ পেলাইছে।
৪৬। সূৰ্য কি?
উত্তৰঃ সূৰ্য হ'ল বায়পৰ তাপৰ প্ৰধান উৎস।
৪৭। আতপন কাক বোলে?
উত্তৰঃ সূৰ্যই বিকিৰণ কৰা তাপশক্তিৰ যিখিনি পৃথিৱীয়ে আতক কৰে তাকে আতপন বোলে।
৪৮। পৃথিৱীখনক কেইটা অঞ্চলত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ পৃথিৱীখনক তিনিটা অঞ্চলত বিভিক্ত কৰা হৈছে আৰু সেইকেইটা হ'লঃ-
১। নিম্ন অক্ষাংশৰ ক্ৰান্তীয় অঞ্চল।
২। মধ্য অক্ষাংশৰ মণ্ডল।
৩। মেৰু অঞ্চল।
৪৯। দুটা অঞ্চলত পৃথিৱীৰ কি অৱস্থিত?
উত্তৰঃ উষ্ণ মৰুবোৰ।
৫০। সূৰ্যই নিক্ষেপন কৰা শক্তিৰ পৰিমাণ সদায় একে থাকেনে?
উত্তৰঃ নাথাকে।
৫১। সূৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব কিমান?
উত্তৰঃ সৃৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব ১৪৯,০০০,০০০ কিঃমিটাৰ।
৫২। পৃথিৱী আৰু সূৰ্যৰ মাজৰ দৃৰত্ব কিমান?
উত্তৰঃ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দৃৰত্ব হ'ল ১৪৭ নিযুত কিঃমিটাৰ।
৫৩। পৰম দৃৰত্ব কাক বোলে?
উত্তৰঃ পৃথিৱীখনে সৃৰ্যৰ পৰা কিছু আঁতৰি যায় আৰু দৃৰত্ব হয় ১৫২ নিযুত কিঃমিটাৰ। ইয়াকে পৰম দৃৰত্ব বোলে।
৫৪। অধম দৃৰত্ব কাক বোলে?
উত্তৰঃ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দৃৰত্ব হয় ১৪৭ নিযুত কিঃমিটাৰ।
ইয়াকে অধম দৃৰত্ব বোলে।
৫৫। সূৰ্যৰ উন্নতি বা আপতিত কোণৰ পৰিমাণৰ নিৰ্ণয় কৰা কাৰণবোৰ কি কি?
উত্তৰঃ সূৰ্যৰ উন্নতি বা আপতিত কোণৰ পৰিমাণৰ নিৰ্ণয় কৰা কাৰণবোৰ হ'লঃ- ঠাইখনৰ অক্ষাংশ, দিনৰ সময় আৰু ঋতু।
৫৬। ঋতু পৰিৱৰ্তন হোৱা কাৰণবোৰ কি কি?
উত্তৰঃ ঋতু পৰিৱৰ্তন হোৱা কাৰণবোৰ হ'লঃ- পৃথিৱীৰ হেলনীয়া অক্ষ, ইয়াৰ সমান্তৰাল অৱস্থা, পৃথিৱীৰ দৈনিক আৰু বাৰ্ষিক গতি।
৫৭। আতপনৰ পৰিমাণ নিৰ্ণয় কৰা আন এটা কাৰক কি?
উত্তৰঃ বায়ুমণ্ডলৰ স্বচ্ছতা।
৫৮। ভৌতিক শক্তি কাক বোলে?
উত্তৰঃ যি শক্তি ধৰাপৃষ্ঠত পৰে আৰু পৃথিৱীখলে শোষন কৰি লয় আৰু দীৰ্ঘ তৰংগৰ শক্তিলৈ ৰূপান্তৰিত কৰি তাপ হিচাপে বিকিৰত কৰে। এই শক্তিক ভৌতিক শক্তি বোলে।
৫৯। আমাৰ পৃথিৱীখনৰ পৰা বায়ুমণ্ডললৈ তাপ প্ৰবাহহিত কেই প্ৰকাৰে হ'য় আৰু কি কি?
উত্তৰঃ আমাৰ পৃথিৱীখন পৰা বায়ুমণ্ডলৈ তাপ প্ৰবাহহিত তিনি প্ৰকাৰে হ'য়। আৰু সেইকেইটা হ'লঃ-
১। বিকিৰণ।
২। পৰিচলন।
৩। পৰিবহন।
৬০। কি পৰিচলনৰ ফলতো তাপ প্ৰবাহিত হ'য়?
উত্তৰঃ উত্তপ্ত বায়ু বা অন্যান্য পদাৰ্থসমূহৰ পৰিচলনৰ ফলতো তাপ প্ৰবাহিত হ'য়।
৬১। তাপক বাজেট কাক বোলে?
উত্তৰঃ অন্তৰাগ সৌৰ শক্তি আৰু বৰ্হিগত ভৌতিক তাপ শক্তিৰ পৰিমাণ প্ৰায় সমান। এই সমতাকে তাপৰ বাজেট বোলা হ'য়।
৬২। ডাৱৰীয়া বতৰত সৌৰ শক্তিৰ মাত্ৰ কিমান শতাংশ ধৰাপৃষ্ঠত আতপন হ'য়?
