অষ্টম অধ্যায়

বৈষ্ণৱ সাহিত্যঃ শঙ্কৰী যুগ


চমু প্ৰশ্নউওৰঃ 

১। কিমান খ্ৰীষ্টাব্দত আৰু ক'ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হয়?

উওৰঃ ১৩৭১ শক, ইংৰাজী ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম স্থান।

২। শঙ্কৰদেৱৰ ৰচিত কাব্যকেইখনৰ নাম লিখা।

উওৰঃ শঙ্কৰদেৱৰ ৰচিত কাব্য কেইখন নাম হ'ল- (১) হৰিশ্চন্দ্ৰ উপাখ্যান, (২) ৰূক্মিণী-হৰণকাব্য, (৩) বলিছলন, (৪) অমৃত মথন, (৫) অজামিল উপাখ্যান আৰু (৬) কুৰুক্ষেত্ৰ।

৩। শঙ্কৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহসমূহ লিখা।

উওৰঃ শঙ্কৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহসমূহ হ'ল -  (১) ভক্তিপ্ৰদীপ, (২) ভক্তি ৰত্নাকৰ (সংস্কৃত), আৰু (৩) নিমি-নৱসিদ্ধ সংবাদ আৰু (৪) অনাদিপতন।

৪। শঙ্কৰদেৱৰ অনুবাদমূলকবোৰ লিখা।

উওৰঃ শঙ্কৰদেৱৰ অনুবাদমূলকবোৰ হৈছে- (১) ভাগৱত ১ম, ২য় ৬ষ্ঠ (অজামিল উপাখ্যান মাত্ৰ) ৮ম (বলিছলন, অমৃত মথন), ১০ম, ১১শ, ১২শ স্কন্ধ আৰু 

(২)উওৰাকাণ্ড ৰামায়ণ।

৫। শঙ্কৰদেৱৰ অঙ্কীয়া নাটবোৰ কি কি?

উওৰঃ শঙ্কৰদেৱৰ অঙ্কীয়া নাটবোৰ হৈছে- (১) পত্নীপ্ৰসাদ, (২) কালিয়দমন, (৩)কেলিগোপাল, (৪) ৰুক্মিণীহৰণ, (৫) পাৰিজাত হৰণ আৰু (৬) ৰামবিজয়।

৬। শঙ্কৰদেৱৰ গীতসমূহ কি কি?

উওৰঃ শঙ্কৰদেৱৰ গীতসমূহ হৈছে- (১) বৰগীত, (২) ভটিমা আৰু (৩) টোটয় আৰু চপয়।

৭। শঙ্কৰদেৱৰ নাম প্ৰসঙ্গসমূহ কি কি ?

উওৰঃ শঙ্কৰদেৱৰ নাম প্ৰসঙ্গসমূহ হৈছে- (১) কীৰ্তন আৰু (২) গুণমালা।

৮। শঙ্কৰদেৱৰ সাহিত্যিক জীৱন কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ শঙ্কৰদেৱৰ সাহিত্যিক জীৱন তিনিটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- প্ৰথম বৰদোৱাত বাস কৰা কাল, দ্বিতীয়, গাংমৌ, ধুৱাঁহাট-বেলগুৰি আদি উজনি অসমত বাস কৰা প্ৰায় কুৰিবছৰৰ অধিক কাল আৰু তৃতীয় শেষ নামনিৰ পাটবাউসী আৰু কোচবেহাৰত কটোৱা কাল।

৯। দশম বুলিলে কি বুজা?

উওৰঃ 'দশম' বুলিলে দৰাচলতে ভাগৱতৰ সমগ্ৰ দশম স্কন্ধৰ ভাঙনিকে বুজায় যদিও অসমীয়া মানুহে মহাপুৰুষে ৰচনা কৰা অংশকে সাধাৰণতে 'দশম' বুলিলে বুজে। 

১০। মূল ভাগৱতৰ দশম স্কন্ধৰ কিমানটা অধ্যায়ৰ ভিতৰত মহাপুৰুষে প্ৰথমৰপৰা ৪৯ম অধ্যায়লৈ অনুবাদ কৰিছিল?

উওৰঃ মূল ভাগৱতৰ দশম স্কন্ধৰ ৯০ টা অধ্যায়ৰ ভিতৰত মহাপুৰুষে প্ৰথমৰপৰা ৪৯ম অধ্যায়লৈ অনুবাদ কৰিছে।

১১। আদ্য বা আদি দশম কাক বোলে?

উওৰঃ মূল ভাগৱতৰ দশম স্কন্ধৰ ৯০ টা অধ্যায়ৰ ভিতৰত মহাপুৰুষে প্ৰথমৰপৰা ৪৯ম অধ্যায়লৈ অনুবাদ কৰিছে। এই খণ্ডক আদ্য বা আদি দশম বোলা হয়।

১২।  মহাপুৰুষে কেইপ্ৰকাৰৰ আৰু কি কি ভটিমা প্ৰৱৰ্তন কৰিছে?

