দ্বিতীয় খণ্ড

একাদশ অধ্যায়

বৰ্তমান সাহিত্য

বৰ্তমান সাহিত্যৰ পটভূমি আৰু সূচনা 


চমু প্ৰশ্নউওৰঃ 

১। কিমান চনত ইয়াণ্ডাবু সন্ধিৰ সৰ্ত অনুসৰি অসমদেশ ইংৰাজৰ অধীনলৈ যায়?

উওৰঃ ইং ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সৰ্ত অনুসৰি অসমদেশ ইংৰাজৰ অধীনলৈ যায়।

২। অন্তবিপ্লৱ কিমান চনত হৈছিল?

উওৰঃ অন্তবিপ্লৱ ১৮৭০ চনত হৈছিল ।

৩। কিমান চনত গুৱাহাটী ছেমিনেৰিৰ হেড্ মাষ্টাৰ ৰবিন্সন চাহাবৰ ইংৰাজীত 'অসমীয়া ভাষাৰ ব্যাকৰণ' (A Grammar of Assamese Language) ওলায়?

উওৰঃ ১৮৩৯ চনত গুৱাহাটী ছেমিনেৰিৰ হেড্ মাষ্টাৰ ৰবিন্সন চাহাবৰ ইংৰাজীত 'অসমীয়া ভাষাৰ ব্যাকৰণ' ওলায়।

৪। কিমান চনৰ পৰা কিমান চনলৈ  অসমত বঙলা ভাষা প্ৰচলন আছিল?

উওৰঃ ১৮৩৫ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত বঙলা ভাষাৰ প্ৰচলন আছিল।

৫। সাহিত্যৰ কাল বুলি কাক কোৱা হয়?

উওৰঃ আধুনিক অসমীয়া সাহিত্য ভেটি ৰচনা হোৱা প্ৰায় চল্লিছ বছৰৰ কালছোৱাক (১৮৩০-৭০) মোটামুটিভাৱে মিছনেৰী সাহিত্যৰ কাল বুলি ক'ব পাৰো।

৬। কিমান  চনত পুৰন্দৰক অকৰ্মণ্যতাৰ অজুহাতত সিংহাসনৰপৰা নমাই উজনি অসম পোনপটিয়া ইংৰাজ শাসনৰ অধীনলৈ আনে?

উওৰঃ ১৮৩৮ চনত পুৰন্দৰক অকৰ্মণ্যতাৰ অজুহাতত সিংহাসনৰ পৰা নমাই উজনি অসম পোনপটিয়া ইংৰাজ শাসনৰ অধীনলৈ আনে।

৭। দেশৰ শাসন ব্যৱস্থা চলাবলৈ অসমীয়া লোকক নলৈ বঙালীক অনাৰ কাৰণ দুটা কি কি?

উওৰঃ দেশৰ শাসন ব্যৱস্থা চলাবলৈ অসমীয়া লোকক নলৈ বঙালীক অনাৰ কাৰণ দুটা হৈছে- 

(১) অসমীয়া শিক্ষিত সম্প্ৰদায়ক আৰু সম্ভ্ৰান্ত শ্ৰেণীক বিশ্বাস কৰিবলৈ টান পাইছিল।

(২) তেওঁলোক ইংৰাজ শাসন-ব্যৱস্থা সম্পৰ্কে অনভিজ্ঞ আছিল।

৮। কাৰ দৰে  আৰু কিমান চনত আমেৰিকান বেপ্টিষ্ট মিছনে হাতত খ্ৰীষ্টধৰ্মৰ জোৰ লৈ অসমত ভৰি দিয়ে?

উওৰঃ ঘনাৰূকাৰেষু ইব দীপদৰ্শন'ৰ দৰে ১৮৩৬ চনতে আমেৰিকান বেপ্টিষ্ট মিছনে হাতত খ্ৰীষ্টধৰ্মৰ জোৰ লৈ অসমত ভৰি দিলেহি।

৯। আধুনিক অসমীয়া সাহিত্য ভেটি ৰচনা হোৱা সাহিত্যৰ কালছোৱাক কেইটা স্তৰত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ আধুনিক অসমীয়া সাহিত্য ভেটি ৰচনা হোৱা সাহিত্যৰ কালছোৱাক দুটা স্তৰত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- (১) প্ৰাক্-অৰুণোদই আৰু (২) অৰুণোদই।

১০। কিমান চনত প্ৰকাশ হোৱা, নিউ চেষ্টামেণ্ট'ৰ ভাষাৰ নিৰ্দশন সামান্য উদ্ধত কৰা হৈছিল?