উত্তৰঃ ২২ শতাংশ।
৬৩। আমাৰ বায়ুমণ্ডল বহিঃসীমালৈ অহা অন্তৰাগত শক্তিকিমান বুলি ধৰা হ'য়?
উত্তৰঃ ১০০০ একক (100 unit)।
৬৪। আতপনৰ বিতৰণৰ ওপৰত অক্ষাংশই কিমান প্ৰভাৱ বিস্তাৰ কৰে?
উত্তৰঃ অত্যাধিক।
৬৫। উত্তাপ এবিধ কি?
উত্তৰঃ উত্তপ হ'ল এবিধ শক্তি.
৬৬। বায়ুৰ উত্তাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ তাপমান যন্ত্ৰ।
৬৭। বায়ুৰ উত্তাপ জোখতে কেইপ্ৰকাৰ মাপন ব্যৱহাৰ কৰা হ'য় আৰু কি কি?
উত্তৰঃ বায়ুৰ উত্তাপ জোখতে দুই প্ৰকাৰৰ মাপন ব্যৱহাৰ কৰা হ'য়। আৰু সেই মাপন কেইটা হ'লঃ-
১। ফাৰেণহেইট
২। ছেন্টিগ্ৰেড বা ছেলচিয়াছ
৬৮। আহৰহ উষ্ণতাৰ লেখ ল'বৰ কাৰণে এটা কি যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ স্বয়ং লেখিত যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়।
৬৯। স্বয়ং লেখিত যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ থাৰ্মগ্ৰাফ।
৭০। উত্তাপ পৰিবহন কৰা প্ৰধান পদ্ধতিসমূহ কি কি?
উত্তৰঃ উত্তাপ পৰিবহন প্ৰধান পদ্ধতিসমূহ হ'লঃ-
১। বিকিৰণ
২। পৰিবহন
৩। পৰিচলন
৭১। সূৰ্যৰ পৰা অহা আতপন ৰশ্মিৰ মাত্ৰ কিমান শতাংশহে বায়ুমণ্ডলে গ্ৰহন কৰিব পাৰে?
উত্তৰঃ ১৫ শতাংশ।
৭২। সাধাৰণতে লেপছ হাৰ কিমান মিটাৰ উচ্চতাত কিমান চেন্টগ্ৰেড কমি যায়?
উত্তৰঃ সাধাৰণতে লেপছ হাৰ হ'ল প্ৰতি ১৬৫ মিটাৰ উচ্চতাত ১° চেন্টিগ্ৰেড কমি যায়।
৭৩। উত্তৰ-পশ্চিম ইউৰোপক কিয় উষ্ম কম্বল বুলি কোৱা হ'য়?
উত্তৰঃ উত্তৰ আটলান্টিক সোঁতে উষ্ণ উপসাগৰীয় সোঁতৰ এটা বৰ্দ্ধিত অংশ। ই ইউৰোপৰ উত্তৰ-পশ্চিম উপকৃলৰ কাষেৰে বৈ গৈছে বাবে শীত কালতো গ্ৰেট বৃটেইন আৰু উত্তৰ-পশ্চিম ইউৰোপৰ উত্তাপ বৃদ্ধি পায় আৰু সেই ঠাইৰ লোকসকলে উষ্ণ অনুভৱ কৰে। সেইবোবে উত্তৰ-পশ্চিম ইউৰোপক উষ্ম কম্বল বুলি কোৱা হ'য়।
৭৪। বায়ুমণ্ডৰ উত্তাপ সকলো ঠাইতে একে হয়নে?
উত্তৰঃ নহয়।
৭৫। সমষ্মোৰেখা কাক বোলে?
উত্তৰঃ কিছুামান কাল্পনিক ৰেকাৰে সংযোগ কৰিলে যিবোৰ ৰেখাৰ উৎপত্তি হয় তাকে সমষ্মোৰেখা বোলে।
৭৬। সৰ্বোচ্চ আৰু সৰ্বনিম্ন উত্তাপৰ যোগফলক কিমানেৰে হৰণ কৰিলে সেই ছাইৰ গড় উত্তাপ বাঢ়ি যায়?
উত্তৰঃ ২ ৰে হৰণ কৰিলে।
৭৭। বিষুৰত প্ৰতি বৰ্গ চেন্টিমিটাৰত আতপনৰ পৰিমাণ কিমান কেল'ৰি আৰু মেৰুত ইয়াৰ পৰিমাণ কিমান কেল'ৰি হ'য়?
উত্তৰঃ আতপনৰ পৰিমাণ ১৮৬,০০০ কেল'ৰি আৰু মেৰুত ইয়াৰ পৰিমাণ ৬৮,০০০ কেল'ৰি হ'য়।
৭৮। গড় হিচাপ মতে সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰতি ১,০০০ মিটাৰ উচ্চতাত ৬.৪° ছেলছিয়াচ বা প্ৰতি ১,০০০ ফুট উচ্চতাত ৩.২° ফা. উত্তাপ হ্ৰাস পায়। ইয়াক কি বুলি কোৱা হ'য়?