উওৰঃ মহাপুৰুষে তিনি প্ৰকাৰৰ ভটিমা প্ৰৱৰ্তন কৰিছে আৰু সেইকেইটা হৈছে- (১) 'নাট-ভটিমা', (২) দেৱ-ভটিমা' আৰু (৩) 'ৰাজ ভটিমা' প্ৰৱৰ্তন কৰে। তাৰ লগতে মাধৱদেৱে 'গুৰু-ভটিমা' সংযোগ কৰি চাৰি শ্ৰেণীৰ ভটিমাৰ পৰম্পৰা সৃষ্টি কৰে।

১৩। 'নাট ভটিমা' কি?

উওৰঃ নাটৰ আৰম্ভ আৰু শেষত প্ৰয়োগ কৰা ভটিমাই 'নাট-ভটিমা' ।

১৪। 'দেৱ-ভটিমা' কি?

উওৰঃ দেৱতাৰ প্ৰশস্তিমূলক ভটিমাই 'দেৱ-ভটিমা'।

১৫। 'ৰাজ-ভটিমা' কি?

উওৰঃ ৰজাৰ গুণগৰিমা প্ৰকাশক ভটিমাই 'ৰাজ-ভটিমা'।

১৬। 'নাট-ভটিমা' কেইপ্ৰকাৰ আৰু কি কি?

উওৰঃ 'নাট-ভটিমা' তিনি প্ৰকাৰৰ । যেনে- (১) প্ৰাৰম্ভ উপাস্য দেৱতা বা কৃষ্ণ বা ৰামৰ গুণানুকীৰ্তন কৰা ভটিমা, (২) নাটৰ মাজত প্ৰধান চৰিত্ৰৰ বিশেষকৈ কৃষ্ণ বা ৰামৰ অথবা ৰূক্মিণী বা সীতাৰ ৰূপগুণ বৰ্ণোৱা ভটিমা আৰু (৩) নাটৰ শেষত সভাসদৰ মুক্তি কামনা ভটিমা।

১৭। পৰৱৰ্তী বৈষ্ণৱ ভক্ত কোন দুজন মহাপুৰুষে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক আখ্যা দিয়ে?

উওৰঃ পৰৱৰ্তী বৈষ্ণৱ ভক্তইহে মহাপুৰুষ দুজনে ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক উক্ত আখ্যা দিয়ে। বৰগীতসমূহক  কাঁকতিয়ে  Noble Numbers, কাঁলিৰাম মেধিয়ে Songs Celestial আখ্যা দিছে।

১৮। 'মন মেৰি ৰাম চৰণেহি লাগু' এই বৰগীতটো কিমান খ্ৰীষ্টাব্দত ৰচিত হয়?

উওৰঃ 'মন মেৰি ৰাম চৰণেহি লাগু' ১৪৯০ খ্ৰীষ্টাব্দমানত এই গীত ৰচিত হয়।

১৯। মাধৱদেৱ কিমান খ্ৰীষ্টাব্দত আৰু ক'ত জন্ম গ্ৰহণ কৰে?

উওৰঃ ১৪৮৯ খ্ৰীষ্টাব্দত উওৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত লামকণা বা গোবিন্দগিৰি ভূঞাৰ ঔৰষত আৰু মনোৰমাৰ গৰ্ভত মাধৱদেৱৰ জন্ম হয়।

২০। শঙ্কৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি অভিহিত কৰিছে?

উওৰঃ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ এই ঐকান্তিক নিষ্ঠা, গভীৰ ভক্তি আৰু বহুমুখী প্ৰতিভা দেখিয়েই শঙ্কৰ-মাধৱৰ মিলন বা সংযোগক ঁবেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে.

২১। মাধৱদেৱৰ নাট কেইখনৰ নাম কি কি?

উওৰঃ মাধৱদেৱৰ নাট কেইখন হৈছে- (১) 'নৃসিংহ-যাত্ৰা', (২) 'গোৱৰ্দ্ধন যাত্ৰা' আৰু (৩) 'ৰাম-যাত্ৰা' ।

২২। বিষয়বস্ত অনুসৰি নামঘোষাক কেইটা খণ্ডত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ বিষয়বস্ত অনুসৰি নামঘোষাক তিনিটা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে- প্ৰথম খণ্ড নামধৰ্মৰ বৈশিষ্ট্যপূৰ্ণ মতাবাদ প্ৰতিষ্ঠা কৰা হৈছে। শৰণ ছন্দ নামৰ দ্বিতীয় খণ্ডত লেখকৰ ঐকান্তিক আৰু আত্মাবিলুপ্ত হোৱা ভক্তিভাৱৰ কবিত্বময়ী প্ৰকাশ হৈছে। তৃতীয় খণ্ডত বিষ্ণু-নাৰায়ণৰ নাম, গুণ আৰু মাহাত্ম্য শৃঙ্খলাবদ্ধভাৱে কীৰ্তনৰ সুবিধাৰ অৰ্থে দিয়া আছে।

২৩। ঝুমুৰা কাক বোলে?

