তৃতীয় গোট 

সামাজিক মাধ্যমা আৰু অসমীয়া ভাষা :

ইণ্টাৰ নেট, ফেচবুক, টুইটাৰ 

প্ৰশ্নাৱলী

অতি চমু প্রশ্নঃ

(১) সামাজিক মাধ্যম কাক বোলে?

উত্তৰ : সামাজিক মাধ্যম হৈছে কম্পিউটটাৰ পৰিচালিত প্ৰযুক্তিবিদ্যা যিয়ে বেৰৰ ধাৰণা, বৃত্তিমূলক প্ৰয়োজন, গুৰুত্ব আৰু ভাৱ প্ৰকাশৰ প্ৰয়োজনীয়তাক বাস্তৱ সম্প্ৰদায় আৰু নেটৱৰ্ক ব্যৱস্থাৰ জৰিয়তে পৰিচালিত কৰে।

২) এটা জনপ্রিয় সামাজিক মাধ্যমৰ নাম লিখা?

উত্তৰ : এটা জনপ্রিয় সামাজিক মাধ্যমৰ নাম হল - ফেচবুক।

৩) ই-মেইল কি? 

উত্তৰ : ই-মেইল হল এটা মাধ্যম যাৰ যোগেদি বিশ্বৰ যিকোনো ঠাইলৈ তথ্য প্ৰেৰণ বা সংগ্ৰহ কৰিব পাৰি।

৪) সামাজিক মাধ্যম ব্যৱহাৰৰ এটা গুণ লিখা।

উত্তৰ : সামাজিক মাধ্যমৰ যোগেদি মানুহে ব্যক্তিগত ভাৱে লাভৱান হোৱাৰ উপৰিও ইয়াৰ যোগেদি তেওঁলোকে সামাজিক দায়বদ্ধতাও পূৰণ কৰিব পাৰে।

৫) প্ৰ'গ্ৰেম কি?

উত্তৰ : প্ৰগেম হল কম্পিউটাৰৰ দ্বাৰা কোনো এক কাৰ্য সমাধানৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি।

৬) WWWৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰ : WWWৰ সম্পূৰ্ণ ৰূপ হল - World wide web .

৭) ৱেব ব্রাউজাৰ কি?

উত্তৰ : ৱেব ব্রাউজাৰ হল এটা ছফটৱেৰ যাক ৱৰ্ল্ড ৱাইড ৱেবৰ জগতত পৰিভ্ৰমণ কৰিবলৈ প্ৰয়োজন হয়।

৮) HTTP ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰ :  HTTP ৰ সম্পূৰ্ণ ৰূপ হল - Hypertext transfer protocol.

৯) ই-এডুকেচন বুলিলে কি বুজা?

উত্তৰ : ই-এডুকেচন এক প্ৰকাৰৰ শিক্ষামূলক ভ্ৰমণ বুলিয়েই কব পাৰি। শ্ৰেণীকোঠাত নথকাকৈয়ে ইণ্টাৰনেটৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰি।

১০) ৱেব ছাইট কি?

উত্তৰ : ৱেব ছাইট হল ইন্টাৰনেটৰ তথ্য জমা ৰখাৰ এক স্থান। 

১১) ফেচবুকৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৯৮৪ চনৰ ১৮ মে'ত ফেচবুকৰ জন্ম  হৈছিল।

১২) ফেচবুকৰ পিতৃ কোন?

উত্তৰ : ফেচবুকৰ পিতৃ হল - এলিয়ট জুকাৰবাৰ্গ।

১৩) বর্তমান ফেচবুকত কেইটা ভাৰতীয় ভাষা উপলব্ধ হৈ আছে?

উত্তৰ : বর্তমান ফেচবুকত ৮ টা ভাৰতীয় ভাষা উপলব্ধ হৈ আছে।

১৪) টুইটাৰ (Twitter) শব্দৰ অৰ্থ কি?

উত্তৰ : টুইটাৰ (Twitter) শব্দৰ অৰ্থ হল - 'পখীৰ কাকলি' বা সৰু সৰু তথ্য।

১৫) ইন্টাৰনেটৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ইন্টাৰনেটৰ জন্ম ১৯৫৮ চনত হৈছিল।


চমু প্রশ্ন ঃ

১) ফেচবুক কি? বুজাই লিখা।

উত্তৰ : ফেচবুক হৈছে এনে এটা App যাৰ দ্ধাৰা আমি নিজস্ব ভাষা সংস্কৃতি, আচাৰ-ৰীতি তথা ভাল লগা বিষয় আদি কৰি বিভিন্ন দেশী-বিদেশী লোকৰ মাজত আদান-প্ৰদান কৰিব পাৰো। 


২) ই-এডুকেচনত কি কি ব্যৱস্থা থাকে?

