তৃতীয় গোট

অংকীয়া নাট


1. অংকীয়া নাটৰ বৈশিষ্ট্য় কেইটা কি কি?

উত্তৰঃ অংকীয়া নাটৰ বৈশিষ্ট্য় কেইটা হ'ল-

    1. সূত্ৰধাৰৰ প্ৰাধান্য়।

    2. গীত-শ্লোক আৰু পয়াৰৰ ব্য়ৱহাৰ।

    3. ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ।

    4. স্পন্দিত গদ্য়ৰ ব্য়ৱহাৰ।

2. সূত্ৰধাৰ নামটো কৰ পৰা লোৱা হৈছে?

উত্তৰঃ সূত্ৰধাৰ নামটো সংস্কৃত ৰূপকৰ পৰা লোৱা হৈছে।

3. অংকীয়া নাটত কেইপ্ৰকাৰৰ গীত ব্য়ৱহাৰ কৰা হয় আৰু কি কি?

উত্তৰঃ অংকীয়া নাটত তিনি প্ৰকাৰৰ গীত ব্য়ৱহাৰ কৰা হয়। সেইকেইবিধ হ'ল-

    1. ভটিমা।

    2. ৰাগ-তালযুক্ত অনুভূতি প্ৰধান গীত।

    3. পয়াৰ।

4. ভাটিমা কেইপ্ৰকাৰৰ?

উত্তৰঃ ভাটিমা চাৰি প্ৰকাৰৰ।

5. পুতলা নাচৰ অসমীয়া প্ৰতিশব্দ কি?

উত্তৰঃ পুতলা নাচৰ অসমীয়া প্ৰতিশব্দ হ'ল-পাঞ্চালিকা।

6. আদিৰস থকা পুতলাভিনয়ক কি বোলা হয়?

উত্তৰঃ আদিৰস থকা পুতলাভিনয়ক 'পাঞ্চালিকা-বিনোদ' বোলা হয়।

7. পুতলানাচৰ দলটোত কেইজন সদস্য় থাকে?

উত্তৰঃ পুতলানাচৰ দলটোত পাঁচ-ছয়জন সদস্য় থাকে।  

8. অসমত প্ৰচলিত ওজাপালি কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ অসমত প্ৰচলিত ওজাপালি দুই প্ৰকাৰৰ। সেইকেইবিধ হ'ল-

    1. বিয়াহৰ ওজাপালি।

    2. মাৰৈ পূজাৰ ওজাপালি বা সুকনান্নী।

9. বিয়াহৰ ওজাপালিত কেইজন সদস্য় থাকে?

উত্তৰঃ বিয়াহৰ ওজাপালিত পাঁচজন সদস্য় থাকে।

10. গোৱালপাৰাৰ অঞ্চলৰ কি লোকনাট্য়ধৰ্মী অনুষ্ঠানৰ প্ৰচলন আছে?

উত্তৰঃ গোৱালপাৰাৰ অঞ্চলৰ 'কুশান গীত' লোকনাট্য়ধৰ্মী অনুষ্ঠানৰ প্ৰচলন আছে।

11. কুশান শব্দটো কি শব্দৰ লগত সম্পৰ্ক আছে?

উত্তৰঃ কুশান শব্দটো 'কুশ-লৱ' শব্দৰ লগত সম্পৰ্ক আছে।

12. কুশান গানত কেইজন শিল্পী থাকে?

উত্তৰঃ কুশান গানত চৈধ্য়-পোন্ধৰজন শিল্পী থাকে।

13. গোৱালপাৰাৰ দক্ষিণ অঞ্চলত কি লোকধৰ্মী নাট্য়নুষ্ঠানৰ প্ৰচলন আছে ?

উত্তৰঃ গোৱালপাৰাৰ দক্ষিণ অঞ্চলত 'ভাৰীগান' নামৰ লোকধৰ্মী নাট্য়নুষ্ঠানৰ প্ৰচলন আছে।

14. মহাপুৰুষ দুজনাৰ নাটৰ ভাষা কি?

উত্তৰঃ মহাপুৰুষ দুজনাৰ নাটৰ ভাষা হ'ল- ব্ৰজাৱলী।

15. মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাট কেইখন কি কি?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাটকেইখন হ'ল-চোৰধৰা, পিপৰা গুচোৱা, ভোজনবিহাৰ, অৰ্জ্জুন-ভঞ্জন আৰু ভূমি লেটোৱা।

16. মাধৱদেৱে কোনখন নাট প্ৰথমে ৰচনা কৰিছিল ?

উত্তৰঃ মাধৱদেৱে অৰ্জ্জুন-ভঞ্জন নাটখন প্ৰথমে ৰচনা কৰিছিল।

17. মহাপুৰুষ মাধৱদেৱৰ কোনখন নাটৰ বাহিৰে বাকী নাটবোৰক ঝুমুৰা বুলি জনা যায়?

উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ অৰ্জ্জুন-ভঞ্জনৰ বাহিৰে বাকী নাটবোৰক ঝুমুৰা বুলি জনা যায়।

18. অৰ্জ্জুন-ভঞ্জন নাটখনত মুঠ কেইটা শ্লোক আছে?

উত্তৰঃ অৰ্জ্জুন-ভঞ্জন নাটখনত মুঠ ৭ টা শ্লোক আছে।

19. মাধৱদেৱৰ ৰচিত অৰ্জ্জুন-ভঞ্জন নাটখনৰ নাট্য় স্তৰ কেইটা?

উত্তৰঃ মাধৱদেৱৰ ৰচিত অৰ্জ্জুন-ভঞ্জন নাটখনৰ নাট্য় স্তৰ তিনিটা।

20. যশোদাই কৃষ্ণক উৰালত বান্ধি থোৱা কাৰ্য্য়ত ব্য়থিত হৈ বৃদ্ধ নন্দই যশোদাক মাৰিবলৈ খেদি যোৱাত কোনে বাধা ৰাখিছিল?

উত্তৰঃ যশোদাই কৃষ্ণক উৰালত বান্ধি থোৱা কাৰ্য্য়ত ব্য়থিত হৈ বৃদ্ধ নন্দই যশোদাক মাৰিবলৈ খেদি যোৱাত ৰোহিণীয়ে বাধা ৰাখিছিল। 


Type: Rajashri Bora