প্ৰথম অধ্যায়

 অসমীয়া ভাষাৰ উৎপত্তি আৰু সাহিত্য যুগ বিভাগ


চমু প্ৰশ্নউওৰঃ

১। মনক্ষ্মেৰ গোষ্ঠীৰ অষ্ট্ৰিক ভাষীসকলে কি কি খেতি প্ৰৱৰ্তন কৰিছিল?

উওৰঃ মনক্ষ্মেৰ গোষ্ঠীৰ অষ্ট্ৰিক ভাষীসকলে প্ৰবেশ কৰি ধান আৰু জোৱাৰৰ খেতি, গোপালন, বৃহৎ প্ৰস্তৰৰ পূৰ্বপুৰুষৰ স্মৃতিস্তম্ভ, আৰু জুম খেতিৰ প্ৰৱৰ্তন কৰিছিল।

২। অসমীয়া শব্দাৱলী কোনটা ভাষাৰ পৰা আৰু কি কি লোৱা হৈছে?

উওৰঃ অসমীয়া শব্দাৱলীৰো কিছু অনাৰ্য ভাষাৰ পৰা আহিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু কিছু ঘৰুৱা শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। অনুসৰ্গ, প্ৰত্যয় দুই এটাও অনাৰ্য ভাষাৰ পৰা আহিছে।

৩। কিমান শতিকাত অসমীয়া ভাষাই জনাম লাভ কৰিছিল?

উওৰঃ খ্ৰীষ্টীয় দশম একাদশ শতিকামানতহে অসমীয়া ভাষাই জন্ম লাভ কৰিছিল।

৪। কোনে দ্বিজসকলক প্ৰতিষ্ঠা কৰিছিল বুলি কালিকাপুৰণত উল্লেখ আছিল?

উওৰঃ নৰকাসুৰে দ্বিজসকলক প্ৰতিষ্ঠা কৰিছিল বুলি কালিকাপুৰণত উল্লেখ আছে।

৫। ভগদত্ত-নৰকাসুৰৰ পুত্ৰ বুলি ক'ত উল্লেখ আছে?

উওৰঃ ভগদত্ত-নৰকাসুৰৰ পুত্ৰ বুলি কালিকাপুৰাণ আৰু তাম্ৰশাসনাৱলীত উল্লেখ আছে।

৬। তাম্ৰশাসনমতে ভগদত্ত কোন ধৰ্মৰ নিয়ামক আছিল?

উওৰঃ তাম্ৰশাসনমতে ভগদত্ত বৰ্ণাশ্ৰম দৰ্মৰ নিয়ামক আছিল।

৭। পণ্ডিতসকলে নিৰ্দেশ কৰা তিনিটা প্ৰাকৃতৰ স্তৰৰ নাম কি ?

উওৰঃ পণ্ডিতসকলে নিৰ্দেশ কৰা তিনিটা প্ৰাকৃতৰ স্তৰৰ নাম হৈছে-   ১) আদি প্ৰাকৃত, ২)মধ্য প্ৰাকৃত আৰু আৰু অন্ত্য প্ৰাকৃত।

৮। মধ্যযুগক কেইটা পৰ্যায় ভাগ কৰিব পাৰি সেইকেইটা কি কি ?

উওৰঃ মধ্যযুগক তিনিটা পৰ্যায় ভাগ কৰিব পাৰি। আৰু সেইকেইটা হৈছে- ১) প্ৰাক্শঙ্কৰী, (২) শঙ্কৰী আৰু (৩) উওৰ শঙ্কৰী।

৯। অসমীয়া সাহিত্যৰ প্ৰকৃত ইতিহাস ক'ত আৰম্ভ হৈছে?

উওৰঃ অসমীয়া সাহিত্যৰ প্ৰকৃত ইতিহাস আৰম্ভ হৈছে বৌদ্ধগান বা দোহাৰপৰাহে।

১০। অসমৰ সৰ্বপ্ৰাচীন অধিবাসী বুলি কাক কোৱা হয়?

উওৰঃ অষ্ট্ৰীক ভাষাভাষীসকলেই অসমৰ সৰ্বপ্ৰাচীন অধিবাসী বুলি কোৱা হয়।

১১। অষ্ট্ৰীক ভাষাৰ পৰা অহা কেইখন মান নদীৰ নাম লিখা।

উওৰঃ অষ্ট্ৰীক ভাষাৰ পৰা অহা নদীকেইখন হৈছে- টিয়ক, তিপান, টিহু অষ্ট্ৰীক ভাষাৰ পৰা অহা বুলি কোৱা হয়।

১২। বিদেশী শব্দৰ দুটা উৎস কি কি?

উওৰঃ বিদেশী শব্দৰ দুটা উৎস হৈছে- এটা ফাৰ্চী-আৰবী আৰু আনটো ইউৰোপীয় ভাষা।

১৩। কামৰূপৰ প্ৰাচীন সীমাত থকা নদীখনৰ নাম কি?

উওৰঃ কামৰূপৰ প্ৰাচীন সীমাত থকা নদীখনৰ নাম কৰতোৱা নদী।

১৪। শতপথব্ৰাক্ষ্মণ কিমান খ্ৰীঃ পুঃ ৰচিত বুলি অনুমান কৰা হয় লিখা।

উওৰঃ শতপথব্ৰাক্ষ্মণ খ্ৰীঃপুঃ চতুৰ্থ শতিকামানত ৰচিত বুলি অনুমান কৰা।

১৫। কামৰূপী প্ৰাকৃত বা অপভ্ৰংশ বুলি কাক কোৱা হয়?

উওৰঃ মাগধী প্ৰাকৃত আৰু অপভ্ৰংশই কামৰূপ অঞ্চলত যি আঞ্চলিক বৈশিষ্ট্য লাভ কৰিছিল তাকেই কামৰূপী প্ৰাকৃত বা অপভ্ৰংশ বুলিব পাৰি।

১৬। Assamese, Its Formation and Development, পুথিখন কিমান চনত প্ৰকাশ পাইছিল?

উওৰঃ Assamese, Its Formation and Development, ১৯৪০ চনত প্ৰকাশ পাইছিল।

১৭। সংস্কৃতত প্ৰকৃতি শব্দৰ অৰ্থ কি?

উওৰঃ সংস্কৃতত প্ৰকৃতি শব্দৰ অৰ্থ প্ৰজাও হয়।

১৮। 'অসমাক্ষৰ' মানে কি বুজাইছে?

উওৰঃ 'অসমাক্ষৰ' মানে আহোম ভাষাৰ আখৰ বুজোৱা যেন এটা ধাৰণাহে হয়। কাৰণ এটা ফালত আখৰত আহোম ভাষাত কথাখিনি দোহাৰিছে।

১৯। শ্ৰীমণীন্দ্ৰমোহন বসুৰ পুথি এখনৰ নাম কি?

উওৰঃ শ্ৰীমণীন্দ্ৰমোহন বসুৰ পুথি এখনৰ নাম- চৰ্যাপদ।

২০। অষ্ট্ৰীকসকলে সংস্কৃতলৈ কি কি শব্দ দান কৰিছিল?

উওৰঃ অষ্ট্ৰীকসকলে সংস্কৃতলৈ তাম্বুল, কদলী, গুৱা আদি শব্দ দান কৰিছে।


Author - Pompi Hazarika