পাঠঃ ১০
মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা
👉MCQ Online Exam
👉Text Books PDF
👉Click Here YouTube Video
অনুশীলনী
১। চমু উত্তৰ লিখা-
(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে-
১) অধিক জনসংখ্যা
২) মূলধন বা পূজিৰ অভাৱ
৩)দৰিদ্ৰতা
৪) নিৰক্ষৰতা
৫) অন্ধবিশ্বাস
(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।
উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-
১) ভাষা ভিত্তিক বিষমতা
২) লিংগ বিষমতা
(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্য়ালয় আছে?
উত্তৰঃ বৰ্তমান অসমত ৬ খন চিকিৎসা মহাবিদ্য়ালয় আছে।
(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক'ত অৱস্থিত?
উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত।
(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন?
উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুষ্কৰ খাদ্য়ৰ প্ৰয়োজন।
২। আলোচনা কৰা-
(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য় পৰামৰ্শ।
উত্তৰঃ আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা স্বত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা লবলৈ আগবাঢ়ি নাযায় । এই ক্ষেত্ৰত অভিভাৱক সকল সজাগ সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰসাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন আছে । ঠিক তেনেদৰে, আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনতো বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়া হয়। যেনে- জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা। সাপে খুটা ঘটনাৰ ফলত উদ্ধৱ হব পৰা পৰিস্থিতিত বহু লোক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ নগৈ বেজৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। জনসচেতনৰ বাবে ৰেডিঅ, টি ভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন বোৰক আমি গুৰুত্ব নিদিও। যাৰ ফলত আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছো। আমি, আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভাম্বিত হম।
(খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা-সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে।
(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।
উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।
(ঙ) অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্রায় ২৩ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী দক্ষতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। উদাহৰণস্বৰূপে আমাৰ অসমৰ চাহ বাগিছাবোৰত কৰ্মৰত অধিকাংশ শ্ৰমিকেই নিৰক্ষৰ। দেখা যায় চাহ বাগিছাৰ অধিবাসী শ্ৰমিকসকল সকলো দিশৰ পৰা পিছপৰা। এওঁলোক নিৰক্ষৰ হোৱাৰ বাবে অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থসামাজিক বৈষ্যমৰ সৃষ্টি হয়।
৩। খালী ঠাই পূৰ কৰা-