উওৰঃ সম্ভৱত পূৰ্ণাঙ্গঁ কথাবস্তৰ পৰিৱৰ্তে যেতিয়া ক্ষুদ্ৰ যটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত নাট ৰচনা হয়, তেতিয়া তেনে নাটকক ঝুমুৰা বোলা হয়।

২৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উওৰঃ মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল।

২৫। অনন্ত কন্দলী আৰু ৰাম-সৰস্বতী কি কবি আছিল?

উওৰঃ অনন্ত কন্দলী আৰু ৰাম-সৰস্বতী বৈষ্ণৱ ব্ৰাহ্মণ কবি আছিল।

২৬। অনন্ত কন্দলী কিমান শতাব্দীত জন্ম গ্ৰহণ কৰে আৰু কিমান শতাব্দীত মৃত্যু হয়?

উওৰঃ 'খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ তৃতীয় বা চতুৰ্থ দশকৰ ভিতৰত অৰ্থাৎ ১৫২০-১৫৩০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্ভৱতঃ জন্ম গ্ৰহণ কৰি ষোড়শ শতাব্দীৰ শেষ ভাগলৈকে জীৱিত আছিল।

 ২৭। ৰামসৰস্বতীৰ ৰচনাৱলী কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ ৰামসৰস্বতীৰ ৰচনাৱলী দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- (১) মহাভাৰতৰ পৰ্বসমূহৰ অনুবাদ আৰু  মূল মহাভাৰতত থকা আখ্যানৰ অসমীয়া ৰূপান্তৰ। (২) আনটো হ'ল হংস কাকী, যামল-সংহিতা, শিৱ-ৰহস্য আদিৰ পৰা সংগ্ৰহ কৰা বুলি কৈফিয়ৎ থকা পাণ্ডৱ-কৌৰৱ সম্পৰ্কীয় আখ্যানসমূহ।

২৮। মহাভাৰতীয় ৰচনাসমূহ কি কি?

উওৰঃ মহাভাৰতীয় ৰচনাসমূহ হৈছে- (১) আদি-পৰ্ব, (২) সভা-পৰ্ব-ইয়াৰ অংশবিশেষ পুতেক গোপীনাথ পাঠকৰদ্বাৰা ৰচিত, (৩) বন-পৰ্ব, (৪) বিৰাট পৰ্বৰ কীচক বধ পৰ্যন্ত, (৫) উদ্যোগ-পৰ্ব, (৬) ভীষ্ম-পৰ্বৰ বেছিভাগ অংশ, (৭) দ্ৰোণ-পৰ্ব (পুতেক গোপীনাথ পাঠকৰ সহযোগত), (৮) কৰ্ণ পৰ্ব, (৯) গদা-পৰ্ব আৰু (১০) শান্তি-পৰ্বৰ সাৱিত্ৰী আখ্যান।

২৯। মূল মহাভাৰতৰ লগত বিশেষ সৰ্ম্পক নথকা আখ্যানসমূহ কি কি?

উওৰঃ মূল মহাভাৰতৰ লগত বিশেষ সৰ্ম্পকত নথকা আখ্যানসমূহ হৈছে- (১) বিজয়-পৰ্ব, (২) মণিচন্দ্ৰ ঘোষ-পৰ্ব, (৩) পুষ্পহৰণ-পৰ্ব, (৪)কালকুব্জ-শোষক বধ (৫) ভীম-চৰিত, (৬) বাঘ সুৰ-বধ, (৭) কুলাচল-বধ, (৮) জংঘাসুৰ-বধ, (৯) জটাসুৰ -বধ, (১০) পাঞ্চালী বিৱাহ, (১১) সিন্ধুৰা-পৰ্ব, (১২) ব্যাসাশ্ৰম, (১৩) অশ্বকৰ্ণৰ যুদ্ধ, (১৪) খটাসুৰ-বধ, (১৫) ব্যঞ্জন-পৰ্ব।

৩০। শ্ৰীধৰ কন্দলীৰ দুখন প্ৰসিদ্ধ গ্ৰন্থৰ নাম লিখা।

উওৰঃ  শ্ৰীধৰ কন্দলীৰ দুখন প্ৰসিদ্ধ গ্ৰন্থৰ নাম- (১) 'কাণখোৱা' আৰু (২) 'ঘুনুচা-কীৰ্তন'।



Author - Pompi Hazarika