উত্তৰ : শ্ৰেণীকোঠাত নথকাকৈয়ে ইণ্টাৰনেটৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰি। আজিকালি ইণ্টাৰনেটত অসমীয়া ভাষাৰ ন-পুৰণি কিতাপৰ PDF ফাইল উপলব্ধ হৈ আছে। অকল ছাত্ৰ-ছাত্ৰীয়ে Website ৰ পৰা ডাউনলোড কৰি লব লাগে। ইয়াত অসমীয়া ভাষাত বহুত কিতাপ উপলব্ধ হৈ আছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ বৈজ্ঞানিক গৱেষণা, সাধাৰণ গৱেষণা আদিৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ সা-সুবিধা অধিক।


৩) বর্তমান সময়ত জনপ্রিয়তা অৰ্জন কৰা দুটা সামাজিক মাধ্যমৰ নাম লিখা?

উত্তৰ :  বর্তমান সময়ত জনপ্রিয়তা অৰ্জন কৰা দুটা সামাজিক মাধ্যম হল - ফেচবুক আৰু ইণ্টাৰনেট।

৪) ই-কমার্চ বুলিলে কি বুজা?

উত্তৰ : ইন্টাৰনেটৰ জৰিয়তে কৰা ব্যৱসায়িক আদান-প্ৰদানক ইলেকট্ৰনিক কমাৰ্চ বা চমুকৈ ই-কমাৰ্চ বুলি কোৱা হয়। মৌলিকভাৱে ই-কমাৰ্চ পৰম্পৰাগত বাণিজ্যৰ সৈতে একেই, অৰ্থাৎ বিক্ৰেতা আৰু ক্ৰেতাই এঠাইৰ পৰা আন এঠাইলৈ সামগ্ৰী পৰিবহণ আৰু আদান প্ৰদান কৰে।


 ৫) ৱেব কি? বুজাই লিখা।

উত্তৰ : ৱেৱ হৈছে পৃথিৱীজুৰি সিচঁৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। ১৮৮৯ চনত টিম ৱাৰ্নাচ্ লীৰ নেতৃত্বত ইউৰোপীয়ান লেবৰেটৰী বা চাৰ্ণ চমুকৈ CERN বা চাৰ্ণত সহকৰ্মীৰ মাজৰ তথ্য আদান প্ৰদানৰ সুবিধাৰ বাবে ইণ্টাৰনেটৰ নতুন প্ৰটকল এটা প্ৰস্তুত কৰিছিল।


৯) চমুটোকা লিখা :

ক) টুইটাৰ

উত্তৰঃ টুইটাৰ হ’ল এটা ইণ্টাৰনেটত বহুলভাৱে প্ৰচলিত এক সামাজিক সংযোগ (চচিয়েল নেটৱৰ্কিং) ব্যৱস্থা আৰু মাইক্ৰব্লগিংৰ এটা জালস্থান বা ৱেবচাইট, য’ত ব্যৱহাৰকাৰীসকলে সৰ্বোচ্চ ১৪০টা আখৰৰ বাৰ্তা আদান-প্ৰদান আৰু প্ৰকাশ কৰিব পাৰে। এই বাৰ্তাবোৰকে টুইট  বুলি নামকৰণ কৰা হৈছে। টুইটাৰৰ সদস্যসকলৰ টুইট কৰা বাৰ্তাবোৰ তেওঁলোকৰ প্ৰফাইল পাতত দেখা যায়। টুইটাৰৰ সদস্য সকলে অন্য সদস্যসকলৰ টুইট পঢ়াৰ বাবে অনুসৰণ বা follow কৰাটো ইয়াত আৱশ্যক। কোনো সদস্যৰ টুইট পঢ়াৰ বাবে যাৰ স’তে একলগ হৈছে সেইসকল অনুসৰণকাৰী (follower) বুলি কোৱা হৈছে।