উত্তৰঃ লেপছ হাৰ বুলি কোৱা হ'য়।
৭৯। উত্তাপ হ্ৰাসৰ হাৰ অনুভূমিক গড় তাপ নতিতকৈ প্ৰায় কিমান গুণেই অধিক?
উত্তৰঃ ১০০০ গুণেই অধিক।
৮০। ৰুদ্ধোষ্মো হাৰ কাক বোলে?
উত্তৰঃ বায়ুপুঞ্জ যেতিয়া ওপৰলৈ উঠি যায় তেতিয়া সেই বায়ুপুঞ্জৰ উত্তাপ লেপছ হাৰতকৈ অধিক হাৰত কমিবলৈ ধৰে। ইয়াকে ৰুদ্ধোষ্মো হাৰ বোলে।
৮১। শুষ্ক ৰুদ্ধোষ্মা হাৰ কাক বোলে?
উত্তৰঃ অঘনীভূত জলকণা থকা উৰ্দ্ধগামী বায়ুপুঞ্জৰ উত্তাপ ১০০ মিঃ উচ্চতাত ১° ছেলচিয়াছকৈ কমি যায়। ইয়াকে শুষ্ক ৰুদ্ধোষ্ম হাৰ বোলে।
৮২। সিক্ত বা পৰিগৰ্ভিত ৰুদ্ধোষ্ম হাৰ কাক বোলে?
উত্তৰঃ বায়ুপুঞ্জত থকা জলকণাবোৰ ঘনীভূত হ'বলৈ ধৰিলে ইয়াৰ উত্তাপ ১০০ মিটাৰ উচ্চতাত মাত্ৰ ০.৬° ছেলচিয়াছকৌ কমি যায়। ইয়াকে সিক্ত বা পৰিগৰ্ভিত ৰুদ্ধোষ্ম হাৰ বোলে।
৮৩। উষ্ণতাৰ বিলোমন বুলিলে কি বুজা?
উত্তৰঃ ধৰাপৃষ্ঠত উপৰিভাগৰ সংলগ্নত থকা নিম্নস্তৰৰ বায়ু শীতল আকু ক্ৰমান্বেয়ে ওপৰলৈ উষ্ণবায়ু পোৱা যায়। ইয়াকে উষ্ণতাৰ বিলোমন বুলি কোৱা হ'য়।
৮৪। সৰ্বোচ্চ আৰু সৰ্বনিম্ন উত্তাপৰ পাৰ্থক্য় কি?
উত্তৰঃ উষ্ণতাৰ পৰিসৰ।
৮৫। দিনটো ভিতৰতে পোৱা সৰ্বোচ্চ আৰু সৰ্বনিম্ন উত্তাপৰ পাৰ্থক্য কি?
উত্তৰঃ দৈনিক উষ্ণতাৰ পৰিসৰ।
৮৬। উষ্ণতাৰ পৰিসৰ অধিক হোৱা কেইখন মান ঠাইৰ নাম লিখা।
উত্তৰঃ আগ্ৰা, এলাহাবাদ, দিল্লী।
৮৭। উষ্ণতাৰ পৰিসৰ বহুত কম হোৱা কেইখনমান ঠাইৰ নাম লিখা।
উত্তৰঃ মুম্বাই, কোচিন, ঢাকা।
৮৮। বোকা মাটি থকা অঞ্চলবোৰত পৰিসৰ কম কিয় হ'য় কাৰণ দৰ্শোৱা।
উত্তৰঃ বোকা মাটি থকা অঞ্চলবোৰত পৰিসৰ কম হ'য় কাৰণ হ'ল বোকা মাটিতকৈ বালিময় অঞ্চলবোৰত অতি সোনকালে উত্তপ্ত হয় আৰু অতি সোনকালে শীতলো হয়।
৮৯। বছৰটোৰ ভিতৰত আটাইতকৈ গৰম মাহটোৰ আৰু শীতল মাহটোৰ গড় উত্তাপৰ পাৰ্থ্যক কি?
উত্তৰঃ বছৰটোৰ ভিতৰত আটাইতকৈ গৰম মাহটোৰ আৰু শীতল মাহটোৰ গড় উত্তাপৰ পাৰ্থ্যক হ'ল বাৰ্ষিক উষ্ণতাৰ পৰিসৰ।
৯০। সম সৌৰ আলোক ৰেখা কাক বোলে?
উত্তৰঃ সৰ্যূৰ ৰশ্মি পোৱা ঠাইসমূহৰ সংযোগ কৰিলে যি ৰেখা পোৱা যায় তাকে সম সৈৰ আলোক ৰেখা বোলে।
৯১। বিষুৱীয় অঞ্চলত বাৰ্ষিক উত্তাপৰ পৰিসৰ মাত্ৰ কি ডিগ্ৰী ছেলচিয়াছ?
উত্তৰঃ ৩॰ ছেলচিয়াছ।
৯২। উষ্ণমণ্ডল কাক বোলে?
