দ্বিতীয় অধ্যায় 

মোখিক লোকসাহিত্য

চমু প্ৰশ্নউওৰঃ

১। কোনে 'অসমীয়া সাহিত্যৰ চানেকী'ত গীতিযুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিৰ্দেশ কৰিছে?

উওৰঃ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ 'অসমীয়া সাহিত্যৰ চানেকী'ত গীতিযুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিৰ্দেশ কৰিছে।

২। কোন কেইখন সাধু পুথিৰ প্ৰাচীনতাৰ চিনাকি পোৱা গৈছিলে? 

উওৰঃ কেইখনমান সাধু পুথিৰ নাম হৈছে- তেজীমলা, তুলা আৰু তেজা, চিলনী-জীয়েক, বাৰী-পুতেকৰ সাধুকে আদি কৰি ভালেখিনি সাধুকথাত প্ৰাচীনতাৰ চিনাকি পোৱা যায়।

৩। লোকগীত সমূহক কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি আৰু কি কি উদাহৰণ দিয়া।

উওৰঃ লোকগীতসমূহক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- (১)অনুষ্ঠানমূলকঃ যেনে বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি। (২)আখ্যানমূলকঃ যাক ইংৰাজীত বেলেড বোলা হয়, যেনে- মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি। (৩)বিবিধ বিষয়কঃ যেনে- নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত ইত্যাদি।

৪। অসমীয়া আখ্যানমূলক জনগীত সমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উওৰঃ অসমীয়া আখ্যানমূলক জনগীত সমূহক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি ঃ (১)বুৰঞ্জীমূলক, (২)কিম্বদন্তি বা জনশ্ৰুতিমূলক আৰু (৩) কাল্পনিক।

৫। বুৰঞ্জীমূলক জনগীতসমূহৰ নাম লিখা।

উওৰঃ বুৰঞ্জীমূলক জনগীতসমূহৰ নাম হৈছে- বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, চিকণ সাহিত্য গীত, নাহৰৰ গীত, জয়মতী কুৱঁৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত বিশেষভাৱে উল্লেখযোগ্য। 

৬। জিকিৰ শব্দৰ অৰ্থ কি?

উওৰঃ জিকিৰ শব্দৰ অৰ্থ হ'ল আল্লাৰ নাম স্মৰণ কৰা।

৭। জিকিৰ গীতটো কিহৰ নামসূচক গীত।

উওৰঃ জিকিৰ গীতটো আল্লাৰ নামমাহাত্ম্যসূচক গীত।

৮। আজাৰ পীৰ খ্ৰীষ্টীয় কিমান শতিকাত উদ্ভৱ হৈছিল বুলি ক'ব পাৰি।

উওৰঃ আজান পীৰ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ শেষছোৱাত অসমত উদ্ভৱ হৈছিল বুলি ক'ব পাৰি।

৯। জিকিৰ আৰু জাৰি লেখকজনৰ নাম কি?

উওৰঃ চৈয়দ আব্দুল মালিক।

১০। 'আকুল পথিক' ৰচনা কৰা কবি গৰাকী নাম লিখা।

উওৰঃ 'আকুল পথিক' ৰচনা কৰা কবি গৰাকীৰ নাম - শ্ৰীডিম্বেশ্বৰ নেওগ।

১১। শ্ৰীনকুলচন্দ্ৰ ভূঞাই লিখা পুথি এখনৰ নাম লিখা।

উওৰঃ শ্ৰীনকুলচন্দ্ৰ ভূঞাই লিখা পুথিখন হৈছে- বহাগী।

১২। 'অসমীয়া লোকগীত' ১৯৫৭ পুথিখন কোনে ৰচনা কৰিছিল?

উওৰঃ 'অসমীয়া লোকগীত' ১৯৫৭ পুথিখন শ্ৰীলীলা গগৈ ৰচনা কৰিছিল।

১৩। অসমীয়া লোকগীতসমূহ কি ৰূপত প্ৰকাশ পাইছে?

উওৰঃ অসমীয়া লোকগীতৰ থল ব্যাপক আৰু ই বিচিত্ৰ ৰূপত প্ৰকাশ পাইছে।

১৪। দেহ -বিচাৰ আৰু টোকাৰী গীতসমূহ কিহৰ গীত?

উওৰঃ দেহ- বিচাৰ আৰু টোকাৰী গীতবোৰ আধ্যাত্মিক ভাবব্যঞ্জক।

১৫। 'জিকিৰ'বোৰত কি কি শব্দ লক্ষ্যণীয় বৈশিষ্ট্য দেখা যায়?

উওৰঃ 'জিকিৰ' বোৰত বৈষ্ণৱ নামকীৰ্তনৰ প্ৰভাৱ, মধুৰ সূৰ, ইচলামীয় ধৰ্মতত্ত্ব আৰু অসমীয়া ঘৰুৱা ভাষাৰ মাজত ফাৰ্চী, আৰবী শব্দ প্ৰয়োগ লক্ষ্যণীয় বৈশিষ্ট্য।


Author - Pompi Hazarika