দ্বিতীয় গোট

কাব্য় ঃ হৰিবৰ বিপ্ৰ ঃ বব্ৰুবাহনৰ যুদ্ধ ঃ 

অনন্ত কন্দলী ঃ কুমাৰ হৰণ 

1. হৰিবৰ বিপ্ৰক কোন যুগৰ শ্ৰেষ্ঠ কবি বুলি কোৱা হয় ?

উত্তৰঃ হৰিবৰ বিপ্ৰক প্ৰাক-শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি কোৱা হয়।

2. হৰিবৰ বিপ্ৰই ৰচনা কৰা কাব্য়ৰ সংখ্য়া কেইখন আৰু কি কি ?

উত্তৰঃ হৰিবৰ বিপ্ৰই ৰচনা কৰা কাব্য়ৰ সংখ্য়া তিনিখন আৰু সেইকেইখন হ'ল-

    1. লৱকুশৰ যুদ্ধ

    2. বব্ৰুবাহনৰ যুদ্ধ

    3. তাম্ৰধ্বজৰ যুদ্ধ

3. বব্ৰুবাহনৰ মাতৃ নাম কি ?    

উত্তৰঃ বব্ৰুবাহনৰ মাতৃ নাম হ'ল চিত্ৰঙ্গদা।

4. বব্ৰুবাহনৰ মাহীমাকৰ নাম কি ?

উত্তৰঃ বব্ৰুবাহনৰ মাহীমাকৰ নাম হ'ল উলুপী।

5. প্ৰাক-শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি হৰিবৰ বিপ্ৰৰ আগত কোন আছিল ?

উত্তৰঃ প্ৰাক-শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি হৰিবৰ বিপ্ৰৰ আগত মাধৱ কন্দলী আছিল।

6. অসমীয়া সাহিত্য়ত প্ৰথম বীৰ ৰস প্ৰধান কাব্য় ৰচনা কৰা কবিজনৰ নাম কি ? 

উত্তৰঃ অসমীয়া সাহিত্য়ত প্ৰথম বীৰ ৰস প্ৰধান কাব্য় ৰচনা কৰা কবিজনৰ নাম হ'ল- হৰিবৰ বিপ্ৰ।

7. মহা প্ৰতাপী বব্ৰুবাহন কোন নগৰৰ অধিপতি ?

উত্তৰঃ মহা প্ৰতাপী বব্ৰুবাহন মণিপুৰ নগৰৰ অধিপতি।

8. অৰ্জুনৰ পিতৃৰ নাম কি ?

উত্তৰঃ অৰ্জুনৰ পিতৃ নাম হ'ল- পাণ্ডু।

9. অৰ্জুনৰ মাতৃৰ নাম কি ?

উত্তৰঃ অৰ্জুনৰ মাতৃৰ নাম হ'ল- কুন্তী।

10. কাৰ ধনুৰ্বিদ্য়াত শিক্ষা লাভ কৰি অৰ্জন অজেয় হৈ পৰিছিল ?

উত্তৰঃ দ্ৰোণচাৰ্যৰ ধনুৰ্বিদ্য়াত শিক্ষা লাভ কৰি অৰ্জুন অজেয় হৈ পৰিছিল।

11. পৰম ব্ৰহ্ম কোন আছিল ?

উত্তৰঃ পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ আছিল।

12. অৰ্জুনৰ পত্নী কোন কোন আছিল ?

উত্তৰঃ নাগকন্য়া উলুপী আৰি চিত্ৰঙ্গদা অৰ্জুনৰ পত্নী আছিল।

13. 'সাগৰ' ব্ৰাহ্মণজনৰ ডাঙৰ পুত্ৰৰ নাম কি ?

উত্তৰঃ 'সাগৰ' ব্ৰাহ্মণজনৰ ডাঙৰ পুত্ৰ নাম হ'ল- শ্ৰীচন্দ্ৰ কন্দলী।

14. অনন্ত চন্দ্ৰৰ পিতৃদত্ত নাম কি আছিল ?

