অধ্যায়ঃ ১

ৎসবোৰৰ চমু পৰ্য্যালোচনা

(Brief Survey of Sources)


প্ৰশ্নাৱলীঃ

১. অতীত অসমৰ ইতিহাস ৰচনাত সহায় কৰা প্ৰধান  সমলবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি ? আৰু কি কি?

উত্তৰঃ অতিত অসমৰ ইতিহাস ৰচনাত সহায় কৰা প্ৰধান সমলবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি। আৰু সেইকেটা হ'লঃ 

ক) সাহিত্যিক সমল (Literary Sources)

খ) বৈদেশিক সমল (Foreign Sources)

গ) প্ৰত্নতাত্বিক সমল (Archaeological Sources)


২. প্ৰাচীন কালত কৰতোৱা প্ৰাগজ্যোতিষ ৰাজ্যৰ কোন দিশৰ সীমা আছিল?

উত্তৰঃ প্ৰচীন কালত কৰতোৱা প্ৰাগজ্যোতিষ ৰাজ্যৰ পশ্চিম দিশৰ সীমা আছিল।


৩. প্ৰাগজ্যোতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ প্ৰাগজ্যোতিষ ৰাজ্য অমূৰ্তৰাজে প্ৰতিষ্ঠা কৰিছিল।


৪. কৌটিল্যই কামৰূপৰ অৰ্থনৈতিক উৎপাদনৰ সৈতে জড়িত কোন দুখন ঠাই নাম উল্লেখ কৰিছে?

উত্তৰঃ কৌটিল্যই কামৰূপৰ অৰ্থনৈতিক উৎপাদনৰ সৈতে জড়িত উল্লেখ কৰা ঠাই দুখনৰ নাম হৈছেঃ সূৱৰ্ণকাণ্ড, পাৰলৌহিত্য।


৫. প্ৰাচীন আৰু পৰৱৰ্ত্তী কালত ৰচিত স্মৃতি শাস্ত্ৰবোৰৰ ভিতৰত কেইখন মানৰ নাম লিখা?

উত্তৰঃ প্ৰাচীন আৰু পৰৱৰ্ত্তী কালত ৰচিত স্মৃতি শাস্ত্ৰবোৰৰ ভিতৰত কেইখন মানৰ নাম হৈছে- মনুস্মৃতি, কামাণ্ডক নীতিসাৰ, যাজ্ঞবল্ক আৰু বহুতো।


৬. অষ্টম শতিকাত ৰচিত উল্লেখযোগ্য গ্ৰন্থ এখনৰ নাম লিখা? আৰু গন্থখন কিহৰ ওপৰত বৰ্ণনা পোৱা যায়?

উত্তৰঃ অষ্টম শতিকাত ৰচিত এখন উল্লেখযোগ্য গ্ৰন্থ আছিল বাকপতিৰ গৌড়বাহো। আৰু গৌড়বাহোত কণৌজৰ ৰজা যশোবৰ্মণৰ দ্বাৰা গৌড় আৰু মগধৰ ৰজাক হত্যা কৰাৰ ওপৰত বৰ্ণনা পোৱা যায়।


৭. যশোবৰ্মণে হত্যা কৰা গৌড় ৰজাজনৰ নাম কি আছিল? তেওঁ ক'ৰ ৰজা আছিল?

উত্তৰঃ যশোবৰ্মণে হত্যা কৰা গৌড় ৰজাজন আছিল হৰ্ষদেৱ আৰু হৰ্ষদেৱ কামৰূপৰ ৰজা আছিল।


৮. হৰ্ষদেৱৰ অধীনত কোনখন ৰাজ্য শাসিত হৈছিল?

উত্তৰঃ হৰ্ষদেৱৰ অধীনত গৌড় ৰাজ্য শাসিত হৈছিল।


৯. কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা অমৃতপ্ৰভাক কাৰলৈ বিবাহ দিছিল?

উত্তৰঃ কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘ বাহনলৈ বিৱাহ দিছিল।


১০. সপ্তম আৰু অষ্টম শতিকাৰ ভিতৰত ৰচিত হেভাজ্ৰ তন্ত্ৰই ভাৰতৰ চাৰিখন পীঠৰ ভিতৰত কোনখন পীঠক অন্যতম পীঠ বুলি বৰ্ণনা কৰিছে?

উত্তৰঃ সপ্তম আৰু অষ্টম শতিকাৰ ভিতৰত ৰচিত হেভাজ্ৰ তন্ত্ৰই ভাৰতৰ চাৰিখন পীঠৰ ভিতৰত  কামৰূপ এখন অন্যতম পীঠ বুলি বৰ্ণনা কৰিছে।


১১. নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ অতীতৰ নাম কি আছিল?

উত্তৰঃ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰৰ অতীতৰ নাম আছিল গুহাদেৱী বা যোনীদেৱী।


১২. কামাখ্যা মন্দিৰলৈ উঠা খটখটী কিমান সময়ৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ কামাখ্যা মন্দিৰলৈ উঠা খটখটী এক ৰাতিৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।


১৩. ভাস্কৰবৰ্মণে কি নিৰ্মাণ কৰি তাৰ ব্ৰাহ্মণসকলক ভূমি দান দি তামৰ ফলিত সেইবোৰ সংৰক্ষণ কৰিছিল?

উত্তৰঃ  ভাস্কৰবৰ্মণে ডুবি মন্দিৰ নিৰ্মাণ কৰি তাৰ ব্ৰাহ্মণসকলক ভূমি দান দি তামৰ ফলিত সেইবোৰ সংৰক্ষণ কৰিছিল।


১৪. Dalton ৰ মতে মদন কামদেৱ পাহাৰত কেইটা মঠ আছিল? আৰু প্ৰধান মঠটো কাৰ নামত অৰ্পণ কৰা হৈছিল?

উত্তৰঃ Dalton ৰ মতে মদন কামদেৱ পাহাৰত ১৮ টা মঠ আছিল। আৰু প্ৰধান মঠটো শিৱৰ নামত অৰ্পণ কৰা হৈছিল।

১৫. Who was Amritprabha and to whom she was married?

(অমৃতপভা কোন আছিল আৰু কাৰ সৈতে তাই বিবাহপাশত আৱদ্ধ হৈছিল?)

Ans: Amritapabha was the daughter of Kamrup's King Bal Varman and she was married to King Megh Vahan of Kashmir.

(অমৃতপভা কামৰূপৰ ৰজা বল বৰ্মণৰ কন্যা আছিল আৰু  তাই কাশ্মীৰৰ ৰজা মেঘ বাহনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।)



Author by
Sourab Bora (Morigaon)