উত্তৰঃ সমগ্ৰ বছৰজুৰি সূৰ্য্যৰ ৰশ্মি সম্বভাৱে পৰা বাবে অঞ্চলটোৰ উত্তাপ, সমগ্ৰ বছৰ জুৰি প্ৰচুৰ। এই মণ্ডলটো সকলোবোৰ তাপমণ্ডলতকৈ উষ্ণ। এই মণ্ডলটোক উষ্ণমণ্ডল বুলি কোৱা হ'য়।
৯৩। সমমণ্ডল কাক বোলে?
উত্তৰঃ দক্ষিণ অক্ষৰেখা মাজত বিস্তৃতহৈ থকা অঞ্চল দুটাক সমমণ্ডল বুলি কোৱা হ'য়।
৯৪। সমমমণ্ডলৰ মণ্ডল কেইটা আৰু কি কি?
উত্তৰঃ সমমণ্ডলৰ মণ্ডল দুটা। আৰু সেইকেইটা হ'ল
১। উত্তৰ সমমণ্ডল।
২। দক্ষিণ সমমণ্ডল।
৯৫। পানী সদায় কিহৰ অৱস্থাত থাকে?
উত্তৰঃ বৰফৰ অৱস্থাত।
৯৬। আমাৰ পৃথিৱীখনক আৱৰি থকা বায়ুমণ্ডলটোৰ কি আছে?
উত্তৰঃ চাপ বা ওজন।
৯৭। বায়ুৰ চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ চাপমান যন্ত্ৰ।
৯৮। চাপমান যন্ত্ৰ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ চাপমান যন্ত্ৰ সাধাৰণতে দুই প্ৰকাৰৰ। আৰু সেইকেইটা হ'লঃ
১। পাৰা ব্যৱহাৰ কৰা চাপমান যন্ত্ৰ।
২। কোনো জুলীয়া পদাৰ্থ ব্যৱহাৰ নকৰা চাপমান যন্ত্ৰ।
৯৯। অহৰহভাৱে বায়ুৰ চাপৰ জোখ ল'বলৈ হ'লে কি যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ বেৰ'গ্ৰাফ।
১০০। মাইক্ৰবেভিওগ্ৰাফ এবিধ কি?
উত্তৰঃ মাইক্ৰবেভিওগ্ৰাফ এবিধ আধুনিক চাপমান যন্ত্ৰ।
১০১। সমচাপ ৰেখা কাক বোলে?
উত্তৰঃ যিবোৰ কাল্পনিক ৰেখাই বায়ুৰ সমান চাপযুক্ত ঠাইবোৰক সংযোগ কৰে তাকে সমচাপ ৰেখা বোলে।
১০২। চাপ বলয় কাক বোলে?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কেইটামান স্থায়ী নিম্ন আৰু উচ্চ চাপৰ অঞ্চল দেখিবলৈ পোৱা যায়। এই উচ্চ আৰু নিম্নচাপ অঞ্চলবোৰকেই চাপ বলয় বুলি কোৱা হয়।
১০৩। নিৰক্ষীয় শান্ত বলয়ো কাক বোলে?
উত্তৰঃ বিষুৱীয় অঞ্চলৰ কোনো ধৰণৰ বতাহ বলা দেখিবলৈ পোৱা নাযায় আৰু এই অঞ্চলৰ বায়ু সদায় শান্ত বা নিথৰ। সেই কাৰণে ইয়াকনিৰক্ষীয় শান্ত বলয়ো বোলা হয়।
১০৪। অশ্বঅক্ষাংশ কাক বোলে?
উত্তৰঃ উত্তৰ গোলাৰ্ধৰ অঞ্চলটোক অশ্বঅক্ষাংশ বুলি কোৱা হয়।
১০৫। মেৰু অঞ্চল দুটাট কিহৰ ৰশ্মি নপৰাৰ বাবে সদায় অতি শীতল?
উত্তৰঃ সূৰ্য্যৰ ৰশ্মি।
১০৬। বায়ুৰ চাপ কেই প্ৰকাৰৰ?
উত্তৰঃ দুই প্ৰকাৰৰ।
১০৭। নিম্ন চাপ কেন্দ্ৰ বা ঘূৰ্ণীবতাহ কাক বোলে?
উত্তৰঃ সমচাপ ৰেখাসমূহ যেতিয়া ঘূৰণীয়া বা উপবৃত্তকাৰ আকৃতিৰ হয় আৰু কেন্দ্ৰস্থলত বায়ুৰ চাপ নিম্নতম হয় তেতিয়া তাক নিন্ম চাপ কেন্দ্ৰ বা ঘূৰ্ণীবতাহ বোলে।
১০৮। নিম্ন চাপ দ্ৰোণী কাক বোলে?
উত্তৰঃ এটা নিম্ন চাপ কেন্দ্ৰই দীঘলীয়া আকৃতিৰ হয় তেতিয়া তাক নিম্ন চাপ দ্ৰোণী বুলি কাৱা হয়।
১০৯। নিম্ন চাপৰ দ্ৰোণীসমূহত সমচাপ ৰেখাসমূহ কিহৰ আকৃতিৰ দৰে হ'য়?
উত্তৰঃ 'V' ৰ আকৃতিৰ দৰে হয়।
১১০। উচ্চ চাপ ভেদিকা বা গিৰিসিৰা কাক বোলে?
