CHAPTER: 1

 ৰস, ধ্বনি, গুণ আৰু ৰীতি

প্ৰশ্নাৱলী

১। ৰস শব্দৰ অৰ্থ কি?  

উত্তৰঃ  ৰস শব্দৰ অৰ্থ হ'ল আস্বাদিত। সংস্কৃত ৰস ধাতুৰ অৰ্থ হ'ল- আস্বাদন কৰা।


২। ৰস কাক বোলে?  

উত্তৰঃ  অভিনয়ত হৃদয় আকৰ্ষণ কৰি তাৰ ৰূপ ৰঙেৰে দৰ্শকক মোহিত কৰিলে, যি এক অনুভূতিৰ সৃষ্টি হয়, যাক ভাষাৰে ব্যক্ত কৰিব নোৱাৰি, তাকে ৰস বোলে।


৩। নাট্যশাস্ত্ৰ কোনে ৰচিছিল?  

উত্তৰঃ ভৰত মুনিয়ে।


৪। স্থায়ীভাৱ কি?  

উত্তৰঃ দৈনন্দিন জীৱনত কিছুমান ভাৱ প্ৰৱাহিত ভাৱ পৰিস্থিতি অনুসৰি জাগ্ৰত হোৱাকে স্থায়ীভাৱ বোলে।


৫। বিভাৱ কি?  

উত্তৰঃ যি পৰিস্থিতিত অথবা যাক অৱলম্বন কৰি স্থায়ী ভাৱবোৰ জাগ্ৰত হয়, সেইবোৰ সাহিত্য অথবা অভিনয়ত উপস্থাপন হলে তাক বিভাৱ বোলা হয়।


৬। বিভাৱ কেই প্ৰকাৰৰ?  

উত্তৰঃ বিভাৱ দুই প্ৰকাৰৰ।


৭। অনুভাৱ কেইপ্ৰকাৰ? 

উত্তৰঃ অনুভাৱ দুই প্ৰকাৰৰ। 


৮। সঞ্চাৰী ভাৱ কি?  

উত্তৰঃ স্থায়ী ভাৱবোৰ জাগ্ৰত হলে আন কিছুমান সৰু-সুৰা ভাব মনৰ মাজেৰে অহা-যোৱা কৰে। এনেকুৱা পৰিস্থিতি কাব্য নাটকৰ মাজেৰে উপস্থাপন হলে ইয়াক সঞ্চাৰী ভাৱ বোলে।


৯। ৰস সম্পৰ্কে দিয়া ভৰতৰ সূত্ৰটো কি?  

উত্তৰঃ ৰস সম্পৰ্কে দিয়া ভৰতৰ সূত্ৰটো হ'ল - বিভানুভাৱব্যভিচাৰী সংযোগাদ্ৰসনিষ্পত্তি 


১০। বিভাৱ, অনুভাৱ আৰু সঞ্চাৰী ভাৱ কাক বোলে? বহলাই লিখা। 

উত্তৰঃ যি পৰিস্থিতিত অথবা যাক অৱলম্বন কৰি স্থায়ী ভাৱবোৰ জাগ্ৰত হয়, সেইবোৰ সাহিত্য অথবা অভিনয়ত উপস্থাপন হলে তাক বিভাৱ বোলা হয়।

আকৌ, মানুহৰ অন্তৰৰ স্থায়ী ভাৱ উদ্ৰেক হ'লে কিছুমান সৰু-সুৰা কাৰ্যৰ মাজেৰে তাৰ বহিঃপ্ৰকাশ হয়, তাক অনুভাৱ বোলে।

আৰু, স্থায়ী ভাৱবোৰ জাগ্ৰত হলে আন কিছুমান সৰু-সুৰা ভাব মনৰ মাজেৰে অহা-যোৱা কৰে। এনেকুৱা পৰিস্থিতি কাব্য নাটকৰ মাজেৰে উপস্থাপন হলে ইয়াক সঞ্চাৰী ভাৱ বোলে।

  

১১। শব্দ শক্তি কি?  

