অধ্য়ায়-৩৩ 

ঘৰচীয়া প্ৰাণী

পামৰপৰা আহি ধন আৰু ভনই তলৰ কথাবিলাকৰ বিষয়ে আলোচনা কৰিলে।

 ১। গৰু ৰখা ঘৰক কি বোলে?

উত্তৰঃ গৰু গোহালী।


২। হাঁহ, কুকুৰা ৰখা ঘৰক কি বোলে?

 উত্তৰঃ গৰাল। 


৩। পামখনত ফুৰিবলৈ গৈ কি-কি ঘৰচীয়া জন্তুৰ কথা 

জানিলে?

উত্তৰঃ কুকুৰ, হাঁহ, ম'হ, ঘোঁৰা, গৰু, কুকুৰা, ছাগলী, গাহৰি আৰু মেকুৰী। 


৪। কুকুৰে কি খায় ?

উত্তৰঃ মাংসৰ হাড়।


৫। গৰুৱে কি-কি খায় ?

 উত্তৰঃ খেৰ, ঘাঁহ আৰু চাপৰ খায়।


৬। হাঁহে কি-কি খায়?

 উত্তৰঃ চাউলৰ গুৰি, শামুক, মাছ আৰু শেলাই খায়।


৭। এবাৰত এটাতকৈ বেছি পোৱালি দিয়া চাৰিবিধ ঘৰচীয়া জন্তুৰ নাম।

উত্তৰঃ গাহৰি, কুকুৰ, মেকুৰী, পহু ।  


৮। শিং থকা ঘৰচীয়া জন্তুৰ নাম।

উত্তৰঃ গৰু, ম'হ আৰু ছাগলী। 

 

৯। হাঁহে পানীত কেনেকৈ সাঁতুৰিব পাৰে?

উত্তৰঃ হাঁহ ভৰিত থকা পটাৰে পানীত সাঁতুৰিব পাৰে। 

 

১০। মতা গৰুক কি বোলে?

উত্তৰঃ মতা গৰুক বলধ বোলে। 

 

১১। মাইকী গৰুক কি বোলে?

উত্তৰঃ  মাইকী গৰুক গাই বোলে। 

 

১২। গৰুৰ মতা পোৱালিক কি বোলে?

 উত্তৰঃ গৰুৰ মতা পোৱালিক দমৰা বোলে। 


১৩। গৰুৰ মাইকী পোৱালিক কি বোলে? 

উত্তৰঃ গৰুৰ মাইকী পোৱালিক চেউৰি বোলে। 


১৪। গাখীৰৰপৰা কি-কি তৈয়াৰ কৰিব পাৰি?

উত্তৰঃ গাখীৰ পৰা মাখন, ঘিউ, দৈ, ক্ৰিম, চানা, ক্ষীৰ আদি তৈয়াৰ 

কৰিব পাৰি। 

 

১৫। ঘৰচীয়া প্ৰাণী কোনবিলাক? জেঠী ঘৰত থাকিলেও ঘৰচীয়া বুলি নকয় কিয়?

উত্তৰঃ

 

১৬। সাধাৰণতে কি-কি ৰঙৰ ছাগলী দেখা পোৱা যায়?

উত্তৰঃ সাধাৰণতে ক'লা, বগা, কজলা, ফুটফুটীয়া, পখৰা মুগা বৰণীয়া বিভিন্ন ৰঙৰ ছাগলী পোৱা যায়। 

 

১৭। ছাগলীৰ গড়াল সাধাৰণতে কেনেকুৱা হয়?

উত্তৰঃ ছাগলীৰ গড়াল সাধাৰণতে চাঙৰ হয়। 

 

১৮। গৰু, ছাগলী, ম'হ আদিৰ খুৰাবোৰ ফটা কাৰণে কি সুবিধা 

হয়?

 উত্তৰঃ 


১৯। চৰায়ে উমনি দিয়া মানে কি? 

উত্তৰঃ   


২০। উমনি দিলে কি হয়?

উত্তৰঃ  চৰাই উমনি দিয়া পিছৰ ১৫-২০ দিনৰ পিছত চৰাই পোৱালি হয়।  

 

২১। জন্তুৰ নেজৰ কাম কি?

উত্তৰঃ 

 

২২। তলৰ কোনটো ঠেং কি প্ৰাণীৰ?

 


 উত্তৰঃ বাঘৰ, হাঁহৰ, গৰুৰ, ঘোঁৰাৰ আৰু কুকুৰাৰ। 


Author- Bikash Bora