ভৌগোলিক দৃষ্টিকোণেৰে কিছুমান বিষয় আৰু সমস্যাৱলীৰ আলোচনা পৰিবেশ প্ৰদূষণ 

    মানুহে নিজে সৃষ্টি কৰি থকা আৱৰ্জনাবোৰৰ পৰা আহৰহ কিছুমান পদাৰ্থ আৰু শক্তি নিৰ্গমন হৈ আছে। যাৰ বাবে পৰিবেশৰ প্ৰদৃষিত হবলৈ ধৰিছে। যি মাধ্যমেৰে প্ৰদৃষিত পদাৰ্থ পৰিবাহিত হৈ চাৰিওফালে বিয়পি আছে, তাৰ ওপৰত ভিত্তি কৰি প্ৰদৃষণক কেইটামান শ্ৰেণীত বিভক্ত কৰা হৈছে। যেনে - ১/ বায়ু প্ৰদূষণ, ২/ জল প্ৰদূষণ, ৩/ স্থল প্ৰদূষণ আৰু ৪/ শব্দৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ।

    জল প্ৰদূষণঃ ত্ৰুমবৰ্ধমান জনসংখ্যাই জধে - মধে পানী ব্যৱহাৰ কৰাৰ ফলত আৰু দ্ৰুত উদ্যোগীকৰণৰ বাবেও, পানীৰ গুণাগুণ ত্ৰুমাৎ নিম্নগামী হবলৈ লৈছে। ভূপৃষ্ঠৰ নদ - নদী, খাল - বিল, হ্ৰদ আদিত পানী অপৰ্যাপ্তভাৱে যদিও আছে, বিশুদ্ধ মুঠেও নহয়। এনে পানীত কম পৰিমাণে হলেও জৈৱ, অজৈৱ, ক্ষুদ্ৰ কণা ওপঙি থাকে। যেতিয়া এই পদাৰ্থবোৰৰ হৈ পৰে। এনে অৱস্থাত পানীৰ স্বকীয় বিশুদ্ধকৰণ ক্ষমতাকণো ত্ৰুমে লুপ্ত হৈ পৰে যদিও স্বাভাৱিক উৎসবোৰৰ পৰা জল প্ৰদূষকৰ সৃষ্টি হৈ থাকে, দৰাচলতে মানৱ সৃষ্ট উৎসৰ পৰা প্ৰকৃততে প্ৰদূষণ বেছি হাৰত হৈ আছে। মানুহে উদ্যোগ, কৃষিকাৰ্য আৰু সাংস্কৃতিক কাৰ্যকলাপেৰে পানী প্ৰদূষিত কৰি আছে। এই আটাইবিলাক কাৰ্যৰ ভিতৰত উদ্যোগে আটাইতকৈ বেছি পৰিমাণে প্ৰদূষণ সৃষ্টিত অৰিহণা যোগায়।

    উদ্যোগবোৰৰ পৰা আহৰহ অলাগতীয়াল পদাৰ্থ কিছুমানৰ উৎপাদন হৈ থাকে, যেনে - উদ্যোগিক প্ৰত্ৰুিয়াৰ আবৰ্জনা, প্ৰদূষিত পানী, বিষাক্ত গেছ, ৰাসায়নিক অৱশিষ্ট, বহুসংখ্যক গধুৰ ধাতৱ, ধূলি, ধোঁৱা ইত্যাদি। এই অৱশিষ্ট পদাৰ্থবোৰে বৰষুণৰ পানীৰ সৈতে বৈ গৈ নদী, নলা হ্ৰদ আদিত পৰি, জলাশয়বোৰৰ জৈৱ পদ্ধতিক ধ্বংস কৰে। জল প্ৰদূষণ কৰা মুখ্য উদ্যোগবোৰ হল ছামৰা উদ্যোগ, মণ্ড আৰু কাগজৰ কল, বয়ন আৰু ৰাসায়নিক উদ্যোগ।

    আধুনিক কৃষি ব্যৱস্থাত বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহিত হৈ থাকে। অজৈৱিক সাৰ, কীটনাশক আৰু পোক পতংগ নাশকবোৰো প্ৰদূষণবৰ্দ্ধক উপাদান। এনে ৰাসায়নিক পদাৰ্থবোৰ বৰষুণৰ পানীৰ সৈতে মিহলি হৈ নৈ, হ্ৰদ আৰু পানীৰ টেংকিত পৰেগৈ। আনকি ভূমিগত জললৈকো, এইবোৰ পদাৰ্থৰ অনুপ্ৰৱেশ ঘটিব পাৰে। সাৰবোৰৰ পৰা পৃষ্ঠভাগৰ জলাশয়ত নাইট্ৰেটৰ মাত্ৰা বৃদ্ধি পায়। কিছুমান সাংস্কৃতিক কাৰ্যকলাপ যেনে - তীৰ্থযাত্ৰী, ধৰ্মীয় মেলা, পৰ্যটন আদিৰ বাবেও পানী প্ৰদূষিত হয়। ভাৰতবৰ্ষত পৃষ্ঠভাগত থকা প্ৰায় গোটেখিনি জলভাগ দূষিত আৰু মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। পানীৰ পৰা হোৱা বিভিন্ন বেমাৰৰ মুখ্য উৎস হল, জল প্ৰদূষণ, দূষিত পানীয়ে সাধাৰণতে এনেধৰণৰ বেমাৰ বিয়পায় যেনে - ডায়েৰিয়া, কৃমি, হেপাটাইটিছ ইত্যাদি। World Health Organisation ৰ সমীক্ষা অনুসৰি ভাৰতৰ এক চতুৰ্থাংশলৈ বেমাৰৰ মুখ্য কাৰণ পানী।