উত্তৰঃ শব্দৰ অৰ্থ প্ৰকাশৰ শক্তিকেই সাহিত্যত শব্দ শক্তি বোলা হয়।


১২। শব্দ শক্তি কেইবিধ আৰু কি কি? 

উত্তৰঃ  শব্দ শক্তি তিনিবিধ। ১। অভিধা শক্তি, ২। লক্ষণা শক্তি, ৩। ব্য়ঞ্জনা শক্তি।


১৩। লক্ষণা শক্তি কেইপ্ৰকাৰ?  

উত্তৰঃ লক্ষণা শক্তি দুই প্ৰকাৰৰ। 


১৪। ব্যঞ্জনা শক্তি কেইবিধ?  

উত্তৰঃ ব্যঞ্জনা শক্তি দুবিধ।


১৫। ধ্বনি কাব্য কাক বোলে?  

উত্তৰঃ যি ৰচনা বা কাব্যৰ মাজেদি ব্যাচাৰ্থতকৈ ব্যংগাৰ্থ প্ৰধান আৰু সুস্পষ্ট হৈ উঠে আৰু বাচ্যাৰ্থই প্ৰকাশ কৰা ভাৱতকৈ ব্যগাৰ্থৰ ভাৱ বেছি মনোৰম আৰু আকৰ্ষণীয় হৈ উঠে তাকেই ধ্বনি কাব্য বোলে।


১৬। ধ্বনি কেইপ্ৰকাৰৰ?  

উত্তৰঃ ধ্বনি তিনি প্ৰকাৰৰ।


১৭। কোনটো ধ্বনিক শ্রেষ্ঠ আখ্যা দিয়া হয়?  

উত্তৰঃ ৰসধ্বনিক শ্ৰেষ্ঠ আখ্যা দিয়া হয়।


১৮। ধ্বনিকাব্য কাক বোলে? ধ্বনি কেইপ্ৰকাৰৰ আৰু প্ৰত্যেকৰে উদাহৰণসহ  পৰিচয় দিয়া।  

উত্তৰঃ  যি ৰচনা বা কাব্যৰ মাজেদি ব্যাচাৰ্থতকৈ ব্যংগাৰ্থ প্ৰধান আৰু সুস্পষ্ট হৈ উঠে আৰু বাচ্যাৰ্থই প্ৰকাশ কৰা ভাবতকৈ ব্যগাৰ্থৰ ভাৱ বেছি মনোৰম আৰু আকৰ্ষণীয় হৈ উঠে তাকেই ধ্বনি কাব্য বোলে। ধ্বনি তিনি প্ৰকাৰৰ।

১। বস্তুধ্বনিঃ উদাহৰণ- উমানন্দ কমণ্ডলুৱে ঢালে শান্তিময়ী পানী

                                    দিয়াচোঁ জননী, তোমাৰ পুৰণি অমোষ মন্ত্ৰদান

                                    সেৱো শ্ৰীচৰণ তব সন্তানে হিন্দু মুছলমান।

২। অলংকাৰ ধ্বনি- উদাহৰণঃ বসন্ত সময়ে কামৰাজাৰ পয়ান

                                             পুষ্পৰ ধনুত আৰোহিয়া পঞ্চবাণ

                                            সেনাপতি লৰি ভৈল মলয়ৰ বাৱ

                                             মহাবীৰ নাদ ভৈল কোকিলৰ ৰাৱ

                                             পক্ষীগণৰাৱে যেন বাৱে বাদ্য ভাণ্ড।

                                               নাগেশ্বৰ ফুল কাম নৃপতিৰ দত্ত।

৩। ৰস ধ্বনি-উদাহৰণঃ ঘন ঘন মুৰুচি পৰয় বৰনাৰী

                                    ফোকাৰে শ্বাস নয়নে ঝুৰে বাৰি

                                     কৃষ্ণ চৰণ চিন্তিয়ে চিত্ত লাই।

                                     ঘন যদুনাথ চিন্তয় পুনু মাই

                                      হৰিক নিৰাশে হ্ৰাস ভেলি দেহ

                                       শংকৰ কহ ৰমনীক নৱনেহ


১৯। কাব্যত গুণ আৰু ৰীতি প্ৰয়োজন বুলি কোনে কয়? 