উত্তৰঃ সমচাপ ৰেখাবোৰ ঘূৰণীয়া নহৈ যদি উপবৃত্তাকাৰ হয় তেতিয়া তাক উচ্চ চাপ ভেদিকা বা গিৰিসিৰা বুলি কোৱা হ'য়।
১১১। বায়ুৰ চাপৰ পৰিবৰ্তন হ'লেই কিহৰ সৃষ্টি হ'য়?
উত্তৰঃ চাপনতি।
১১২। চাপ আৰু বতাহৰ সংক্ৰান্তত কেইটা কথা উল্লেখযোগ্য আৰু কি কি?
উত্তৰঃ চাপ আৰু বতাহৰ সংক্ৰান্তত দুটা কথা উল্লেখযোগ্য। আৰু সেই উল্লেখযোগ্য কথা কেইটা হ'লঃ
১। উচ্চ চাপৰ পৰা নিম্নচাপৰ পিনে বতাহ বয়।
২। বতাহৰ গতিবেগ চাপনতিয়ে নিৰ্ধাৰণ কৰে।
১১৩। বতাহৰ দিশ নিৰ্ণয় কৰিবৰ বাবে কি নামৰ যন্ত্ৰ এবিধ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ বায়ু দিগদৰ্শী।
১১৪। উচ্চ আকাশৰ বতাহৰ দিস আৰু গতিবেগ নিৰিণয় কৰিবৰ বাবে কি ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ পাইলট বেলুন।
১১৫। প্ৰতিবাদ দিশ কাক বোলে?
উত্তৰঃ যিপিনৰ পৰা বতাহ বলে সেই দিশক প্ৰতিবাদ দিশ বোলে।
১১৬। অনুবাত দিশ কাক বোলে?
উত্তৰঃ যিপিনে বতাহ বলি য়ায় তাকে অনুবাত দিশ বোলে।
১১৭।বতাহৰ গতিবেগ জোখ ল'বৰ কাৰণে কি যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ বেগমান যন্ত্ৰ বা এনিম'মিটাৰ।
১১৮। সকলোতকৈ অধিক সচৰাচৰ ব্যৱহাক কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ দি কাপ এনিম'মিটাৰ।
১১৯। বতাহৰ গতিবেগ অহৰহ জোখ ল'বৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ কৰা হ'য়?
উত্তৰঃ এনিম'গ্ৰাফ।
১২০। কি শক্তিয়ে বায়ুক স্থিতিশীল কৰাৰ চেষ্টা অক্ষুণ্ণৰাকিবলৈ চেষ্টা কৰে?
উত্তৰঃ মাধ্যাকৰ্ষণ শক্তিয়ে।
১২১। নিৰক্ষীয় অ়্চলৰ মন্থৰ বায়ু প্ৰবাহৰ মণ্ডলটো কি?
উত্তৰঃ শান্তবলয়।
১২২। বতাহ নামি অহা অঞ্চল দুটাত পৃথিৱীত কিহৰ সৃষ্টি হ'য়?
উত্তৰঃ ক্ৰান্তীয় মৰুভূমিসমূহৰ।
১২৩। যি নিয়ত বতাহ সমগ্ৰ বছৰ জুৰি বয় থাকে তাক কি বুলি নামাকৰণ কৰা হৈছে?
উত্তৰঃ পশ্চিম বতাহ।
১২৪। প্ৰৱল পশ্চিমা বতাহ কাক বোলে?
উত্তৰঃ দক্ষিণ গোলাৰ্ধৰ বতাহক পশ্চিমা বতাহ বুলি কোৱা হ'য়।
১২৫। গৰ্জনমুখৰ চল্লিছ বুলিলে কি বুজা?
উত্তৰঃ দক্ষিণ গোলাৰ্ধৰ এই অঞ্চলটোৰ এই বতাহে বাঘে গৰ্জন কৰাৰ গৰে হো-হো শব্দ কৰি বয় বাবে এই অঞ্চলটোক গৰ্জনমুখৰ চল্লিছ বুলি কোৱা হ'য়।
১২৬। মেৰু অঞ্চলত উৎপত্তি হয় বাবে মেৰু বতাহ কি?
উত্তৰঃ বৰ শীতল।
১২৭। জেট প্ৰবাহ কি?
উত্তৰঃ জেট প্ৰবাহ হ'ল বায়ুমণ্ডলৰ অতি উচ্চস্তৰৰে অত্যাধিক গতিবেগেৰে প্ৰবাহিত এবিঝ বায়ু প্ৰবাহ।
১২৮। আমেৰিকাৰ বিমাৰু বিমান এখনে প্ৰায় কিমান মিটাৰ উচ্চতাৰে জাপানৰপিনে গৈ আছিল?
উত্তৰঃ ১৩,০০০ মিটাৰ উচ্চতাৰে জাপানৰপিনে গৈ আছিল।
১২৯। শীতকালত জেট প্ৰবাহৰ গতিবেগ কিমান কিঃমিঃ হ'য়গৈ?
উত্তৰঃ ১৬০-২৪০ কিঃমিঃ হয়গৈ।
১৩০। উপক্ৰান্তীয় জেট প্ৰবাহ কাক বোলে?
