Chapter 2 
 জনসংখ্য়া বৃদ্ধি আৰু বিতৰণ 



শুদ্ধ উত্তৰটো লিখাঃ

ক) কোনটো  অঞ্চলত  জনসংখ্যা  আটাইতকৈ বেছি ? 

১) নিৰক্ষীয় অঞ্চল,  ২) উত্তৰ মেৰু,  ৩) পূব এছিয়া , ৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি

উত্তৰঃ ৩) পূব এছিয়া। 


খ) কোনখন  মহাদেশৰ  জনসংখ্যা  সৰ্বাধিক ? 

১) ইউৰোপ,  ‌২) আফ্ৰিকা, ৩) এছিয়া,  ৪) অষ্ট্ৰেলিয়া

উত্তৰঃ ৩) এছিয়া। 


গ) ২০১১ চনত  অসমৰ  জনসংখ্যা  কিমান  আছিল ?

১) ২.২৪ কোটি,  ২) ৩.১২ কোটি , ৩) ২.৩৫ কোটি,  ৪) ২.৪৬ কোটি

উত্তৰঃ ৩.১২ কোটি। 


ঘ) তলত  উল্লেখ  কৰা  কোনখন  মহাদেশত  মানুহৰ  স্থায়ী  বসতি  নাই?

১) এছিয়া,  ২) দক্ষিণ আমেৰিকা,  ৩) কুমেৰু বা এন্টাৰ্কটিকা,   ৪) ইউৰোপ

উত্তৰঃ ৩) কুমেৰু বা এন্টাৰ্কটিকা।


ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল-

(১) ভাৰত,  (২)  পাকিস্তান ,  (৩)  ৰাছিয়া,  (৪) চীন

উত্তৰঃ চীন


২) খালী ঠাই পূৰ কৰাঃ

ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।

খ) পৃথিৱীৰ বেছিভাগ মানুহে  উত্তৰ গোলাৰ্ধত বসতি কৰে।

গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব 

ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান  বোলে।



৩। চমুটোকা লিখাঃ

ক) মানৱ সম্পদৰ উন্নয়নঃ 

উত্তৰঃ সমাজ তথা দেশৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিকভাৱে অৰিহণা আগবঢ়াব পৰা মানুহখিনিকেই মানৱ সম্পদ বুলি বিবেচনা কৰা হয়। আনহাতে যিখিনি মানুহৰ তেনে দক্ষতাৰ অভাৱ তেনে মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ বুলি ক'ব  নোৱাৰি। সকলো সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ মূলতেই হ’ল মানুহৰ বুদ্ধি–বৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা আৰু শিক্ষা। এনেবোৰ গুণৰ বাবেই মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়।
   আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মান, ফ্ৰান্স, জাপান, চীন, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন, কানাডা আদি পৃথিৱীৰ তুলনামূলকভাৱে আগবঢ়া দেশ। এইসমূহ দেশত কাৰিকৰী বিদ্যাত পাৰদৰ্শী, উন্নত শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যা আন দেশৰ তুলনাত বহুত বেছি। এই উচ্চ দক্ষতা সম্পন্ন লোকসকল দেশৰ অমূল্য মানৱ সম্পদ। প্ৰাকৃতিক সম্পদত চহকী হ’লেও মানৱ সম্পদত দুৰ্বল দেশ এখনে অৰ্থনৈতিক বা ঔদ্যোগিক দিশত আগবাঢ়িব নোৱাৰাটো স্বাভাৱিক। 
  আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ অৰ্থে চৰকাৰে খাদ্য, বাসগৃহৰ সুবিধা, বিনামূলীয়া গুণগত প্ৰাথমিক শিক্ষা, চিকিৎসা সেৱা আদিৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কাৰণ প্ৰধানকৈ মানৱ সম্পদৰ বিকাশৰ ওপৰতে দেশ একোখনৰ উন্নতি নিৰ্ভৰ কৰে।


খ) জনসংখ্যাৰ থুপীকৰণঃ

উত্তৰঃ ঠাই বিশেষে জনসংখ্যাৰ বিতৰণ ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী, উপত্যকাকেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী, উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা বৃত্তি আৰু কম খৰছী যাতায়তৰ সুবিধা থকাৰ বাবে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ ঘটা বুলি ক’ব পাৰি। জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ ভিত্তিত পৃথিৱীত ৪টা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি । সেইবোৰ হ’ল– পূব এছিয়া, দক্ষিণ–পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ–পূব উপকূলীয় অঞ্চল। 
      সাধাৰণতে পানীৰ সুবিধা, সাৰুৱা ভূমি, স্বাস্থ্যকৰ জলবায়ু, প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰাচুৰ্য আদি ঘন বসতিৰ প্ৰধান কাৰক। তদুপৰি ঔদ্যোগীকৰণ, নগৰীকৰণ, উন্নত শিক্ষা, যাতায়ত, চিকিৎসা ব্যৱস্থাৰ লগতে বিনোদনৰ সা–সুবিধা আদিয়েও জনসংখ্যা কেন্দ্ৰীভূত হোৱাত অৰিহণা যোগায়। 
      জনসংখ্যাৰ থূপীকৰণে একোটা অঞ্চলত মানুহৰ কাম–কাজত আহুকালৰ সৃষ্টি কৰে। এনে আহুকালৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা হয়। 


গ) জনসংখ্যাৰ বিস্ফোৰণঃ 

উত্তৰঃ বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। কিন্তু পৰবৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ–আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে। ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা  জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হবলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে । 
   বৰ্তমান পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে এই জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ ফলতেই পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটাৰ উপৰিও খাদ্যসংকট, অনগ্ৰসৰতা, মূল্যবৃদ্ধি, সংস্থাপনহীনতা, বাসস্থানৰ অভাৱ, শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আদিৰ দৰে সমস্যাবোৰৰ উদ্ভৱ হৈছে। অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নতা সমস্যাৰ সৃষ্টি কৰে। 
 

৪) জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ?
 
উত্তৰঃ কৰ্মসূত্ৰে বা আন কোনো কাৰণত এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ স্থায়ীভাৱে অথবা সাময়িকভাৱে বসতি কৰা কাৰ্যক জনপ্ৰব্ৰজন বোলে। 
      জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল–সাধাৰণতে যুদ্ধ – বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্যসংকট, ৰাজনৈতিক সংকট, আদি কাৰণত মানুহে এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে। বৰ্তমান সময়ত উন্নত শিক্ষাগ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন–যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। মুম্বাই, গুজৰাট, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদিৰ ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ দেশখনৰ বিভিন্ন ৰাজ্যৰ পৰা কৰ্ম সংস্থাপন বিচাৰি মানুহে প্ৰব্ৰজন কৰিছে।  এনেদৰে কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিছে। 
       জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে। 



Question Type- Bhaskar Jyoti Nath

Author: Chinmay kakati

Spelling Check By- Himadree Bora