উওৰঃ ১৮১৩ চনত প্ৰকাশ হোৱা, নিউ চেষ্টামেণ্ট'ৰ ভাষাৰ নিদৰ্শন সামান্য উদ্ধত কৰা হয়।

১১। অসমৰ শেষ ৰজাজনৰ নাম কি?

উওৰঃ অসমৰ শেষ ৰজাজনৰ নাম পুৰন্দৰ সিংহৰ।

১২। বিশ্বেশ্বৰ বৈদ্যাধিপক অন্য এটা নাম কি?

উওৰঃ বিশ্বেশ্বৰ বৈদ্যাধিপকৰ অন্য এটা নাম- বিকাৰাম।

১৩। 'অৰুণোদই' মাহেকীয়া আলোচনী কিমান চনত ওলায়?

উওৰঃ ১৮৪৬ চনত ' অৰুণোদই' মাহেকীয়া আলোচনী ওলায়।

১৪। প্ৰথম অসমীয়া আলোচনীখনৰ নাম লিখা।

উওৰঃ প্ৰথম অসমীয়া আলোচনীখনৰ নাম  'অৰুণোদই' আলোচনী।

১৫। অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী-বাতৰি কাকতৰূপে সাহিত্যৰ ইতিহাসত বিশেষ স্থান পোৱাৰ কাৰণ কেইটা কি কি?

উওৰঃ অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী-বাতৰি কাকতৰূপে সাহিত্যৰ ইতিহাসত বিশেষ স্থান পোৱা কাৰণবোৰ হৈছে- 

(১) এই কাকতে অসমীয়া সমাজক দেশ বিদেশৰ জ্ঞানৰ ভাণ্ডাৰৰ সম্ভেদ দি বহল জগতৰ লগত পৰিচয় কৰি দিয়ে।

(২) পাশ্চাত্য ভাৱধাৰৰ বীজ সিঁচি আধুনিকতা প্ৰতিষ্ঠা কৰাত সহায় কৰে।

(৩) বঙলা ভাষাৰ প্ৰচলনৰ বিৰোধিতা কৰি ভাষাক ন্যায্য স্থান পোৱাত সহায় কৰে। 

(৪) এই কাকতেই আনন্দৰাম ঢেকিয়াল ফুকন, নিধিৰাম ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা, গুণভিৰাম বৰুৱা আদিক অসমীয়া সাহিত্যত দীক্ষিত কৰি উৎসাহ-উদ্দীপনা যোগায়।

(৫) অসমীয়া আলোচনী আৰু বাতৰি কাকত প্ৰৱৰ্তনৰ আদৰ্শ দাঙি বাতৰিকাকত ব্যৱসায় তথা সাংবাদিকতাৰ সূচনা কৰে।

১৬। 'অৰুণোদই'ক অনুসৰণ কৰি ওলোৱা কাকত কেইখনৰ নাম লিখা।

উওৰঃ 'অৰুণোদ'ইক অনুসৰণ কৰি ওলোৱা কাকত কেইখন হৈছে-

(১) 'আসাম বিলাসিনী', (২) 'আসাম মিহিৰ' আৰু   (৩) 'আসাম দৰ্পণ'

১৭। অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্ৰকৃত নাম কি আৰু কোন ভাষাত ৰচিত?

উওৰঃ অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্ৰকৃত নাম হ'ল ''Grammatical Notices of the Assamese Language'' , এইখন ইংৰাজী ভাষাত ৰচিত।

১৮। কিমান খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্কত ডক্টৰ ব্ৰন্সনৰ জন্ম হয়?

উওৰঃ ১৮১২ খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্কত ডক্টৰ ব্ৰন্সনৰ জন্ম হয়।

১৯। কিমান খ্ৰীষ্টাব্দত 'কলিভাৰত' কাব্য ৰচনা কৰে?

উওৰঃ ১৮৬২ খ্ৰীষ্টাব্দত 'কলিভাৰত' কাব্য ৰচনা কৰে।

২০।  দীননাথ  বেজবৰুৱাৰ দুখন ধৰ্ম পুথিৰ নাম লিখা।

উওৰঃ  দীননাথ  বেজবৰুৱাৰ দুখন ধৰ্ম পুথিৰ নাম হ'ল- (১) 'আচাৰ্য সংহতি', আৰু (২) 'উৎকল খণ্ড' দুখন ধৰ্ম পুথি ৰচনা কৰিছিল।



Author - Pompi Hazarika