উত্তৰঃ উচ্চ অক্ষাংশত জেট প্ৰবাহবোৰক উপক্ৰান্তীয় জেট প্ৰবাহ বোলে।
১৩১। আন এবিধ জেট প্ৰবাহৰ নাম লিখা।
উত্তৰঃ মেৰুদেশীয় জেট প্ৰবাহ।
১৩২। স্থানীয় বতাহ কাক বোলে?
উত্তৰঃ কিছুমান অঞ্চলত সম্পূৰ্ণৰূপে স্থানীয় কাৰণবসতঃ কেতবোৰ বতাহৰ উৎপত্তি হয়। এনেবোৰ বতাহক স্থানীয় বতাহ বুলি কোৱা হয়।
১৩৩। চিনকু কাক বোলে?
উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰকি পাৰ্বত্য অ়্চলৰ পূবফালৰ পাদদেশৰ উচ্চ সমভূমিত এবিধ উষ্ণ বতাহ বয়। এই বতাহ শুকান আৰু গৰম। এই বতাহক চিনকু বতাহ বুলি কোৱা হয়।
১৩৪। জলবায়ু মৰুদ্যান কাক বোলে?
উত্তৰঃছুইচ উপত্যকাত হাড় কঁপোৱা শীত চলি থাকে যদিও এই ফ'ন বায়ুপ্ৰবাহৰ কাৰমে শীতৰ বহুখিনি উপশম ঘটে। সেইবাবে এই অঞ্চলক জলবায়ু মৰুদ্যান বুলি কোৱা হয়।
১৩৫। চিৰক্কো বুলিলে কি বুজা?
উত্তৰঃ দক্ষিণলৈ বৈ যোৱা বতাহক চিৰক্কো বুলি কোৱা হয়।
১৩৬। ছাইমম বা চিমম বুলিলে কি বুজা?
উত্তৰঃ উগ্ৰ গৰম আৰু শুকান বতাহক আৰবত ছাইমম বা চিনম বুলি কোৱা হয়।
১৩৭। মিষ্টাল কোক বোলে?
উত্তৰঃ হাৰ কঁপোৱা শীতল বায়ু আল্পছ পৰ্বতৰ জুৰা অঞ্চলৰ পৰা শীতকালত ৰোণ-ছাউন উপত্যকাইদি দক্ষিণ পিনে ব'বলৈ ধৰে। এই শীতল বতাহকে মিষ্ট্ৰাল বোলে।
১৩৮। কোন কোন ডাঙৰ মহাদেশত উপকৃলীয় অঞ্চলতো গধুৰ শীতল বতাহ বলে?
উত্তৰঃ গ্ৰীনলেণ্ড আৰু এন্টাৰ্কটিকা।
১৩৯। ব্লিজাৰ্ড কাক বোলে?
উত্তৰঃ শীতল বতাহৰ লগত তুষাৰপাত বা ধুমুহা জড়িত হৈ থাকিলে তাক ব্লিজাৰ্ড বোলে।
১৪০।পৱন কাক বোলে?
উত্তৰঃ খালী টাি পূৰাবলৈ সমভূমি অঞ্চলৰ পৰা বতাহ পৰ্বতৰ কাষেৰে ওপৰলৈ উঠি যায়। ইয়াকে উপত্যকা পৱন বুলি কোৱা হয়।
১৪১। কাটাবেটিক বতাহ কাক বোলে?
উত্তৰঃ পাৰ্ব্যত্য অঞ্চলৰ ওপৰভাগত শীতল আৰু গধুৰ হৈ তললৈ নামি অহা সকলো বতাহকে কাটাবেটিক বতাহ বোলে।
১৪২। আনাবেটিক বতাহ কাক বোলে?
উত্তৰঃ সমতল অঞ্চলত তপত হৈ আৰু পাতলহৈ পাহাৰ-পৰ্বত ওপৰলৈ উঠি যোৱা সকলো বতাহকে আনাবেটিক বতাহ বোলে।
১৪৩। কোন দুবিধ বতাহ অস্থাই বতাহ?
উত্তৰঃ জলবতাহ আৰু স্থলবতাহ।
১৪৪। জল বতাহ কাক বোলে?
উত্তৰঃ সমুদ্ৰ পৃষ্ঠৰ জলভাগৰ পৰা এই বতাহ বয় বাবে ইয়াক জলবাতহ বুলি কোৱা হয়.
১৪৫। জলবতাহ দিনৰ আগবেলা কিমান বজাৰ পৰা আৰম্ভ হয় আৰু পিছবেলা প্ৰায় কিমান টা মান বজাত প্ৰৱল হয়?
উত্তৰঃ জলবতাহ দিনৰ আগৱেলা ৯ বা ১০ টা মান বজাৰ পৰা আৰম্ভ হয় আৰু পিছবেলা প্ৰায় ৩ টা মান বজাত প্ৰৱল হয়।
১৪৬। মৌছুমী বতাহ কি?
উত্তৰঃ মৌছুমী বতাহ হ'ল পৃথিৱীৰ অতিশয় বৃহৎ আকাৰৰ অঞ্চলত ঋতুভেদে একেলেথাৰিয়ে বলা বতাহ।
১৪৭। অনিয়মিত বতাহ কাক বোলে?
