অধ্য়ায়-৪
আমাৰ উৎসৱ
(ক) তোমালোকে কি কি উৎসৱ পালন কৰা?
উত্তৰ: আমি বিহু, দিওঁ-দিৱালী,বৰদিন, ঈদ, দিৱালী, খ্ৰীষ্টমাছ, দুৰ্গা পূজা আদি উৎসৱ পালন কৰোঁ।
(খ) ইছলাম ধৰ্মাবলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি কি?
উত্তৰ: ঈদ-উল-ফিতৰ, ঈদ-উল-অজহা, ফাতেহা-ই-দোয-দহম আদি।
(গ) খ্রীষ্টান ধৰ্মাবলম্বী লোকসকলে পালন কৰা প্রধান উৎসৱৰ নাম কি?
উত্তৰ: বৰদিন (খ্ৰীষ্টমাছ)।
(ঘ) তোমালোকে পালন কৰা উৎসৱত কি কি সাজ-পাৰ পিন্ধা আৰু কি কি খোৱা?
উত্তৰ: উৎসৱত আমি নতুন-নতুন সাজ-পাৰ পিন্ধো। বিহুত পিঠা-পনা খাওঁ, ঈদত চেৰ আৰু পোলাও খাওঁ, বৰদিনত কেক খাওঁ।
২। ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।
উত্তৰ: ঈদ, দিওঁ-দিৱালী।
৩। খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।
উত্তৰ: ব’হাগ বিহু, মাঘ বিহু।
৪। বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা।
উত্তৰ: স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিক্ষক দিৱস, শিশু দিৱস, যোগ দিৱস।
৫। তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে পাঁচটা বাক্য লিখা।
উত্তৰ:
- মই বিহু উৎসৱ ভাল পাওঁ।
- এই উৎসৱ অসমৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় উৎসৱ।
- বিহুত মানুহে নতুন কাপোৰ পিন্ধে আৰু বিভিন্ন পৰম্পৰাগত খাদ্য তৈয়াৰ কৰে।
- বিহু নৃত্য আৰু গানত সকলোয়ে আনন্দ উপভোগ কৰে।
- এই উৎসৱত পৰিয়াল, বন্ধু-বান্ধৱ সকলো মিলি একেলগে আনন্দে সময় কটায়।
৬। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময়ৰ ভিতৰত গাব লাগে?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ৫২ ছেকেণ্ডৰ ভিতৰত গাব লাগে।
৭। শব্দ-শৃংখলাটোত থকা উৎসৱৰ নামবোৰ বাচি উলিয়াই বহীত লিখা।
উত্তৰ:তোমালোকে নিজেই চেষ্টা কৰিবা
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰঃ
১। "জোনবিল মেলা" ক'ত অনুষ্ঠিত হয়?
উত্তৰ: জোনবিল মেলা মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰত অনুষ্ঠিত হয়।
২। জোনবিল মেলাত কেনেধৰণৰ ব্যৱসায় কৰা হয়?
উত্তৰ: জোনবিল মেলাত টকা-পইচাৰ ব্যৱহাৰ নকৰি, বস্তুৰ বিনিময়ত বস্তু লেনদেন কৰা হয়। এই প্ৰথাটোক বিনিময় প্ৰথা বোলা হয়।
৩। জন্মোৎসৱ আৰু তিথি পালনৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰ: কোনো মহৎ ব্যক্তিৰ জন্মদিনক জন্মোৎসৱ আৰু মৃত্যুদিনক তিথি বুলি কোৱা হয়।
৪। শংকৰদেৱৰ জন্ম আৰু মৃত্যুৰ দিনটো কেনেদৰে পালন কৰা হয়?
উত্তৰ: শংকৰদেৱৰ জন্মদিনটো জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো তিথি হিচাপে পালন কৰা হয়।
৫। উৎসৱৰ জৰিয়তে সমাজত কি ধৰণৰ ভাব গঢ়ি উঠে?
উত্তৰ: উৎসৱৰ জৰিয়তে সমাজত মিলন, প্ৰীতি আৰু একতাৰ ভাব গঢ়ি উঠে।
৬। তোমালোকৰ বিদ্যালয়ত কোনবোৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়?
উত্তৰ: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
৭। পহেলা বৈশাখ কি উৎসৱ?
উত্তৰ: পহেলা বৈশাখ বঙালী নৱবৰ্ষৰ দিন, যি এটি সাংস্কৃতিক উৎসৱ।