    বায়ু প্ৰদূষণঃ

    ধূলি, যানবাহনৰ ধোঁৱা, গেছ, গোন্ঝ, ধোঁৱাই বায়ুমণ্ডলক ত্ৰুমাগতভাৱে প্ৰদূষিত কৰি আধে। এনে প্ৰদূষণৰ ফলত উদ্ভিদজগত আৰু প্ৰাণীজগত উভয়ৰে প্ৰচুৰ হানি হবলৈ ধৰিছে। বিভিন্ন ইন্ধনৰ ব্যৱহাৰে অৰ্থাৎ শক্তিৰ উৎসৰ পৰা বায়ুমণ্ডলত প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে। জীৱাশ্মৰ পৰা উৎপত্তি হোৱা ইন্ধন, খনি আৰু উদ্যোগবোৰৰ বাবে বায়ু প্ৰদূষিত হয়। এই প্ৰত্ৰুিয়াই ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইড হাইড্ৰকাৰ্বন, কাৰ্বন - ড্ৰাই অক্সাইড, কাৰ্বন মনক্সাইড, সীহ আৰু এছবেছটছ আদি নিৰ্গত কৰি থাকে।

    বায়ু প্ৰদূষণৰ পৰা বিভিন্নধৰণৰ হাওঁফাওঁ, সিৰা অথবা তেজৰ সঞ্চালনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি বোমাৰত পেলাব পাৰে।

    বায়ু প্ৰদূষণ হলে মহানগৰবোৰত এবিধ ডাঠ কুঁৱলীৰ সৃষ্টি হয়। ইমানুহৰ স্বাস্থ্যৰ বাবে খুব হানিকাৰক। প্ৰদূষিত বায়ুৰ মাজেৰে অহা বৰষুণক এছিদ বৰষুণ বুলি কোৱা হয়। মহানগৰৰ ওপৰত বৰষুণৰ সমীক্ষা চলাই এটা কথা নিশ্চিত হব পৰা গৈছে যে বাৰিষা হোৱা প্ৰথমজাক বৰষুণত PHৰ মুল্য পিচত হোৱা বৰষুণতকৈ একেবাৰে কমকৈ থকা দেখা যায়।

    শব্দ প্ৰদূষণঃ

    বিভিন্ন উসৰ পৰা উপন্ন হোৱা শব্দই কেতিয়াবা সহনসীমা অতিত্ৰুম কৰি মানুহৰ ওপৰত বিৰূপ প্ৰতিত্ৰুিয়াৰ সৃষ্টি কৰাকে আমি শব্দ প্ৰদূষণ হোৱা বুলি কওঁ। বিভিন্ন প্ৰযুক্তিৰ উদ্ভাৱনে, বৰ্তমান শব্দ প্ৰদূষণৰ মাত্ৰা বঢ়াই তুলি মানৱজাতিক চিন্তিত কৰিছে।

     বহুতো উৎসৰ পৰা শব্দ প্ৰদূষণ হৈ থাকে। যেনে - কল - কাৰখানা, যান্ত্ৰিক নিৰ্মাণকাৰ্য, ভঙাছিঙা কাম - কাজবোৰ, যান - বাহন, উৰাজাহজৰ উৰণৰ বাবে ইত্যাদি। তদুপৰি কিছুমান উপৰুৱা সাময়িক শব্দৰ বাবেও প্ৰদূষণৰ সৃষ্টি হয়। যেনে - চাইৰেনৰ শব্দ, মাইক বজোৱা শব্দ বিভিন্ন উৎসৱ - পাৰ্বণ আৰু গোষ্ঠীগত কাৰ্যসূচীত ব্যৱহাৰ কৰা ঢাক - ঢোল, মৃদংগ, পেঁপা, কালিয়াৰ শব্দক, ডেচিবেল এককৰ দ্বাৰা জোখ - মাখ লোৱা হয়।

    কিন্ত আটাইতকৈ বেছি বিকট শব্দৰ সৃষ্টি হয় যান - বাহনৰ পৰা। এই শব্দৰ গাঢ়তা আৰু প্ৰকৃতি, বাহনৰ প্ৰকাৰৰ সৈতে জড়িত। উৰাজাহাজ, ৰেলগাড়ী, মটৰ গাড়ী আৰু মটৰপথৰ অৱস্থাৰ বাবেও শব্দৰ ধৰণটো বিভিন্ন হব পাৰে। সমুদ্ৰ যাতায়াতত, শব্দ প্ৰদূষণকেৱল পশ্চাৎভূমিবোৰতে আবদ্ধ হৈ থাকে - যেনে মালবস্ত উলিওৱা সোমোওৱা কৰা কাৰ্য আৰু কঢ়িয়াই নিয়া সময়ত যথেষ্ট শব্দৰ সৃষ্টি হয়। উদ্যোগৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন গাঢ়তা থকা শব্দ প্ৰদূষণৰ সৃষ্টি হব পাৰে। শব্দৰ প্ৰদূষণে সাধাৰণতে স্থানিক বিশেষত্ব ৰাখে আৰু উৎসৰ পৰা থকা দূৰত্ব অনুযায়ী ইয়াৰ গাঢ়তা টুটা - বঢ়া কৰে। উদাহৰণস্বৰূপে, উদ্যোগিক অঞ্চলবোৰত, পৰিবহণ তন্ত্ৰত, বিমান বন্দৰ আদি ইত্যাদিত। ভাৰতৰ বহুতো মেট্ৰপলিটান আৰু ডাঙৰ মহানগৰীত শব্দ প্ৰদূষণে যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সৃষ্টি কৰি আছে।



Type - Boby Bora