উত্তৰঃ পৃথিৱীৰ কেতবোৰ অঞ্চচলত কিছুমান হঠাৎ উৎপত্তি হয় আৰু কিছুসময় থকাৰ পিছত আকৌ নোহোৱা হয়। এনে ধৰণৰ বতাহসমূহক অনিয়মিত বতাহ বোলে।
১৪৮। ঘূৰ্ণীবতাহ কি?
উত্তৰঃ ঘূৰ্ণীবতাহ হ'ল এটা নিম্নচাপ কেন্দ্ৰ যাৰ চাৰিওপিনে উচ্চচাপে আবৰি থাকে।
১৪৯। ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা ক্ৰান্তীয় ধুমুহা বতাহ কাক বোলে?
উত্তৰঃ ক্ৰান্তীয় অঞ্চলত উৎপত্তি হোৱা আৰু ভ্ৰমনণ কৰা ঘূৰ্ণীবতাহবোৰক ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা ক্ৰান্তীয় ধুমুহা বোলে।
১৫০। ধুমুহাৰ উৎপত্তি আৰু বৃদ্ধিৰ বাবে অনুকূল অৱস্থা ঘাইকৈ কেইটা আৰু কি কি?
উত্তৰঃ তিনিটা। সেইকেইটা হ'লঃ
১। শান্ত বতাহ।
২। অত্য়াধিক আৰ্দ্ৰ বায়ুমণ্ডল।
৩। অত্যাধিক উত্তপ্ত বায়ু।
১৫১। বায়ুৰ চাপনিত অধিক হোৱাৰ বাবে বতাহৰ গতিবেগ বহত বেছি আৰু অধিকাংশতে ঘন্টাই প্ৰতি কিমান কিঃমিঃ?
উত্তৰঃ ঘন্টাই প্ৰতি ১০০ কিঃমিঃ।
১৫২। ছাইক্লোন বুলিলে কি বুজা?
উত্তৰঃ ধুমুহা আমাৰ ওচৰৰ বংগোপসাগৰ আৰু আৰৱসাগৰ অঞ্চলতো উৎপত্তি হয় আৰু এইবোৰক ছাইক্লোন বুলি কোৱা হয়।
১৫৩। হাৰিকেন কাক বোলে?
উত্তৰঃ পশ্চিম দ্বীপপুঞ্জ আৰু উত্তৰ-আমেৰিকা ফ্ল'ৰিডা উপত্যকাত উৎপত্তি হোৱা এনে ধুমুহাবোৰক হাৰিকেন বুলি কোৱা হয়।
১৫৪। ফিলিপাইন দ্বীপপুঞ্জ, চীন আৰু জাপানৰ উপকৃল অঞ্চলত ইহঁতক কি বুলি নামাকৰণ কৰা হৈছে?
উত্তৰঃ টাইফুন।
১৫৫। মধ্যঅক্ষাংশীয় ধুমুহা কাক বোলে?
উত্তৰঃ ধুমুহা নাতিশীতোষ্ণ মণ্ডলত উৎপত্তি হয় বাবে ইয়াক মধ্য অক্ষাংশীয় ধুমুহাও কোৱা হয়।
১৫৬। পশ্চিম ধুমুহা কাক বোলে?
উত্তৰঃ ধুমুহা পশ্চিমৰ পৰা পৃবপিনে গতি কৰে বাবে ইহঁতক পশ্চিমা ধুমুহা বুলি কোৱা হয়।
১৫৭। ঘূৰ্ণীবতাহৰ উৎপত্তি সম্বন্দে কেইটা মত বাদ পোৱা যায় আৰু সেইকেইটা কি কি?
উত্তৰঃ ঘূৰ্ণীবতাহৰ উৎপত্তি সম্বন্ধে দুটা মত বাদ পোৱা যায়। আৰু সেইকেইটা হ'লঃ
১। লাম্পাৰ্ট স্বৰৰ গতিশীল মতবাদ।
২। ভি. জাৰ্কানৰ মেৰুদেশীয় বাতাগ্ৰ মতবাদ।
১৫৮। মেৰুদেশীয় বাতাগ্ৰ কাক বোলে?
উত্তৰঃ বায়ুপুঞ্জ দুটা কিন্ত সহজে মিলি নাযায় বৰং দুয়ো এটা বাতাগ্ৰৰ উৎপত্তি কৰে আৰু ইয়াক মেৰুদেশীয় বাতাগ্ৰ বোলে।
১৫৯। বাতাগ্ৰ কেইটা সদায় ধৰা পৃষ্ঠত দেখা যায় আৰু সেইকেইটা কি কি?
উত্তৰঃ বাতাগ্ৰ ৩ টা সদায় ধৰা পৃষ্ঠত দেখা যায়। আৰু সেইকেইটা হ'লঃ
১। ট্ৰপমণ্ডল।
২। উপক্ৰান্তীয় উচ্চ।
৩। মেৰু অঞ্চলৰ পৰা অহা শীতল মেৰু বতাহ।
১৬০। দুটা লগলাগি এটা হ'লে তাক কি বুলি কোৱা হয়?