উত্তৰঃ কাব্যত গুণ আৰু ৰীতি প্ৰয়োজন বুলি আচাৰ্য বামণৰ , গুৰু দণ্ডীয়ে কয়।


২০। গুণ কি?  

উত্তৰঃ  গুণ হ'ল ৰীতিৰ মূল।


২১। বামনৰ মতে গুণ কেইটা?  

উত্তৰঃ বামনৰ মতে গুণ দহটা।


২২। বৈদৰ্ভী ৰীতি কাক বোলে?  

উত্তৰঃ যি ৰচনাত সমস্ত গুণৰ সমাৱেশ দেখা যায় সেই ৰচনা ৰীতিকেই বৈদৰ্ভী ৰীতি বুলি কোৱা হয়। 


২৩। বিশ্বনাথ কবিৰাজৰ মতে ৰীতি কেইবিধ?  

উত্তৰঃ বিশ্বনাথ কবিৰাজৰ মতে ৰীতি তিনিবিধ।  


২৪। গৌড়ী ৰীতিত কি গুণৰ প্ৰাধান্য থাকে?  

উত্তৰঃ গৌড়ী ৰীতিত ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্য থাকে।


২৫। ৰসবাদৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ভৰত মুনি।


২৬। ভৰতৰ মতে ৰস কেইপ্ৰকাৰৰ?

উত্তৰঃ ভৰতৰ মতে ৰস আঠপ্ৰকাৰৰ।


২৭। সাধাৰণীকৰণ ব্যাপাৰ কি?

উত্তৰঃ 


২৮। ভৰতৰ মতে ৰস কেইটা আৰু কি কি? প্ৰতিটো ৰসৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভৰতৰ মতে ৰস ৮ টা। সেইকেইটা হল- শৃংগাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক,বীভৎস আৰু অদ্ভুদ।

তলত প্ৰতিটো ৰসৰ বিষয়ে আলোচনা কৰা হল-

শৃংগাৰ ৰসঃ স্ত্ৰী পুৰুষৰ মাজত সৃষ্টি হোৱা প্ৰেমভাৱেই শৃংগাৰ ৰস।কোনো প্ৰেমিক বা প্ৰেম্কক অৱলম্ৱন কৰি ৰতি নামৰ স্থায়ী ভাৱ, উপযুক্ত পৰিৱেশ যেনে-বসন্ত কাল,উদ্যান আদিৰ পৰা উদ্দীপিত, বেকা চাৱনি, মিচিকিয়া হাঁহি আদিৰ দ্বাৰা অনুভাৱিত, লজ্জা, মন, আবেগ, নিদ্ৰা আদি ভাৱৰ দ্বাৰা সঞ্চাৰিত হয় সামাজিকৰ হৃদয়ত পৰিব্যপ্ত হয়, সেয়ে শৃংগাৰ ৰস বা আদি ৰস।

হাস্য ৰসঃ বিকৃত বেশ ভূষা চলন আদিক আলম্বন কৰি হাস নামৰ স্থায়ী ভাবটি বেশ আদিৰ বিকৃতি আদিৰ দ্বাৰা উদ্দীপিত, দন্ত বিকাশ আদিৰ দ্বাৰা অনুভাৱিত আৰু শ্ৰম আলোচ্য আদিৰ দ্বাৰা সঞ্চাৰিত হৈ সামাজিকৰ অন্তৰত উদ্ৰেক হলে তাক হাস্য ৰস বোলে।

কৰুণ ৰসঃ শত্ৰু বা বৈৰী আদিক আলম্বন কৰি, বৈৰীকৃত অপকাৰ আদিৰ উদ্দীপিত, তৰ্জন-গৰ্জন আদিৰ দ্বাৰা অনুভাৱিত আৰু গৰ্ব অসহিষ্ঞুতা আদিৰ দ্বাৰা সঞ্চাৰিত হৈ দৰ্শক পাঠকৰ দ্বাৰা আস্বাদিত হলে তাক ৰৌদ্ৰ ৰস বোলা হয়।

