লিথোস্পেয়াৰ
LITHOSPHERE
Chapter 3
চমু উত্তৰ লিখাঃ
১। পৃথিৱীৰ উপৰিভাগত নানা ধৰণৰ কি পোৱা যায়?
উত্তৰঃ শীল।
২।পৃথিৱীৰ ব্যাসাৰ্দ্ধ প্ৰায় কিমান কিলোিটাৰ?
উত্তৰঃ ৬৪০০ কিলোমিটাৰ।
৩। পৃথিৱীত কি গুণো বিদ্যামান?
উত্তৰঃ চুম্বকীয়।
৪। ভূমিকম্প বিজ্ঞান কাক বোলে?
উত্তৰঃ ভূমিকম্পৰ বিষয়ে অধ্যয়ণ কৰাকে ভূমিকম্প বিজ্ঞান বোলে।
৫। ছিছম'জ' মানে কি?
উত্তৰঃ ভূমিকম্প।
৬। 'লজি' মানে কি?
উত্তৰঃ বিদ্যা।
৭। কিমান চনত কোনে ক'ৰ ৰিখটাৰ ভূমিকম্পমান নিৰ্ণয় কৰা মাপনী আৱিস্কাৰ কৰিছিল?
উত্তৰঃ ১৯৩২ চনত আমেৰিকাৰ ছি. এফ. ৰিখটাৰে।
৮। সমভূকম্পীয় ৰেখা কাক বোলে?
উত্তৰঃ কোনা এটা ভূমিকম্পত সমপৰিমাণৰ জোকাৰণি অনুভৱ কৰা ঠাইসমূহক সংযোগ কৰা কাল্পনিক ৰেখাকে সমভূমিকম্পীয় ৰেখা বোলে।
৯। ভূমিকম্প তৰংগ কেই প্ৰকাৰৰ?
উত্তৰঃ তিনি প্ৰকাৰৰ।
১০। ভূমিকম্পৰ ফলত কেই ধৰণৰ তৰংগ উৎপত্তি হয় আৰু কি কি?
উত্তৰঃ তিনিধৰণৰ। সেইকেইটা হ'ল
১। মুখ্য ঢৌ।
২। গৌণ ঢৌ
৩। পৃষ্ঠ ঢৌ
১১। তৰঙ্গৰ গতি বৰ্দ্ধিত কিমান কিঃমিঃ হয় প্ৰতি ছেকেণ্ডত?
উত্তৰঃ তৰঙ্গৰ গতি বৰ্দ্ধিত ১৩.৬ কিঃমিঃ হয় প্ৰতি ছেকেণ্ডত।
১২। পৃথিৱীৰ মুঠ পদাৰ্থৰ কিমান শতাংশ আছে?
উত্তৰঃ ৩৩ শতাংশ।
১৩। পৃথিৱীৰ অন্তভাগৰ কেইটা অঞ্চলৰ পুনৰ ভাগ কৰিছে আৰকু কি কি?
উত্তৰঃ ২ টা। আৰু সেইকেইটা হ'লঃ
১। অন্তৰ ভাগ
২। বহিঃভাগ
১৪। বহিঃকোষৰ অঞ্চলত উত্তাপৰ পৰিমাণ কিমান ডিগ্ৰী ছেলছিয়াচ?
উত্তৰঃ বহিঃকোষৰ অঞ্চলত উত্তাপৰ পৰিমাণ ৩০০০॰ ছেলছিয়াচ।
১৫। মেন্টল অঞ্চলটোৱে পৃথিৱীৰ মুট আয়তনৰ কিমান শতাংশ ভাগ আগুৰি আছে?
উত্তৰঃ ৮০ শতাংশ।
১৬। মেন্টল অঞ্চলটোত থকা পদাৰ্থৰবোৰৰ নাম কি?
উত্তৰঃ মেন্টল অঞ্চলটোত থকা পদাৰ্থবোৰৰ নাম হ'লঃ- অক্সাইড, লোৰ চিলিকেট, মেগনেচিয়াম চিলিকেট।
১৭। মেন্টল স্তৰটোক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত। সেইকেইটা হ'লঃ ওপৰ বা উচ্চ, তল বা নিম্ন।
১৮। গৰম স্থান কাক বোলে?
উত্তৰঃ ক্ষয়প্ৰাপ্ত হৈ থকা অধিক উত্তাপৰ সৃষ্টি কৰে আৰু তেনেকুৱা স্থানবোৰক গৰমস্থান বোলে।
১৯। চিয়াল আৰু চিমা কাক বোলে?
উত্তৰঃ ওপৰৰটোক চিয়াল আৰু তৰলটোক চিমা বোলা হয়।
২০। ক্ৰাষ্ট স্তৰতটোৰ ভাগ কেইটা?
উত্তৰঃ দুটা।
২১। ভূমিকম্প বিজ্ঞানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভূমিকম্প বিষয়ে অধ্যয়ণ কৰাকে ভূমিকম্প বিজ্ঞান বোলা হয়। এইটো এটা গ্ৰীক শব্দ ছিছমোজৰ পৰা অহা। 'ছিছম'জ' মানে হ'ল ভূমিকম্প, 'লজি' মানে হ'ল বিদ্যা। ইংৰাজৰ ভূ-ইঞ্জিনিয়াৰ জন মিলেন হ'ল অধুনিক ভূমিকম্প বিজ্ঞানৰ বাটটকীয়া। ভূমিকম্প অধ্যয়ণ কৰা যন্ত্ৰটোৰ নাম ছিছমোগ্ৰাফ এই যন্ত্ৰটো তেৱেঁই আৱিষ্কাৰ কৰিছিল।
Type- Ishan Dev Bora