উত্তৰঃৰুদ্ধ বাতাগ্ৰ।
১৬১।বাতাগ্ৰ দুটা মিলি একে লগ হোৱাকে কি বুলি কোৱা হয়?
উত্তৰঃ অধিধাৰণ।
১৬২। ধুমুহাবোৰক কেইটা বাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ তিনিটা ভাগত বিভক্ত কৰা হৈছে। আৰু সেইকেইটা হ'ল
১। তাপজনিত ঘূৰ্ণিবতাহ।
২। আতপন জনিত।
৪। গতিশীল ঘূৰ্ণিবতাহ।
১৬৩। প্ৰতীপ শব্দটোৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ বিপৰীত।
১৬৪। মধ্য আক্ষাংশত প্ৰতীপ ঘূৰ্ণিবতাহবোৰ কিমান কিঃমিঃ দীঘল?
উত্তৰঃ ৩,০০০ কিঃমিঃ দীঘল।
১৬৫। উচ্চচাপ কেন্দ্ৰ কাক বোলে?
উত্তৰঃ প্ৰতীপ ঘূৰ্ণি বতাহবোৰত বায়পৰ চাপ উচ্চ বাবে এই বোৰক উচ্চচাপ বুলি কোৱা হয়।
১৬৬। হাজলিকৰ মতে উষ্ণতা অনুসৰি প্ৰতিপ ঘূৰ্ণিবতাহবোৰ কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ ২ প্ৰকাৰৰ। আৰু সেইকেইটা হ'লঃ
১। উষ্ণ প্ৰতীপ ঘূৰ্ণিবতাহ
২। শীতল প্ৰতীপ ঘূৰ্ণি বতাহ।
১৬৭। হামফ্ৰেই ইহণতক কেইটা বাগত বিভক্ত কৰিছে আৰু কি কি?
উত্তৰঃ তিনিটা ভাগত। সেইকেইটা হ'লঃ
১। যান্ত্ৰিক বা ভৌতিক।
২। বিকিৰণজনিত।
৩। উত্তাপজনিত।
১৬৮। বতৰ সদায় কি থাকে?
উত্তৰঃ ফৰকাল।
১৬৯। আকাশখন সদায় কি হয় থাকে?
উত্তৰঃ ফৰকাল।
১৭০। বতাহ কি?
উত্তৰঃবতাহ ধীৰ বা মৃদু।
১৭১। মৌছুমী শব্দটো ক'ৰ পৰা আহিছে?
উত্তৰঃ আৰবী শব্দ মৌচিমৰ পৰা আহিছে।
১৭২। মৌছুমী বতাহ কাক বোলে?
উত্তৰঃ যি বায়ুৰ উত্তাপ আৰু চাপৰ তাৰতম্য ঘটে তাকে মৌছুমী বতাহ বোলে।
১৭৩। শীত মৌছুমী বতাহ কাক বোলে?
উত্তৰঃ শীতকালত মহাদেশৰ পৰা মহাসাগৰলৈ বলা বতাহক শীত মৌছুমী বতাহ বোলে।
১৭৪। গ্ৰীষ্ম মৌছুমী বতাহ কাক বোলে?
উত্তৰঃ গ্ৰীষ্মকালত মহাসাগৰৰ ওপুৰৰ পৰা মহাদেশৰ পিনে বলা বতাহক গ্ৰীষ্ম বতাহ বোলে।
১৭৫। আৰৱৰ নাগৰিকসকলে কিমান শতাব্দীৰ আগতে মৈছুমী শব্দটোৰ সলনি মৌচিম শব্দটো ব্যৱহাৰ কৰিছিল?
উত্তৰঃ ৬-৭ শতাব্দীৰ আগতে।
১৭৬। কিমান চনত কোন জন প্ৰস্যাত নাবিকে পোনে প্ৰথমে মৌছুমী আৰম্ভনি কথাটো উল্লেখ কৰিছিল?
উত্তৰঃ ১৫৫৪ চনৰ ছিদ্দি আলী নামৰ প্ৰস্যাত নাবিকে।
১৭৭। মৌছুমীৰ উৎপত্তী কেই ধৰণৰ হয় আৰু কি কি?
উত্তৰঃ দুই ধৰণৰ আৰু সেইকেইটা হ'লঃ-
১। গ্ৰীষ্ম কালীন
২। শীত কালীন।
১৭৮। ছিলংৰ বৃষ্টিপাত কিমান ছেঃমিঃ?
উত্তৰঃ ২১৫ ছেঃমিঃ।
১৭৯। কোপেন গেইজাৰ-পল'ৰ পৃথিৱীৰ কিহৰ শ্ৰেণী বিভাগ?
উত্তৰঃ জলবায়ুৰ ।
১৮০। কোপেন প্ৰধানকৈ জলবায়ুক কেই প্ৰকাৰত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ কোপেন প্ৰধানকৈ জলবায়ুক পাচঁ প্ৰকাৰত ভাগ কৰিব পাৰে। আৰু সেইকেইটা হ'লঃ- A,B, C, D আৰু E।
Type- Ishan Dev Bora