খ) ফেচবুক

উত্তৰঃ ফেচবুক হৈছে এক সামাজিক নেটৱৰ্কিং সেৱা যাক মূলতঃ 28 অক্টোবৰ, 2003 তাৰিখে ফেচমেছ হিচাপে আৰম্ভ কৰা হৈছিল, 4 ফেব্ৰুৱাৰী, 2004 তাৰিখে ইয়াৰ নাম সলনি কৰাৰ আগতে। ইয়াক মাৰ্ক জুকাৰবাৰ্গ আৰু মহাবিদ্যালয়ৰ ৰুমমেট আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সহকৰ্মী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠা কৰিছিল, বিশেষকৈ এডুয়াৰ্ডো চেভেৰিন, এণ্ড্ৰিউ মেককলাম, ডাষ্টিন মস্কোভিটজ আৰু ক্ৰিছ হিউজে।  ৱেবছাইটটোৰ সদস্যপদ প্ৰথমতে প্ৰতিষ্ঠাপকসকলে হাৰ্ভাৰ্ডৰ শিক্ষাৰ্থীসকলৰ মাজত সীমিত কৰিছিল, কিন্তু বষ্টন অঞ্চলৰ অন্যান্য মহাবিদ্যালয়, আইভি লীগ, আৰু ক্ৰমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ বেছিভাগ বিশ্ববিদ্যালয়, নিগম, আৰু ছেপ্টেম্বৰ 2006 লৈ কেৱল 13 বছৰ আৰু অধিক বয়সৰ বয়সৰ প্ৰয়োজনীয়তাৰ সৈতে বৈধ ইমেইল ঠিকনা থকা সকলোৰে বাবে সম্প্ৰসাৰিত কৰা হৈছিল। 


গ) ইন্টাৰনেট

উত্তৰ: ইন্টাৰনেট শব্দটোৱে সাধাৰণতে বিভিন্ন কম্পিউটাৰ নেটৱৰ্কৰ মাজৰ যোগাযোগ ব্যৱস্থাকে বুজায়। ইন্টাৰনেটত বিশ্বৰ সৰু সৰু নেটৱৰ্কৰ সমষ্টিৰ কথাকে বুজায়। ইন্টাৰনেটক সমগ্ৰ বিশ্বৰ কম্পিউটাৰ নেটৱৰ্ক এক শাৰীৰিক অবয়ৱ বুলি অভিহিত কৰে। এইটো কম্পিউটাৰ আৰু তাঁৰৰ এক যুগ্ম অৱস্থা।


ঘ) ই-মেইল

উত্তৰ: -মেইল তথা ইলেক্ট্রনিক মেইল হল ডিজিটাল বার্তা যা কম্পিউটাৰ নেটওয়ার্কেৰ মাধ্যমে প্রেৰণ কৰা হয়। ১৯৭২(RFC 561) খ্রিষ্টাব্দে তদানিন্তন আৰপানেটে সর্বপ্রথম ইলেক্ট্রনিক মেইল প্রেরণ কৰা হয়। -মেইল পেতে প্রথম দিকেৰ -মেইল ব্যবস্থায় প্রেৰক এবং প্রাপক দুজনকেই অনলাইনে থাকতে হত।


ঙ) ৱেবছাইট

উত্তৰ: যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইণ্টাৰনেট নাইবা ব্যক্তিগত লোকেল এৰিয়া নেটৱ'ৰ্ক (LAN)-অত উপলব্ধ। ইয়াক কোনো ৱেব চাৰ্ভাৰৰ পৰা হ'ষ্ট কৰা হয়। সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "ৱৰ্ল্ড ৱাইড ৱেব" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।

ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য মাৰ্কাপ এংকৰৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয়।


চ) ৱেব চাৰ্ভাৰ।

উত্তৰঃ ৱেবচাৰ্ভাৰ এটাৰ প্ৰাথমিক কাম হৈছে ক্লায়েণ্ট কম্পিউটাৰ এটাৰ অনুৰোধ ক্ৰমে তালৈ ৱেবপেজৰ যোগান ধৰা। ইয়াৰ অৰ্থ হ'ল এইছ টি এম এল ডকুমেণ্টৰ বিস্তাৰ আৰু লগতে ফ'টো, ষ্টাইল ছিট(style sheets) আৰু স্ক্ৰিপ্ট(scripts) জাতীয় যিকোনো তথ্যৰ যোগান ধৰা।


Answered by - Leena kakati