উত্তৰঃ অনন্ত চন্দ্ৰৰ পিতৃদত্ত নাম হ'ল- হৰিচৰণ।

15. অনন্ত কন্দলীৰ জীৱন বৃত্ত অধ্য়য়নৰ পৰিপ্ৰেক্ষিতত পোৱা সমলৰাজিক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ অনন্ত কন্দলীৰ জীৱন বৃত্ত অধ্য়য়নৰ পৰিপ্ৰেক্ষিতত পোৱা সমলৰাজিবোৰক চাৰিটৈা ভাগত ভগোৱা হৈছে। সেইকেইটা হ'ল-

    1. অনন্ত কন্দলীৰ স্বকীয় ৰচনাৰ পৰা পোৱা।

    2. চৰিত পুথিৰ পৰা পোৱা।

    3. বংশাৱলী সাহিত্য়ৰ পৰা পোৱা।

    4. আধুনিক সমীক্ষকৰ ৰচনাৰ পৰা পোৱা।

16. অনন্ত কন্দলীৰ কৃত সংস্কৃত গ্ৰন্থ দুখনৰ নাম কি ?

উত্তৰঃ অনন্ত কন্দলীৰ কৃত সংস্কৃত গ্ৰন্থ দুখনৰ নাম হ'ল- কল্পদ্ৰুম আৰু নীতিৰত্ন।

17. কুমৰহৰণ কাব্য়ৰ কাহিনীভাগ ক'ত ক'ত পোৱা যায় ?

উত্তৰঃ কুমৰহৰণ কাব্য়ৰ কাহিনীভাগ সাধাৰণতে ভাগৱত পুৰাণ, হৰিবংশ আৰু বিষ্ণু পুৰাণত পোৱা যায়।

18. কাব্য়ৰ কবি মৌলিকতা বুলিলে কি বুজা যায় ?

উত্তৰঃ কাব্য়ৰ কবি মৌলিকতা বুলিলে সাধাৰণতে কবিসকলৰ নিজা সৃষ্টিশীলতা আৰু কাব্য়ৰকুশলতাকে বুজা যায়।

19. কুমৰহৰণৰ কাব্য়ৰ কোনটো চৰিত্ৰ মায়াবী ৰূপে অংকন কৰিছে ?

উত্তৰঃ কুমৰহৰণৰ কাব্য়ৰ ত্ৰিলেখা চৰিত্ৰটো মায়াবী ৰূপে অংকন কৰিছে।

20. হৰিবংশত মন্ত্ৰী কুম্ভাৰৰ কন্য়াৰ নাম কি ?

উত্তৰঃ হৰিবংশত মন্ত্ৰী কুম্ভাৰৰ কন্য়াৰ নাম হ'ল- ৰামা।

21. পৌৰাণিক কাব্য়-সাহিত্য়বোৰৰ মূল লক্ষ্য় কি আছিল ?

উত্তৰঃ ভক্তিৰ মাধ্য়মেৰে এক সামাজিক জগৰণৰ সৃষ্টি কৰা পৌৰাণিক কাব্য়-সাহিত্য়বোৰৰ মূল লক্ষ্য় আছিল।

22. বাণাসুৰৰ কন্য়াৰ নাম কি আছিল ?

উত্তৰঃ বাণাসুৰৰ কান্য়াৰ নাম 'উষা' আছিল।

23. বৈদিক যুগত নাৰীৰ সামাজিক মৰ্যদা কেনেধৰণৰ আছিল ?

উত্তৰঃ বৈদিক যুগত নাৰীৰ সামাজিক মৰ্যদা সবাতোকৈ উচ্চ আছিল।

24. পৃথিৱীৰ সকলোবোৰ পৌৰাণিক সাহিতেয়ৰে মূল লক্ষ্য় কি আছিল ?

উত্তৰঃ পৃথিৱীৰ সকলোবোৰ পৌৰাণিক সাহিত্য়ৰে মূল লক্ষ্য় এয়াই আছিল যে- লোকশিক্ষাৰ জৰিয়তে ৰসাস্বাদন কৰা।

25. কবি অনন্ত কন্দলিৰ মূল উদ্দেশ্য় কি আছিল ?

উত্তৰঃ কবি অনন্ত কন্দলিৰ মূল উদ্দেশ্য় এয়াই আছিল যে- ৰসাস্বাদন কৰাৰ চলেৰে লোকশিক্ষাৰ মাজেৰে সামাজিক শৃংখলা জীয়াই ৰখা। মানুহক নৈতিক শিক্ষাৰে বলিয়ান কৰি জগতত শান্তি স্থাপন কৰা।

Type- Rajashri Bora