বীৰ ৰসঃ প্ৰতিপক্ষ, বিপদগ্ৰস্ত প্ৰাণী বা পুণ্যজনক কাৰ্য আদিক আলম্বন কৰি উৎসাহ নামৰ স্থায়ী ভাবটি ক্ৰমে অপকাৰ, বিপন্ন অৱস্থা অথৱা পুণ্য ফল আদিৰ দ্বাৰা উদ্দীপিত  আৰু প্ৰতিশোধ গ্ৰহণ, বিপদৰ প্ৰতিকাৰ আৰু অনুষ্ঠান উদ্যোগ আদিৰে অনুভাৱিত  আৰু হৰ্ষ আৱেগ অমৰ্ষ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ আস্বাদিত হলে তাকে বীৰ ৰস বোলা হয়।

ভয়ানক ৰসঃ ভয়লগা যেই সেই বস্তুক অৱলন্বন কৰি যি ভয় নামৰ স্থাসী ভাবটি বিকট অৱস্থা বা কৰ্ম আদি উদ্দীপন বিভাৱ, কম্পন পলায়ন আদিৰ দ্বাৰা অনুভাৱিত আৰু ত্ৰাস আদিৰ দ্বাৰা সঞ্চাৰিত হয়, সেয়াই ভয়ানক ৰস।

বীভৎস ৰসঃ ঘিণ লগা বস্তুক আলম্বন কৰি দুৰ্গন্ধ আদিৰ দ্বাৰা উদ্দীপিত, নাক কোচখোৱা আদিৰ দ্বাৰা অনুভাৱিত আৰু গ্লানি আদিৰ দ্বাৰা সঞ্চাৰিত হৈ জুগুপ্সা  স্থায়ী ভাবটি আস্বাদিত হলে তাক বীভৎস ৰস বোলে।

অদ্ভুদ ৰসঃ বিস্ময় নামৰ স্থায়ী ভাব অস্বাভাৱিক বস্তু বা ঘটনাক আলম্বন কৰি তাৰ অসাধাৰণ মাহাত্ম্য আদিৰ দ্বাৰা উদ্দীপিত, শিহৰণ, চকখোৱা, আদিৰ দ্বাৰা অনুভাৱিত আৰু বিতৰ্ক চিন্তা আৱেগ আদিৰ দ্বাৰা সঞ্চাৰিত হৈ আস্বাদিত হলে তাক অদ্ভুদ ৰস বোলে।

২৯। আলংকাৰিকৰ মতে ৰীতি কেই বিধ? প্ৰত্যেকটো ৰীতি বিষয়ে চমু বিৱৰণ দিয়া?

উত্তৰঃ আলংকাৰিকৰ মতে ৰীতি তিনি বিধ। সেই কেইবিধ হ'ল- বৈদৰ্ভী,গৌড়ী আৰু পাঞ্চালী।

বৈদৰ্ভী ৰীতিঃ যি ৰচনাত সমস্তগুণৰসমাবেশ দেখা যায় সেই ৰচনা ৰীতিকেই বৈদৰ্ভী ৰীতি বুলি কৈছে।

গৌড় ৰীতিঃ গৌড়ী ৰীতিত ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্য থাকে।ওজঃ আৰু কান্তি গুণৰ প্ৰাধান্যই যত মাধুৰ্য আৰু সুকুমাৰ গুণক  তল পেলায় সেয়া গৌড় ৰীতি।

পাঞ্চালী ৰীতিঃ যি ৰচনাত মাধুৰ্য আৰু সুকুমাৰ গুণৰ প্ৰাধান্য থাকে সেই ৰীতিয়েই পাঞ্চালী ৰীতি।

৩০। ভোজৰাজৰ মতে ৰীতি কেইবিধ?

উত্তৰঃ ছয়বিধ।

৩১। লাটী ৰীতি কাক বোলে?

উত্তৰঃ বৈদৰ্ভী আৰু পাঞ্চালী  দুয়োবিধ ৰীতিৰ  নিয়মমতে ৰচনা কৰা সাহিত্যক লাটী ৰীতি বোলে। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)