তৃতীয় অধ্যায়

আদিযুগ

চৰ্যাপদ আৰু অন্যান্য ৰচনা


চমু প্ৰশ্নউওৰঃ

১। শাস্ত্ৰীদেৱে সংগ্ৰহ কৰি আনি প্ৰকাশ কৰা পুথি কেইখনৰ নাম লিখা।

উওৰঃ শাস্ত্ৰীদেৱে সংগ্ৰহ কৰি আনি প্ৰকাশ কৰা পুথি কেইখনৰ নাম- সৰোহৰবজ্ৰৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ, ডাকাৰ্ণৱ আৰু চৰ্যাচৰ্য-বিনিশ্চয়।

২। 'চৰ্যাচৰ্য-বিনিশ্চ'য় নামটো শাস্ত্ৰীদেৱে দিয়া আচল নামটো কি?

উওৰঃ 'চৰ্যাচৰ্য-বিনিশ্চ'য় নামটো শাস্ত্ৰীদেৱে দিয়া আচল নামটো হৈছে- 'চৰ্যাগীতিকোষ'।

৩। কিমান চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰাবাৰ গ্ৰন্থালয়ৰ- পৰা বৌদ্ধগানসমূহ উদ্ধাৰ কৰি আনে?

উওৰঃ ১৯০৭ চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰাবাৰ গ্ৰন্থালয়ৰ- পৰা বৌদ্ধগানসমূহ উদ্ধাৰ কৰি আনে।

৪। চৰ্যা কাক বোলে ?

উওৰঃ আধ্যাত্মজনিত অৰ্থ, 'পদান্তে মিল আৰু দুই চৰণ' ; দ্বিতীয় অৰ্দ্ধতো সেই একে লক্ষণ - ইয়াকে চৰ্যা বোলে।

৫। তিব্বতী গ্ৰন্থ Pag Sam Jon Zan খনৰ মতে ক'ত উদ্ভৱ হৈছে?

উওৰঃ তিব্বতী গ্ৰন্থ Pag Sam Jon Zan মতে সৰহপাদ কামৰূপৰ ৰাজ্ঞী ৰাজ্যতে উদ্ভৱ হৈছে।

৬। ৰাজ্ঞী ৰাজ্য কাৰূপৰ কি বুলি পণ্ডিতসকলে অনুমান কৰিছে?

উওৰঃ ৰাজ্ঞী ৰাজ্য কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰিছে।

৭। ডাকৰ বচনসমূহ কোন কোন ঠাইত প্ৰচলিত?

উওৰঃ ডাকৰ বচনসমূহ কেৱল অসমতেই নহয় বঙ্গদেশ, বিহাৰ আদি ঠাইতো প্ৰচলিত আছে।

৮। ডাকপুৰুষ সকলৰ জন্ম স্থান ক'ত ?

উওৰঃ ডাকপুৰুষে বৰপেটা অঞ্চলৰ লেহি ডাঙৰা গাঁৱত জন্ম লাভ কৰে।

৯। ডাকচৰিত্ৰ মতে ডাক কাৰ সন্তান?

উওৰঃ ডাকচৰিত্ৰ মতে ডাক কুমাৰনীৰ সন্তান।

১০। ডাকে কিমান নিশালৈ জন্ম গ্ৰহণ কৰা বুলি কয়?

উওৰঃ ডাকে 'এদিন-এনিশা'লৈ, জন্ম গ্ৰহণ কৰা বুলিও প্ৰবাদ পোৱা যায়।

১১। ডাকৰ কেনেকৈ মৃত্যু হয়?

উওৰঃ চৰিত্ৰমতে ডাকক ল'ৰা কালতে ভেঁট তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে।

১২। কিহৰ কাৰণে তেওঁ পিতৃ মাতৃয়ে তেওঁ সন্তানৰ নাম ডাক থয়?

উওৰঃ উপজীয়েই প্ৰসূতিগৃহৰ নাৰীবিলাকক মাত দিয়াত তেওঁৰ নাম থয় ডাক।

১৩। 'ডাক-চৰিত্ৰ কাৰ ৰচনা?

উওৰঃ অজ্ঞাত লেখকৰ 'ডাক-চৰিত্ৰ' আৰ্বাচীন ৰচনা।

১৪। ডাক শব্দৰ অৰ্থ কি?

উওৰঃ ডাক শব্দৰ অৰ্থ হ'ল উচ্চাৰণ কৰা, সন্বোধন কৰা বা আহ্বান কৰা।

১৫। ডাক-চৰিত্ৰত উল্লেখ কৰা মিহিৰ মুনিৰ সময়লৈ দৃষ্টি ৰাখি কোনোৱে ডাকৰ উদ্ভৱ কাল কিমান বুলি কয়।

উওৰঃ ডাক-চৰিত্ৰত উল্লেখ কৰা মিহিৰ মুনিৰ সময়লৈ দৃষ্টি ৰাখি কোনোৱে ডাকৰ উদ্ভৱ কাল খ্ৰীষ্টীয় চতুৰ্থ-ষ্ষ্ঠ শতিকাৰ ভিতৰত অৰ্থাৎ গুপ্তযুগত স্থাপন কৰিব খোজে।


Author - Pompi Hazarika